ETV Bharat / bharat

জনপ্ৰিয়তা আৰু বিতৰ্কৰ মাজেৰে কাশ্মিৰী পণ্ডিতৰ প্ৰসংগৰে The Kashmir Files - কাশ্মিৰী পণ্ডিতৰ সংহাৰলীলা

জনপ্ৰিয়তা আৰু বিতৰ্কৰ মাজেৰে তীব্ৰ চৰ্চাত বিবেক অগ্নিহোত্ৰীৰ নৱতম ছবি 'দ্য কাশ্মীৰ ফাইল্ছ' (controversy around The Kashmir Files ) ৷ 1990 চনত কাশ্মীৰত কাশ্মিৰী পণ্ডিত সকলৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলোৱা নিৰ্যাতন দেখুওৱা হৈছে ছবিখনত ৷ জানো আহক কি কি বিতৰ্কৰ সৃষ্টি হৈছে 'দ্য কাশ্মীৰ ফাইল্ছ'ক লৈ ৷

controversy-around-the-kashmir-files
জনপ্ৰিয়তা আৰু বিতৰ্কৰ মাজেৰে কাশ্মিৰী পণ্ডিতৰ প্ৰসংগৰে 'দ্য কাশ্মীৰ ফাইল্ছ'
author img

By

Published : Mar 15, 2022, 4:50 PM IST

Updated : Mar 15, 2022, 9:47 PM IST

নিউজ ডেস্ক, 15 মাৰ্চ : যোৱা 11 মাৰ্চত মুক্তি লাভ কৰিছে দ্য কাশ্মীৰ ফাইল্ছ নামৰ ছবিখনে ৷ এই ছবিখনৰ মুক্তিৰ পিছতে এতিয়া দেশ জুৰি চৰ্চা চলিছে ৷ ছবিখনক লৈ যিমান প্ৰশংসা হৈছে সিমানেই বা তাতোকৈ অধিক বিতৰ্কও হোৱা দেখা গৈছে। বহু দৰ্শক তথা চলচিত্ৰ সমালোচকে মন্তব্য কৰিছে যে, এটা propaganda দৰ্শকৰ মাজলৈ এৰি দিবলৈ যত্ন কৰা হৈছে 'দ্য কাশ্মীৰ ফাইল্ছ'ৰ জৰিয়তে ৷ একে সময়তে কাশ্মিৰী পণ্ডিত সকলৰ ওপৰত চলা সংহাৰলীলা (exodus of Kashmiri pandits) আৰু নিৰ্যাতনৰ কথা বলিষ্ঠ ৰূপত দাঙি ধৰিবলৈ ছবিখন সক্ষম হোৱা বুলিও বহুজনে দাবী কৰিছে ৷

উত্তৰ প্ৰদেশ, ত্ৰিপুৰা, গোৱা, কৰ্ণাটক, মধ্য প্ৰদেশ, গুজৰাট আৰু হাৰিয়ানাৰ দৰে ৰাজ্যত ছবিখনক মনোৰঞ্জন কৰ পৰিশোধ কৰাৰ পৰা ৰেহাই দিয়াৰ সিদ্ধান্তও লৈছে ৰাজ্য চৰকাৰে (The Kashmir Files gets tax free status) । ইতিমধ্যে দেশৰ বহু কেইগৰাকী শীৰ্ষ ৰাজনৈতিক নেতাই ছবিখন উপভোগ কৰিছে ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো 'দ্য কাশ্মীৰ ফাইল্ছ' চোৱাৰ প্ৰতি প্ৰকাশ কৰিছে বিশেষ আগ্ৰহ ৷ উত্তৰ-প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও শেহতীয়াকৈ ছবিখন চাবলৈ দৰ্শকক উৎসাহিত কৰিবৰ বাবেই কৰ ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছিল ৷

এতিয়া ইমানবোৰ চৰ্চা হোৱাৰ পিছত সাধাৰণতেই ছবিখন নোচোৱা সকলৰ মাজতো প্ৰশ্নৰ সৃষ্টি হৈছে এই ছবিখনত নো আছে কি ? প্ৰকৃততে ছবিখনত আছে 1990 চনৰ 19 জানুৱাৰীৰ পৰা কাশ্মীৰত কাশ্মিৰী পণ্ডিত সকলৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলোৱা নিৰ্যাতন দেখুওৱা হৈছে ৷ স্বাধীনতাৰ দাবীত কাশ্মীৰী পণ্ডিতক ধৰ্ম সলনি, পলায়ন অথবা মৃত্যুবৰণ কৰাৰ দাবীৰে সন্ত্ৰাসবাদীয়ে চলোৱা সংহাৰ লীলাদেখুওৱা হৈছে ছবিখনত ৷

30 টা বছৰৰো আগৰ এই ঘটনা বলিউদে আজিকোপতি এনে ৰূপত দেখুওৱাবলৈ আজিলৈকে সক্ষম হোৱা নাই বুলিও এতিয়া চলিছে চৰ্চা ৷ অৱশ্যে, ইয়াৰ পূৰ্বেও 'শিকাৰা'ৰ দৰে ছবি বলিউদে নিৰ্মাণ কৰি উলিয়াইছে কিন্তু, শিকাৰাত কাশ্মিৰী পণ্ডিত সকলৰ সমস্যাক সবল ৰূপত প্ৰতিষ্ঠা কৰাৰ সলনি ৰোমান্টিকতাৰ পয়োভৰ ঘটিল বুলিহে মন্তব্য কৰিছিল বহু দৰ্শকে ৷

ইপিনে, বিবেক অগ্নিহোত্ৰীয়ে নিৰ্মাণ কৰি উলিওৱা 'দ্য কাশ্মীৰ ফাইল্ছ'ত অনুপম খেৰ, মিথুন চক্ৰৱৰ্তীৰ দৰে বলিষ্ঠ অভিনেতাই অভিনয় কৰিছে যদিও তথাকথিত কোনো তাৰকা শিল্পীয়ে অভিনয় নকৰাৰ বাবেই ছবিঘৰ সমূহত তুলনামূলকভাৱে ছবিখনে কমকৈ দৰ্শনী লাভ কৰা বুলিও সৃষ্টি হৈছে আন এক বিতৰ্ক ৷ আনকি, জনপ্ৰিয় টেলিভিছন শ্ব’ ' দ্য কপিল শৰ্মা শ্ব’ৰ দৰে অনুষ্ঠানত ছবিখনৰ প্ৰচাৰৰ বাবে অভিনেতাসকলক আমন্ত্ৰণ নকৰাকলৈয়ে সামাজিক মাধ্যমত সৰৱ হৈছে একাংশ ৷

পিছে বিতৰ্ক আৰু তুলনামূলকভাৱে কম দৰ্শনীৰ মাজতো ছবিখনতে ব্যাপক জনপ্ৰিয়তা আৰু ব্যৱসায়িক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ যি সময়ত বাহুবলীখ্যাত প্ৰভাশৰ 'ৰাধে শ্যাম' আৰু আলিয়া ভাট অভিনীত 'গাংগু বাই'য়ে অধিক দৰ্শনীৰ সৈতে দৰ্শকক ধৰিবলৈ সক্ষম হৈছে সেই একে সময়তে 'দ্য কাশ্মীৰ ফাইল্ছে' দৰ্শকৰ মৌখিক প্ৰচাৰৰ বলত নিজস্ব জনপ্ৰিয়তা অৰ্জন কৰিছে ৷

আনকি, দেশৰ বিভিন্ন প্ৰান্তৰ সত্য ঘটনাৰ আধাৰত এনে ধৰণৰ ছবি আৰু অধিক নিৰ্মাণ কৰাৰো দাবী উত্থাপন হৈছে সামাজিক মাধ্যমত ৷ অসমৰ সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰী সকলেও নব্বৈৰ দশকৰ সন্ত্ৰাস জৰ্জৰ অসমৰ পটভূমিত ছবি নিৰ্মাণ কৰিব লাগে বুলি সামাজিক মাধ্যমত ব্যাপক আলোচনা চলোৱা দেখা গৈছে ৷

লগতে পঢ়ক : The Kashmir Files: কাইলৈ সদলবলে "দ্য কাশ্মীৰ ফাইলছ" উপভোগ কৰিব মুখ্যমন্ত্ৰীয়ে

Last Updated : Mar 15, 2022, 9:47 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.