ETV Bharat / bharat

Vice President Election: যুটীয়া উমৈহতীয়া প্ৰাৰ্থী প্ৰদান কৰিবলৈ সাজু কংগ্ৰেছ

author img

By

Published : Jul 6, 2022, 6:28 PM IST

ভাৰতৰ নিৰ্বাচন আয়োগে দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মঙলবাৰে অধিসূচনা জাৰি কৰে (Election Commission of India issued notification for Vice-Presidential elections) । অধিসূচনা জাৰিৰ এদিন পিছত কংগ্ৰেছ দলে এতিয়া যুটীয়া উমৈহতীয়া প্ৰাৰ্থী প্ৰদান কৰিবলৈ সাজু হৈছে (Congress will give joint common candidate for Vice President) ।

congress
congress

নিউজ ডেস্ক, ৬ জুলাই : ভাৰতৰ নিৰ্বাচন আয়োগে দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মঙলবাৰে অধিসূচনা জাৰি কৰে (Election Commission of India issued notification for Vice-Presidential elections) । অধিসূচনা জাৰিৰ এদিন পিছত কংগ্ৰেছ দলে এতিয়া যুটীয়া উমৈহতীয়া প্ৰাৰ্থী প্ৰদান কৰিবলৈ সাজু হৈছে (Congress will give joint common candidate for Vice President) । সূত্ৰ অনুসৰি, এই সন্দৰ্ভত কংগ্ৰেছ দলৰ প্ৰথমখন বৈঠক ১০ জুলাইৰ পূৰ্বে অনুষ্ঠিত হ'ব ।

উল্লেখ্য, বৰ্তমান কংগ্ৰেছে প্ৰতিটো নিৰ্বাচনতে এক প্ৰকাৰ মুখথেকেছা খাবলগা হৈছে । শেহতীয়াভাৱে অনুষ্ঠিত বিধানসভা তথা লোকসভাৰ বিভিন্ন নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছৰ আসনৰ সংখ্যা সংকুচিত হৈ আহিছে । তেনে এক অস্বস্তিকৰ পৰিস্থিতিৰ মাজতে আটাইতকৈ ডাঙৰ অস্তিত্বৰ সংকটৰ সন্মুখীন হোৱা দলটোৱে জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খাৰ্গেক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে যুটীয়া উমৈহতীয়া প্ৰাৰ্থী প্ৰদান কৰাৰ দায়িত্ব প্ৰদান কৰিছে (Mallikarjun Kharge given responsibility for joint common candidate) ।

আনহাতে, এক সূত্ৰত প্ৰকাশ পোৱা মতে, উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কংগ্ৰেছ দলৰ হ'ব নে আন কোনো বিৰোধী দলৰ হ'ব, সেই বিষয়ে দলটোৱে কোনো চিন্তা প্ৰকাশ কৰা নাই । "প্ৰাথমিকতা হৈছে সকলো বিৰোধী দলৰ মাজত এক সহমত গঢ়ি তোলা ।" সূত্ৰটোৱে এনেদৰে কয় ।

উল্লেখ্য, তৃণমূলৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে (TMC Supremo Mamata Banerjee) প্ৰথমতে যশৱন্ত সিনহাক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ যুটীয়া বিৰোধী প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব দিয়াৰ প্ৰস্তাৱ দিয়ে (Bengal Chief Minister proposed Yashwant Sinha as Presidential candidate) । তাৰ পিছত কংগ্ৰেছে টিআৰএছ (TRS), এছপি (SP), পিডিপি (PDP), এনচিপি (NCP) আৰু অন্যান্য আঞ্চলিক দলৰ সৈতে তেওঁলোকৰ সমৰ্থন প্ৰকাশ কৰে । আন এটা লক্ষণীয় কথা যে সংসদৰ দুয়োখন সদনতে বিজেপিৰ আধিপত্যই তেওঁলোকক অধিক দৃঢ় স্থিতি প্ৰদান কৰিছে (BJP dominating in both Houses of Parliament) । আনহাতে, কংগ্ৰেছ দল আৰু তেওঁলোকৰ মিত্ৰশক্তিৰ সংখ্যা প্ৰয়োজনীয় ভোটৰ সংখ্যাৰ বাহিৰত দেখা যায় ।

কিছু প্ৰতিবেদন অনুসৰি, শাসকীয় দলে মুখতাৰ আব্বাছ নকভি বা আৰিফ মহম্মদ খানক পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি হিচাপে প্ৰাৰ্থিত্ব প্ৰদান কৰিব পাৰে (Mukhtar Abbas Naqvi or Arif Mohammad Khan will Vice President candidate) । বিজেপিৰ এজন জ্যেষ্ঠ নেতা নাকভিও ৰাজ্যসভাৰ উপ-নেতা । উল্লেখ্য, বৃহস্পতিবাৰে ৰাজ্যসভাৰ সাংসদ হিচাপে তেওঁৰ কাৰ্যকাল সমাপ্ত হ'বলৈ আগবঢ়াৰ পূৰ্বেই নাকভিয়ে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে (Mukhtar Abbas Naqvi resigned from Modi Cabinet) ।

লগতে পঢ়ক :সমৰ্থন বিচাৰি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ দ্ৰৌপদী মুৰ্মুৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.