ETV Bharat / bharat

পুত্ৰৰ অভিযোগ:জীৱিত পিতৃক দুৱাৰকৈ মৃত ঘোষণা কৰিলে হাস্পতালে - পুত্ৰৰ অভিযোগ জীৱিত পিতৃক দুৱাৰকৈ মৃত ঘোষণা কৰিলে হাস্পতালে

মধ্য প্ৰদেশৰ অটল বিহাৰী বাজপেয়ী চিকিৎসা মহাবিদ্যালয়ৰ আজৱ কাণ্ড । কৰণাত আক্ৰান্ত এগৰাকী ৰোগী জীয়াই থকাৰ পিছতো দুৱাৰকৈ মৃত ঘোষণা কৰে হাস্পতালখনে । ঘটনাৰ পিছতে তীব্ৰ চাঞ্চল্য সমগ্ৰ অঞ্চলটোত ।

পুত্ৰৰ অভিযোগ জীৱিত পিতৃক দুৱাৰকৈ মৃত ঘোষণা কৰিলে হাস্পতালে

author img

By

Published : Apr 16, 2021, 10:29 AM IST

নেশ্যনেল ডেস্ক,১৫ এপ্ৰিল: মধ্য প্ৰদেশৰ বিদিশাত আজৱ কাণ্ড । জীৱিত এগৰাকী ক'ভিড আক্ৰান্ত ৰোগীক দুবাৰকৈ মৃত ঘোষণা কৰে হাস্পতালে । আন লোকৰ মৃতদেহ হস্তান্তৰ কৰাৰ পিছতে স্তম্ভিত হৈ পৰে ব্যক্তিগৰাকীৰ পৰিয়াল । ব্যক্তিগৰাকী হৈছে চুলতানিয়াৰ বাসিন্দা গোৰেলাল কাউৰী । হাস্পতাল কৰ্তৃপক্ষৰ চৰম দায়িত্বহীনতাৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ গোৰেলালৰ পৰিয়ালৰ ।

পুত্ৰৰ অভিযোগ জীৱিত পিতৃক দুৱাৰকৈ মৃত ঘোষণা কৰিলে হাস্পতালে

পৰিয়ালৰ মতে ক'ভিডৰ অৱস্থিতি ধৰা পৰা পিছতে গোৰেলালক চিকিৎসাৰ বাবে অটল বিহাৰী বাজপেয়ী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল । প্ৰথম দিনা নিশা তেওঁৰ স্বাস্থ্য সংকটজনক বুলি ঘোষণা কৰা হৈছিল । পিছত ১৩ এপ্ৰিলত তেওঁক মৃত ঘোষণা কৰা হয় । অৱশ্যে,আত্মীয়ই চিকিৎসালয়ত উপস্থিত হোৱাৰ সময়ত তেওঁলোকক কোৱা হৈছিল যে ৰোগীয়ে এতিয়াও উশাহ লৈ আছে ।

১৪ এপ্ৰিলৰ পুৱা পৰিয়ালৰ লোকক চিকিৎসকে ফোন কৰি কৈছিল যে গোৰেলালৰ মৃত্যু হৈছে । অৱশ্যে, যেতিয়া মৃতকৰ পুত্ৰই পিতৃৰ মৃতদেহ চাবলৈ জোৰ দিছিল, গম পোৱা গৈছিল যে সেইটো আন কাৰোবাৰহে মৃতদেহ । চিকিৎসালয় কৰ্তৃপক্ষৰ অনুসন্ধানৰ পিছত, গম পোৱা গৈছিল যে গোৰেলাল এতিয়াও জীয়াই আছে, কিন্তু তেওঁৰ অৱস্থা সংকটজনক হোৱাৰ বাবে, তেওঁক আইচ'লেচন ৱাৰ্ডলৈ স্থানান্তৰ কৰা হৈছে ।

চিকিৎসা মহাবিদ্যালয়ৰ ডীন সুনীল নন্দেশ্বৰে কোৱা মতে কৰ'ণাৰ ৰোগ বৃদ্ধি হোৱাৰ বাবে যথেষ্ট বিভ্ৰান্তি হৈছে । প্ৰকৃততে, গোৰেলালক ভেণ্টিলেটৰত ৰখা হৈছিল, কিয়নো তেওঁ উশাহ ল'বলৈ তীব্ৰ সমস্যাৰ সন্মুখীন হৈছিল আৰু এটা সময়ত তেওঁৰ পাল্ছ বন্ধ হৈছিল, তেতিয়াই নাৰ্চে ভুলবশতঃ তেওঁক মৃত বুলি ঘোষণা কৰিছিল। লগে লগে, ওচৰৰ এজন চিকিৎসকে চিপিআৰ কৌশল ব্যৱহাৰ কৰি গোৰেলালক সচেতন কৰাৰ চেষ্টা কৰে ।

লগতে পঢ়ক: ৰাজস্থানত 16 এপ্ৰিলৰ পৰা সান্ধ্য আইন জাৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.