আগৰতলা,২৪ ছেপ্টেম্বৰ : ত্ৰিপুৰাৰ ধলাই জিলাত থকা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ এক গুৰুত্বপূৰ্ণ ৰায়দান । শহুৰেকক হত্যা আৰু পত্নীক আক্ৰমণৰ সৈতে জড়িত এজন লোকক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰে আদালতে (Court awarded man of life imprisonment in Tripura)। আৰক্ষীৰ বিবৃতি অনুসৰি সুভাষ নগৰৰ ৰঙ্গুনা ৰিয়াং নামৰ অভিযুক্তজনৰ বিৰুদ্ধে কেইবাটাও ধাৰাৰ অধীনত আদালতে এই শাস্তি ঘোষণা কৰে ।
আইপিচিৰ ধাৰা ৩০২ৰ অধীনত দণ্ডনীয় অপৰাধৰ বাবে কঠোৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হয় দোষীক (Life imprisonment for killing his father in law)। আনহাতে ১০ হাজাৰ টকাৰ জৰিমনা লগতে ৬ মাহৰ বাবে কঠোৰ কাৰাবাসৰ ঘোষণা কৰে লোকজনৰ বিৰুদ্ধে । আদালতে আইপিচিৰ ধাৰা ৪৪৮ ৰ অধীনত দণ্ডনীয় অপৰাধৰ বাবে এবছৰৰ সশ্ৰম কাৰাদণ্ডৰো নিৰ্দেশ দিয়ে আদালতে । অভিযুক্তক আইপিচিৰ ৩২৩ ধাৰাৰ অধীনত দণ্ডনীয় অপৰাধৰ বাবে ১ বছৰৰ কঠোৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে ।
যি অপৰাধৰ বাবে লোকজনৰ বিৰুদ্ধে এই শাস্তি ঘোষণা কৰা হৈছে সেইটো সংঘটিত হৈছিল ২০১০ চনৰ ৪ নৱেম্বৰত । নিশা প্ৰায় ১০ মান বজাত অভিযুক্ত ৰঙ্গুনা ৰিয়াঙে প্ৰথমে তেওঁৰ পত্নীক আক্ৰমণ কৰিছিল । কন্যাৰ চিঞৰ শুনি পিতৃ অৰ্থাৎ অভিযুক্তৰ শহুৰেক ৰাজকুমাৰ ৰিয়াঙে জীয়েকক বচাবলৈ আহিছিল । সেই সময়ত অভিযুক্তই তেওঁৰ শহুৰেকক কুঠাৰেৰে আক্ৰমণ কৰিছিল । ফলস্বৰূপে, ৰাজকুমাৰ ৰিয়াঙৰ (অভিযুক্তৰ শহুৰেক) ঘটনাস্থলীত মৃত্যু হয় ।
এই সমগ্ৰ ঘটনা পুংখানুপুংখভাৱে তদন্ত কৰিছিল সেই সময়ৰ ৰাইচিয়াবাৰী আৰক্ষী থানাৰ এছআই পৌষধন ৰূপিনীয়ে । তেওঁ অভিযোগনামা দাখিল কৰিছিল আৰু পৰৱৰ্তী সময়ত ৰঙ্গুনা ৰিয়াং দোষী সাব্যস্ত হৈছিল ।
লগতে পঢ়ক :বোকাখাতত গৰুৰ চোৰাং বেহা: দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী বিজেপি যুৱ মৰ্চাৰ