ETV Bharat / bharat

১৪ জানুৱাৰীৰ পৰা আৰম্ভ কংগ্ৰেছৰ ভাৰত ন্যায় যাত্ৰা - Congress

ভাৰত জোড়ো যাত্ৰাৰ সফলতাৰ পাছত অহা বছৰ কংগ্ৰেছে আৰম্ভ কৰিব ভাৰত ন্যায় যাত্ৰা (Bharat Nyay Yatra)। মণিপুৰৰ পৰা ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হ'ব এই যাত্ৰা । এই যাত্ৰাই সামৰি ল'ব দেশৰ ৯০ টা সংসদীয় সমষ্টিক ।

Bharat Nyay Yatra
১৪ জানুৱাৰীৰ পৰা আৰম্ভ কংগ্ৰেছৰ ভাৰত ন্যায় যাত্ৰা
author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 12:54 PM IST

নেশ্যনেল ডেস্ক,২৮ ডিচেম্বৰ : লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলে দেশজুৰি আৰম্ভ কৰিব 'ভাৰত ন্যায় যাত্ৰা' । এই যাত্ৰাৰ নেতৃত্ব দিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ অংশ হিচাপে পৰিগণিত এই যাত্ৰা অহা বছৰ ১৪ জানুৱাৰীৰ পৰা ২০ মাৰ্চলৈ চলিব । দেশৰ ৯০ টা সংসদীয় সমষ্টিৰ মাজেৰে যাব কংগ্ৰেছৰ এই যাত্ৰা ।

কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা' আছিল দেশৰ অৰ্থনৈতিক অসমতা, ৰাজনৈতিক কেন্দ্ৰীকৰণ আৰু সামাজিক মেৰুকৰণৰ বিৰুদ্ধে । আনহাতে 'ভাৰত ন্যায় যাত্ৰা'ৰ জৰিয়তে কংগ্ৰেছে ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক ন্যায় প্ৰদানৰ ওপৰত গুৰুত্ব দিব । এই যাত্ৰাত অন্তৰ্ভুক্ত হ'ব লগা ১৪ খন ৰাজ্যৰ ভিতৰত আছে মণিপুৰ, নাগালেণ্ড, অসম, মেঘালয়, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, ছত্তীশগড়, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ৰাজস্থান, গুজৰাট আৰু মহাৰাষ্ট্ৰ ।

সংবাদ মাধ্যমৰ সন্মুখত কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিঙে কয় যে ৰাহুল গান্ধীয়ে এক প্ৰকাৰৰ লোকসভা নিৰ্বাচনী প্ৰচাৰৰ নেতৃত্ব দিব । কংগ্ৰেছৰ প্ৰথমটো যাত্ৰাই যিধৰণে দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছিল একেদৰে এই যাত্ৰাইও অনুৰূপ প্ৰভাৱ পেলাব বুলিও তেওঁ আশাবাদী । ই এক বৃহৎ ৰাজহুৱা যোগাযোগৰ কাৰ্যসূচী হ'বলৈ গৈ আছে বুলিও উল্লেখ কৰে অসম আৰু মধ্য প্ৰদেশৰ দায়িত্বত থকা জীতেন্দ্ৰ সিঙে ।

দলৰ ভিতৰুৱা খবৰ অনুসৰি প্ৰথমতে মহাত্মা গান্ধীৰ জন্মস্থান গুজৰাটৰ পোৰবন্দৰত এই যাত্ৰা সমাপ্ত কৰাৰ পৰিকল্পনা কৰা হৈছিল কিন্তু পিচত সামৰণিৰ স্থান মুম্বাইলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয় ।

কংগ্ৰেছ নেতা বি এম সন্দীপ কুমাৰৰ মতে ভাৰত জোড়ো যাত্ৰাৰ লক্ষ্য আছিল বিৰোধী দলসমূহক একত্ৰিত কৰা । ইতিমধ্যে বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া' গঠন হৈছে । 'ভাৰত ন্যায় যাত্ৰা'ত বিৰোধী দলসমূহে সহযোগ কৰিব বুলি তেওঁ আশাবাদী । জানিব পৰা মতে এই যাত্ৰাই প্ৰায় ৬,২০০ কিলোমিটাৰ পথ সামৰি ল'ব । বেছিভাগ দূৰত্ব বাছৰ জৰিয়তে অতিক্ৰম কৰা হ'ব বুলিও জানিব পৰা গৈছে ।

কেইবাখনো বাহনৰ সৈতে এই যাত্ৰা কৰা হ'ব । ইয়াৰ মাজতে ৰাহুল গান্ধীৰ নেতৃত্বত পদযাত্ৰাৰ চমু প্ৰসাৰ হ'ব আৰু ভোটাৰসকলৰ সৈতে যোগাযোগ স্থাপনৰ বাবে কেইবাখনো ৰাজহুৱা সভা অনুষ্ঠিত হ'ব । মণিপুৰৰ ইম্ফলৰ পৰা দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেয়ে ১৪ জানুৱাৰীত এই যাত্ৰা মুকলি কৰিব বুলি জানিব পৰা গৈছে ।

শেহতীয়াকৈ দলটোৱে নিৰ্বাচনত পৰাজিত হোৱা ৩ খন হিন্দী ভাষী ৰাজ্যকো এই যাত্ৰাৰ অন্তৰ্ভুক্ত কৰা হৈছে । কংগ্ৰেছ নেতাসকলে আশা কৰিছে যে উত্তৰ প্ৰদেশত এই যাত্ৰাই দলটোক লাভান্বিত কৰিব । উত্তৰ প্ৰদেশত ৰাহুল গান্ধীয়ে প্ৰায় দুসপ্তাহ অতিবাহিত কৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :লোকসভা নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.