ETV Bharat / bharat

কৰ’ণাৰ ত্ৰাস: উত্তৰ প্ৰদেশত 31 মে’লৈকে বৃদ্ধি সান্ধ্য আইন - লক ডাউন

কৰ’ণা ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশত 31 মে’লৈকে বৃদ্ধি কৰা হৈছে আংশিক সান্ধ্য আইন ৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে শনিবাৰে আংশিক সান্ধ্য আইন বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে ৷

CORONA LOCKDOWN EXTENDED TILL 31 MAY IN UP
কৰ’ণাৰ ত্ৰাস: উত্তৰ প্ৰদেশত 31 মে’লৈকে বৃদ্ধি সান্ধ্য আইন
author img

By

Published : May 22, 2021, 10:24 PM IST

নিউজ ডেস্ক , 22 মে’ : সমগ্ৰ দেশৰ সমান্তৰালকৈ উত্তৰপ্ৰদেশতো অব্যাহত আছে কৰ’ণাৰ ত্ৰাস ৷ কৰ’ণা ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশত জাৰি কৰা আংশিক সান্ধ্য আইনৰ ফলত এই সংক্ৰমণ সামান্য ৰোধ হোৱা পৰিলক্ষিত হৈছে ৷

কৰ’ণাৰ সংক্ৰমণ ৰোধ হোৱাৰ প্ৰতি লক্ষ্য় ৰাখি ৰাজ্যখনত 31 মে’লৈকে বৃদ্ধি কৰা হৈছে আংশিক সান্ধ্য আইন ৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে শনিবাৰে আংশিক সান্ধ্য আইন বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে ৷ 31 মে’ৰ পুৱা সাত বজালৈকে এই আংশিক সান্ধ্য আইন প্ৰযোজ্য হৈ থাকিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে, কৰ’ণাৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ ৰোধৰ বাবে পূৰ্বৰ দৰে দেশজোৰা লক ডাউন ঘোষণা নকৰিলেও দেশৰ বিভিন্ন ৰাজ্যত লক ডাউন তথা বহু ৰাজ্যত সান্ধ্য আইন ঘোষণা কৰা হৈছে ৷ তদুপৰি কৰ’ণাৰ ভয়াৱহতাৰ পৰা জনগণক ৰক্ষা কৰাৰ নিমিত্তে কৰ’ণাৰ প্ৰতিষেধক প্ৰদানৰ অভিযানো দেশজুৰি অব্যাহত আছে ৷

লগতে পঢ়ক : কেন্দ্ৰলৈ 99,122 কোটি টকাৰ ধনৰাশি স্থানান্তৰৰ অনুমোদন ৰিজাৰ্ভ বেঙ্কৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.