ETV Bharat / bharat

Congress slams Kejriwal : ইডিৰ চমন উপেক্ষা; কেজৰিৱালক সমালোচনা কংগ্ৰেছৰ - Congress slams Kejriwal on ED summons

শেহতীয়াভাৱে বিজেপিয়ে নিজৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলক লক্ষ্য কৰি কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰ কৰিছে । কিন্তু যদি আমাৰ নেতাসকলে সাহসেৰে ইডিৰ মুখামুখি হ'ব পাৰে, কেজৰিৱালেও তেনে কৰিব লাগিছিল । ইয়াৰ পৰিৱৰ্তে তেওঁ পলাই থকাৰ সিদ্ধান্ত লয় । এই অভিযোগ কংগ্ৰেছৰ ।

ইডিৰ চমন উপেক্ষা; কেজৰিৱালক সমালোচনা কংগ্ৰেছৰ
Congress slams Kejriwal
author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 7:15 PM IST

নিউজ ডেস্ক, ২ নৱেম্বৰ : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ইডিৰ চমন উপেক্ষা কৰাটোক কংগ্ৰেছে বৃহস্পতিবাৰে সমালোচনা কৰিছে । লগতে কয় যে আপৰ দুৰ্নীতিবিৰোধী চৰিত্ৰ উন্মোচিত হৈছে । উল্লেখ্য যে ইডিয়ে কেজৰিৱালক দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ অভিযোগত মাতি পঠিয়াইছিল । এই গোচৰত তেওঁৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়া আৰু ৰাজ্যসভাৰ সদস্য সঞ্জয় সিং ইতিমধ্যে কাৰাগাৰত আছে । আনহাতে, প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈনো আন এটা দুৰ্নীতিৰ গোচৰত কাৰাগাৰত আছে ।

"আমাৰ নেতা ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীকো ইডিৰ দ্বাৰা অভিযোগ কৰা এক গোচৰত মাতি পঠোৱা হৈছিল । কিন্তু তেওঁলোকে এই চমন এৰাই চলা নাছিল । তেওঁলোকে গৈ দিনজোৰা সোধাপোছাত সংস্থাটোৱে উত্থাপন কৰা সকলো প্ৰশ্নৰ উত্তৰ দিছিল । আমি জানো যে বিজেপিয়ে ইয়াৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলক লক্ষ্য কৰি ল'বলৈ কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰ কৰে । কিন্তু যদি আমাৰ নেতাসকলে সাহসেৰে ইডিৰ মুখামুখি হ'ব পাৰে, কেজৰিৱালেও তেনে কৰিব লাগিছিল । তাৰ পৰিৱৰ্তে তেওঁ পলাই যোৱাৰ সিদ্ধান্ত লয় ।" দিল্লী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জে পি আগৰৱালে ইটিভি ভাৰতৰ আগত কয় ।

দিল্লীৰ এগৰাকী প্ৰাক্তন সাংসদ আগৰৱালাৰ মতে, ২০১৩ চনত দিল্লীত দুৰ্নীতিবিৰোধী স্থিতি লৈ আপ ক্ষমতালৈ আহিছিল । কিন্তু এতিয়া তেওঁলোকৰ শীৰ্ষ নেতাসকলেই গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছে । "এয়া বিদ্ৰূপাত্মক । আপ উন্মোচিত হৈছে । তেওঁলোকে নতুন আৰু স্বচ্ছ ৰাজনীতিৰ প্ৰতিশ্ৰুতি দিছিল । তেওঁলোকে সৰল হৈ থাকিবলৈ আৰু ক্ষমতাৰ খঁকত নিমজ্জিত নহ'বলৈ লগতে দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল । দুৰ্ভাগ্যবশত তেওঁলোকে চৰকাৰী গাড়ী, চৰকাৰী বাসস্থান লৈছে আৰু দুৰ্নীতিত জড়িত হৈছে ।" আগৰৱালে কয় ।

প্ৰাক্তন সাংসদজনে লগতে কয় যে দিল্লীৰ সুৰা নীতিত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা কংগ্ৰেছেই আছিল প্ৰথম । যাৰ এতিয়া ইডি আৰু চিবিআইৰ দ্বাৰা তদন্ত কৰা হৈছে । "আমাৰ দিল্লী গোটে প্ৰথমে সুৰা নীতি কেলেংকাৰীটো উন্মোচন কৰিছিল, য'ত মনীষ ছিছোডিয়া আৰু সঞ্জয় সিঙ কাৰাগাৰত আছে । কেজৰিৱাল পৰৱৰ্তী হ'ব পাৰে আৰু সেয়েহে চমন পৰিহাৰ কৰি আছে । মুখ্যমন্ত্ৰীয়ে তেওঁৰ চৰকাৰী বাসভৱনৰ ৪৫ কোটি টকাৰ নৱীকৰণৰ তদন্তৰ সন্মুখীন হৈছে ।" আগৰৱালে কয় ।

আনহাতে, কংগ্ৰেছে কেজৰিৱালৰ এই দাবীকো খাৰিজ কৰিছে যে ইডিয়ে তেওঁক ছত্তীশগড় আৰু মধ্যপ্ৰদেশত তেওঁৰ নিৰ্বাচনী প্ৰচাৰ ব্যাহত কৰিবলৈ মাতিছিল । "চাওক, এইটো এটা পৃথক সমস্যা । যিকোনো লোকে এখন ৰাজ্যত গৈ প্ৰচাৰ চলাব পাৰে ।" আগৰৱালে কয় । অৱশ্যে পলমকৈ হ'লেও ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ নিৰ্বাচনত আপৰ প্ৰৱেশক লৈ কংগ্ৰেছ কিছু পৰিমাণে অস্বস্তিত পৰিছে । দেশৰ সবাতোকৈ পুৰণি দলটোৱে দাবী কৰিছে যে তেওঁলোক বিজেপিৰ সৈতে পোনপটীয়া যুঁজত আছে ।

উল্লেখ্য যে কংগ্ৰেছ আৰু আপ দুয়োৱে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ অংশ । কংগ্ৰেছৰ কিন্তু দিল্লী, পঞ্জাব আৰু গুজৰাট গোটে কেজৰিৱালৰ দলৰ সৈতে কোনো চুক্তি কৰাৰ বিৰোধিতা কৰি আহিছে । "চাওক, মিত্ৰতাৰ অৰ্থ একত্ৰীকৰণ নহয় । আমি এই ৰাজ্যসমূহত শক্তিশালী আৰু শাসনাধিষ্ঠিত আপ আৰু বিজেপিৰ বিৰুদ্ধে মাত মাতি থাকিম । ২০২৪ চনৰ মিত্ৰতাৰ ক্ষেত্ৰত আমাৰ হাইকমাণ্ডে সিদ্ধান্ত ল'ব ।" আগৰৱালে কয় ।

"কংগ্ৰেছ হৈছে দিল্লীত বিৰোধী দল । কংগ্ৰেছে ৰাজ্যখনৰ আপ চৰকাৰ আৰু বিজেপি নেতৃত্বাধীন কেন্দ্ৰ দুয়োৰে নীতিৰ বিৰুদ্ধে মাত মাতি থাকিব । যোৱা সপ্তাহত আমি দিল্লীৰ বিভিন্ন প্ৰান্তত আপ আৰু বিজেপি দুয়োকে লক্ষ্য কৰি ৰেলীৰ আয়োজন কৰি আহিছোঁ আৰু এই অভিযান অব্যাহত ৰাখিম । লগতে আমি দিল্লীৰ সাতখন লোকসভা আসনৰ বাবেও প্ৰস্তুতি চলাই আছোঁ ।" তেওঁ লগতে কয় ।

লগতে পঢ়ক :Himanta Biswa Sarma in Chhattisgarh : ৰাজনীতি পাহৰি আত্মীয়তা; ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ মুহূৰ্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.