নেশ্যনেল ডেস্ক, 27 মাৰ্চ : ভ্ৰমণপিপাসু লোকসকলৰ বাবে আছে এটি ভাল খবৰ ৷ যদিহে আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে এইবছৰতে বিদেশলৈ ফুৰিবলৈ যোৱাৰ কথা ভাবিছে, তেন্তে পলম কৰাৰ কোনো প্ৰয়োজন নাই ৷ শীঘ্ৰেই বাস্তৱ ৰূপ দিয়ক আপোনাৰ পৰিকল্পনাক ৷ কিয়নো ভাৰতে নিয়মিত ৰূপত দেওবাৰৰে পৰা পুনৰ আৰম্ভ কৰিবলৈ লৈছে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা (Regular international flights start from today) ৷
কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ বাবে বিগত দুবছৰে বন্ধ হৈ আছিল এই সেৱা ৷ অৱশেষত 27 মাৰ্চৰে পৰা কাৰ্যকৰী হোৱাকৈ নিয়মিত ৰূপত এই সেৱা পুনৰ আৰম্ভ কৰা বুলি ভাৰতৰ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এক নিৰ্দেশনাযোগে সদৰী কৰে (India to resume regular international flights) ৷ গ্ৰীষ্মকালীন অনুসূচী অনুসৰি এই নিৰ্দেশনা চলিত বছৰৰ 29 অক্টোবৰলৈকে কাৰ্যকৰী কৰা হ'ব ৷ এই সেৱাই সামৰি ল’ব মৰিচাছ, মালয়েছিয়া, থাইলেণ্ড, তুৰস্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইৰাককে ধৰি 40 খন দেশক ৷ প্ৰায় 60 খন বিমানে নিৰন্তৰভাৱে সেৱা আগবঢ়াবলৈ দেওবাৰৰে পৰা সাজু হৈ উঠিছে ৷
চলিত বছৰত ভাৰতৰ সৈতে বৈমানিক ক্ষেত্ৰত সেৱা আগবঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ইণ্ডিয়া ছালাম এয়াৰ, এয়াৰ আৰৱ আবুধাবি, কণ্টাছ আৰু আমেৰিকান এয়াৰলাইনৰ দৰে বিশ্বৰ আগশাৰীৰ এয়াৰলাইনছ কোম্পানীসমূহ ৷ উল্লেখ্য যে, ভাৰতে 2020 চনৰ পৰাই কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাসমূহ বন্ধ ৰাখিছিল ৷
লগতে চাওক: Petrol Price Hike: পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ সৰ্বসাধাৰণৰ