ETV Bharat / bharat

পিএছএলভি-চি51 অভিযানৰ কাউণ্ট ডাউন আৰম্ভ

author img

By

Published : Feb 27, 2021, 2:08 PM IST

28 ফেব্ৰুৱাৰীত 1024 ঘন্টাত উৎক্ষেপণৰ বাবে সাজু হৈছে পিএছএলভি-চি51/আমাজনিয়া-1 ৷ শনিবাৰে অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা পিএছএলভি-চি51/আমাজনিয়া-1 অভিযানৰ কাউণ্ট ডাউন আৰম্ভ ৷

Countdown begins for PSLV-C51/Amazonia-1 mission

নেচনেল ডেস্ক, 27 ফেব্ৰুৱাৰী: শনিবাৰে অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা পিএছএলভি-চি51/আমাজনিয়া-1 অভিযানৰ কাউণ্ট ডাউন আৰম্ভ হয় ৷ পিএছএলভি ৰ 53 তম অভিযান পিএছএলভি-চি51 ৰকেটে চেন্নাইৰ পৰা প্ৰায় 100 কিল’মিটাৰ দূৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বেংগালুৰুৰ মুখ্য কাৰ্যালয়ৰ পৰা ব্ৰাজিলৰ আমাজনীয়া-1 ক প্ৰাথমিক উপগ্ৰহ হিচাপে লগতে 18 টা সহ-যাত্ৰী উপগ্ৰহ (কো-পেচেঞ্জাৰ উপগ্ৰহ) উৎক্ষেপণ কৰিব ৷ বতৰৰ স্থিতি একেই থাকিলে 28 ফেব্ৰুৱাৰীৰ 1024 ঘণ্টাত এই উৎক্ষেপণটোৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছে ৷

উল্লেখ্য যে, এই কাউণ্ট ডাউন 0854 ঘণ্টাত আৰম্ভ হৈছিল ৷ পিএছএলভি-চি51/আমাজনিয়া-1 হৈছে ইছৰোৰ বাণিজ্যিক সহযোগী নিউ স্পেচ ইণ্ডিয়া লিমিটেড (এনএছআইএল) ৰ প্ৰথমটো উৎসৰ্গিত বাণিজ্যিক অভিযান ৷ এনএছআইএলে চিট্টল, ৰাইদচেয়াৰ আৰু স্পেচফ্লাইট আদিৰ বাণিজ্যিক ব্যৱস্থাৰ অধীনত এই অভিযান আৰম্ভ কৰিছে ৷ আমাজনিয়া-1 হৈছে ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ (আইএনপিই) অপ্টিকেল পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ ৷

  • Countdown for the launch of #PSLVC51/Amazonia-1 mission commenced today at 0854Hrs (IST) from Satish Dhawan Space Centre (SDSC) SHAR, Sriharikota.

    Launch is scheduled tomorrow at 1024 Hrs IST. pic.twitter.com/XRx3isDsGm

    — ISRO (@isro) February 27, 2021 " class="align-text-top noRightClick twitterSection" data="

Countdown for the launch of #PSLVC51/Amazonia-1 mission commenced today at 0854Hrs (IST) from Satish Dhawan Space Centre (SDSC) SHAR, Sriharikota.

Launch is scheduled tomorrow at 1024 Hrs IST. pic.twitter.com/XRx3isDsGm

— ISRO (@isro) February 27, 2021 ">

এক বিবৃতিত এইবুলি কোৱা হৈছে যে, এই উপগ্ৰহটোৱে আমাজন অঞ্চলত বন ধ্বংস নিৰীক্ষণ কৰাৰ লগতে ব্ৰাজিলৰ বিভিন্ন অঞ্চলত হোৱা বিবিধ কৃষিৰ বিশ্লেষণৰ বাবে ব্যৱহাৰকাৰীসকলক ৰিম'ট চেনছিং তথ্য প্ৰদান কৰিব আৰু ইয়াৰ জৰিয়তে বিদ্যমান গাঁথনিটো অধিক শক্তিশালী হৈ পৰিব ৷

লগতে পঢ়ক:পুনৰ সকলো পক্ষৰ দৃষ্টি নিৱদ্ধ হৈছে নেপালৰ ওপৰত

নেচনেল ডেস্ক, 27 ফেব্ৰুৱাৰী: শনিবাৰে অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা পিএছএলভি-চি51/আমাজনিয়া-1 অভিযানৰ কাউণ্ট ডাউন আৰম্ভ হয় ৷ পিএছএলভি ৰ 53 তম অভিযান পিএছএলভি-চি51 ৰকেটে চেন্নাইৰ পৰা প্ৰায় 100 কিল’মিটাৰ দূৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বেংগালুৰুৰ মুখ্য কাৰ্যালয়ৰ পৰা ব্ৰাজিলৰ আমাজনীয়া-1 ক প্ৰাথমিক উপগ্ৰহ হিচাপে লগতে 18 টা সহ-যাত্ৰী উপগ্ৰহ (কো-পেচেঞ্জাৰ উপগ্ৰহ) উৎক্ষেপণ কৰিব ৷ বতৰৰ স্থিতি একেই থাকিলে 28 ফেব্ৰুৱাৰীৰ 1024 ঘণ্টাত এই উৎক্ষেপণটোৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছে ৷

উল্লেখ্য যে, এই কাউণ্ট ডাউন 0854 ঘণ্টাত আৰম্ভ হৈছিল ৷ পিএছএলভি-চি51/আমাজনিয়া-1 হৈছে ইছৰোৰ বাণিজ্যিক সহযোগী নিউ স্পেচ ইণ্ডিয়া লিমিটেড (এনএছআইএল) ৰ প্ৰথমটো উৎসৰ্গিত বাণিজ্যিক অভিযান ৷ এনএছআইএলে চিট্টল, ৰাইদচেয়াৰ আৰু স্পেচফ্লাইট আদিৰ বাণিজ্যিক ব্যৱস্থাৰ অধীনত এই অভিযান আৰম্ভ কৰিছে ৷ আমাজনিয়া-1 হৈছে ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ (আইএনপিই) অপ্টিকেল পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ ৷

  • Countdown for the launch of #PSLVC51/Amazonia-1 mission commenced today at 0854Hrs (IST) from Satish Dhawan Space Centre (SDSC) SHAR, Sriharikota.

    Launch is scheduled tomorrow at 1024 Hrs IST. pic.twitter.com/XRx3isDsGm

    — ISRO (@isro) February 27, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

এক বিবৃতিত এইবুলি কোৱা হৈছে যে, এই উপগ্ৰহটোৱে আমাজন অঞ্চলত বন ধ্বংস নিৰীক্ষণ কৰাৰ লগতে ব্ৰাজিলৰ বিভিন্ন অঞ্চলত হোৱা বিবিধ কৃষিৰ বিশ্লেষণৰ বাবে ব্যৱহাৰকাৰীসকলক ৰিম'ট চেনছিং তথ্য প্ৰদান কৰিব আৰু ইয়াৰ জৰিয়তে বিদ্যমান গাঁথনিটো অধিক শক্তিশালী হৈ পৰিব ৷

লগতে পঢ়ক:পুনৰ সকলো পক্ষৰ দৃষ্টি নিৱদ্ধ হৈছে নেপালৰ ওপৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.