নিউজ ডেস্ক, ১০ ফেব্ৰুৱাৰী: দেশত এতিয়াও অব্যাহত আছে কৰ’ণাৰ সংহাৰ । বুধবাৰে পুৱা ৮ বজাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰনালয়ে জাৰি কৰা এক তথ্য অনুসৰি, ক’ৰনা মহামাৰীত ১১,০৬৭ টা নতুনকৈ আক্ৰান্ত হোৱাত মুঠ আক্ৰান্তৰ সংখ্যা ১,০৮,৫৮,৩৭১ জনলৈ বৃদ্ধি পায় । আনহাতে ৯৪ জনৰ মৃত্যু হোৱাত ১,৫৫,২৫২ জনলৈ বৃদ্ধি পাইছে নিহতৰ সংখ্যা ।
প্ৰাপ্ত তথ্য অনুসৰি, ৰাষ্ট্ৰীয় COVID-১৯ পুনৰুদ্ধাৰৰ হাৰ ৯৭.২৭ শতাংশলৈ বৃদ্ধি পাইছে আৰু COVID-১৯ ত ফলত মৃত্যুৰ হাৰ ১.৪৩ শতাংশৰ ঘৰ অতিক্ৰম কৰিছে । বৰ্তমান COVID-১৯ ত আক্ৰন্তৰ সংখ্যা ২ লাখৰ তলত আছে । লগতে সক্ৰিয়ৰ ঘটনা ১,৪১,৫১১ হোৱাত সক্ৰিয়ৰ হাৰ ১.৩০ শতাংশ হয়গৈ ।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰনালয়ে জাৰি কৰা এক তথ্য অনুসৰি, ভাৰতৰ COVID-১৯ ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৭ আগষ্টত ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ আৰু ১৬ ছেপ্টেম্বৰত ৫০ লাখৰ ঘৰ অতিক্ৰম কৰিছিল । আনকি ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ অতিক্ৰম কৰিছিল আৰু ১৯ ডিচেম্বৰত এক কোটি অতিক্ৰম কৰিছিল COVID-১৯ ত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই ।
আই চি এম আৰৰ তথ্য অনুসৰি, মংগলবাৰে ৭,৩৬,৯০৩ টা COVID-১৯ ৰ নমুনা পৰীক্ষা কৰা হৈছে আৰু ৯ ফেব্ৰুৱাৰীলৈকে সম্পন্ন হৈছে ২০,৩৩,২৪,৬৫৫ টা নমুনাৰ পৰীক্ষা ।
লগতে পঢ়ক: দীপ সিন্ধুৰ বান্ধৱীয়ে ফেচবুকত আপলোড কৰিছিল ভিডিঅ'