ETV Bharat / bharat

কোভিড-19 সন্দৰ্ভত দেশৰ শেহতীয়া তথ্য

author img

By

Published : Feb 12, 2021, 12:54 PM IST

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰাণালয়ে জাৰি কৰা এক তথ্য অনুসৰি বৃহস্পতিবাৰৰ দিনটোত সমগ্ৰ দেশৰ ভিতৰত ক’ভিড-19ত আক্ৰান্ত হৈছে 9,309 জন লোক ৷ মহামাৰীত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 10,000ৰ তললৈ হ্ৰাস পাই মুঠ আক্ৰান্তৰ সংখ্যা হৈছে 1,08,80,603 জন ৷

কোভিড-19 সন্দৰ্ভত দেশৰ শেহতীয়া তথ্য
কোভিড-19 সন্দৰ্ভত দেশৰ শেহতীয়া তথ্য

নেশ্যনেল ডেস্ক,12 ফেব্ৰুৱাৰী: শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰাণালয়ে জাৰি কৰা এক তথ্য অনুসৰি দেশত দৈনিক ক’ৰণা মহামাৰীত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 10,000ৰ তললৈ হ্ৰাস পাই মুঠ আক্ৰান্তৰ সংখ্যা হৈছে 1,08,80,603 জন ৷ সম্প্ৰতি সুস্থিৰ পৰিৱেশলৈ ঘুৰি আহিছে ভাৰত ৷ কিয়নো বৃহস্পতিবাৰৰ দিনটোত সমগ্ৰ দেশৰ ভিতৰত আক্ৰান্ত হৈছে 9,309 জন লোক ৷

আনহাতে 78 জন লোকৰ মৃৃত্যুৰে মৃতকৰ সংখ্যা হৈছে 1,55,447 জন ৷ সমান্তৰালভাৱে আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 1,05,89,230 জনলৈ বৃদ্ধি পোৱাৰ লগে লগে আৰোগ্য লাভৰ হাৰ হৈছে গৈ 97.32 শতাংশ আৰু মৃত্যুৰ হাৰ হৈছে গৈ 1.43 শতাংশ ৷ বৰ্তমানেও সমগ্ৰ দেশতে 1,35,926 জন লোক চিকিৎসাধীন হৈ আছে ৷

শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰাণালয়ে জাৰি কৰা এক তথ্য অনুসৰি, ভাৰতৰ COVID-19 ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৭ আগষ্টত ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ আৰু ১৬ ছেপ্টেম্বৰত ৫০ লাখৰ ঘৰ অতিক্ৰম কৰিছিল । আনকি ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ অতিক্ৰম কৰিছিল আৰু ১৯ ডিচেম্বৰত এক কোটি অতিক্ৰম কৰিছিল COVID-19 ত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই ৷

আনহাতে, ICMR(Indian Council of Medical Research)ৰ তথ্য অনুসৰি, বৃহস্পতিবাৰে 7,65,944 টা COVID-19ৰ নমুনা পৰীক্ষা কৰা হৈছে আৰু 11 ফেব্ৰুৱাৰীলৈকে সম্পন্ন হৈছে 20,47,89,784 টা নমুনাৰ পৰীক্ষা ।

লগতে পঢ়ক:দিল্লীত 15 হাজাৰতকৈ অধিক স্বাস্থ্যকৰ্মীক প্ৰদান কৰ’ণা প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.