ETV Bharat / bharat

COVID-১৯: ভাৰতত ৮৬ লাখ স্পৰ্শ কৰিলে আক্ৰান্তৰ সংখ্যাই

author img

By

Published : Nov 11, 2020, 12:11 PM IST

ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যা বুধবাৰে ৮৬, ৩৬,০১১ জনলৈ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত কৰ'ণা আক্ৰান্তৰ ৪৪,২৮১টা নতুন ঘটনা আৰু ৫১০ জন ৰোগীৰ মৃত্যুৰ তথ্য পঞ্জীয়ন কৰা হৈছে।

COVID-১৯: ভাৰতত ৮৬ লাখ স্পৰ্শ কৰিলে আক্ৰান্তৰ সংখ্যাই
COVID-১৯: ভাৰতত ৮৬ লাখ স্পৰ্শ কৰিলে আক্ৰান্তৰ সংখ্যাই

নেশ্যনেল ডেস্ক, ১১ নৱেম্বৰ: কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত এতিয়ালৈকে ৮৬, ৩৬,০১১ গৰাকী লোক মহামাৰীৰ কবলত পৰিছে আৰু ১,২৭,৫৭১ জন ৰোগীয়ে প্ৰাণ হেৰুৱাইছে। আনহাতে, সুস্থ হৈ উঠিছে ৮০,১৩,৭৮৩ জন লোক। বিগত ২৪ ঘণ্টাত ৪৪,২৮১ জন লোক নতুনকৈ মহামাৰীত আক্ৰান্ত হৈছে আৰু ৫১০ জনে মৃত্যুক আঁকোৱালি লৈছে। সক্ৰিয় ঘটনাৰ সংখ্যা ৫ লাখতকৈ হ্ৰাস পাইছে। বৰ্তমান কৰ'ণা আক্ৰান্তৰ ৪,৯৪,৬৫৭ টা ঘটনা সক্ৰিয় হৈ আছে আৰু এই পৰিসংখ্যাৰে দেশত সক্ৰিয় ঘটনাৰ হাৰ ৫.৭৩ শতাংশ হৈছেগৈ।

৮০,১৩,৭৮৩ গৰাকীসহ মুঠ আৰোগ্যৰ হাৰ ৯২.৭৯ শতাংশ আৰু COVID-১৯ত আক্ৰান্তৰ মৃত্যুৰ হাৰ ১.৪৮ শতাংশ। যোৱা ৭ আগষ্টত দেশত মুঠ আক্ৰান্তৰ হাৰ ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ আৰু ৫ ছেপ্টেম্বৰত ৫ লাখ আছিল। ছেপ্টেম্বৰ মাহৰ ১৬ তাৰিখলৈকে ৫০ লাখ লোক মহামাৰীত আক্ৰান্ত হয়। ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ আৰু ২৯ অক্টোবৰত আক্ৰান্তৰ সংখ্যা ৮০ লাখলৈ বৃদ্ধি পায়। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ মতে মঙলবাৰে কৰা ১১,৫৩,২৯৪ জন লোকৰ নমুনাসহ এতিয়ালৈকে ১২,০৭,৬৯,১৫১ জনৰ নমুনা পৰীক্ষা কৰা হৈছে।

লগতে পঢ়ক:পূৱ-লাডাখত উত্তেজনা শাম কটাক লৈ আশাবাদী সেনা প্ৰধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.