ETV Bharat / bharat

DMK leader on Santana Dharma : সনাতন ধৰ্মক লৈ ডিএমকে নেতাৰ বিস্ফোৰক মন্তব্য, বিষয়টোক লৈ দূৰত্ব বজাই ৰাখিছে কংগ্ৰেছে - DMK leader Udhayanidhi Stalin controversy

ডিএমকে নেতা উধায়ানিধি ষ্টেলিনৰ বক্তব্যৰ সৈতে কংগ্ৰেছৰ কোনো সম্পৰ্ক নাই । কংগ্ৰেছে কাৰো ধৰ্মীয় অনুভূতিক আঘাত কৰা মন্তব্যক বিশ্বাস নকৰে । মহাৰাষ্ট্ৰ কংগ্ৰেছৰ সভাপতিৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

DMK leader on Santana Dharma
সনাতন ধৰ্মক লৈ ডিএমকে নেতাৰ বিস্ফোৰক মন্তব্য
author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 1:11 PM IST

নেশ্যনেল ডেস্ক,৩ ছেপ্টেম্বৰ : ডিএমকে নেতা তথা তামিলনাডুৰ কেবিনেট মন্ত্ৰী উধায়ানিধি ষ্টেলিনৰ এক বিস্ফোৰক মন্তব্যই দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছে । নেতাগৰাকীৰ সনাতন ধৰ্মক লৈ কৰা এক বিতৰ্কিত মন্তব্যক লৈ বিজেপি আক্ৰমণাত্মক হৈ পৰিছে । ডিএমকে দলৰ নেতাগৰাকীৰ এই মন্তব্যৰ বাবে বিজেপিৰ একাংশ নেতাই বিৰোধী মিত্ৰজোঁট 'INDIA'কো লক্ষ্য কৰি লৈছে । অৱশ্যে বিৰোধী মিত্ৰজোঁটৰ অন্যতম অংশ কংগ্ৰেছে এই ক্ষেত্ৰত কিছু দূৰত্ব বজাই ৰখা দেখা গৈছে । মহাৰাষ্ট্ৰ কংগ্ৰেছৰ সভাপতি নানা পাটোলে দেওবাৰে এই বিষয়ক লৈ কংগ্ৰেছৰ স্থিতি স্পষ্ট কৰে ।

উল্লেখ্য যে শনিবাৰে চেন্নাইত এখন সন্মিলনত ভাষণৰ সময়ত তামিলনাডু চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী উধায়ানিধিয়ে সনাতন ধৰ্মৰ বিৰুদ্ধে মন্তব্য কৰিছিল । তেওঁ কৈছিল যে, কিছুমান বিষয়ৰ বিৰোধিতা কৰিব নোৱাৰি সেইবোৰ বাতিলো কৰিব লাগে । তেওঁ কৈছিল যে আমি ডেংগু, মহ, মেলেৰিয়া বা কৰ'ণাৰ বিৰোধিতা কৰিব নোৱাৰো, আমি সেইবোৰ নিৰ্মূল কৰিব লাগিব । একেদৰে সনাতন (সনাতন ধৰ্ম) নিৰ্মূল কৰিব লাগিব । সনাতনৰ বিৰোধিতা কৰাৰ পৰিৱৰ্তে ইয়াক নিৰ্মূল কৰা উচিত বুলি তেওঁ ভাষণ প্ৰসংগত কৈছিল ।

ইয়াৰ পাছতে বিভিন্ন মহলত তেওঁৰ বিতৰ্কিত মন্তব্যটোক লৈ চৰ্চা আৰম্ভ হয় । দেওবাৰে এই বিষয়টোত বক্তব্য ৰাখি পাটোলে বি আৰ আম্বেদকাৰৰ 'সৰ্ব ধৰ্ম সম ভাব' (সকলো ধৰ্ম একে) মন্তব্যৰ আহ্বান জনাই কয় যে তেওঁলোকৰ স্থিতি স্পষ্ট । কংগ্ৰেছে কাৰো ধৰ্মীয় অনুভূতিক আঘাত কৰা কোনো মন্তব্য বা কথাত বিশ্বাস নকৰে । কংগ্ৰেছে আন কাৰোবাৰ মন্তব্যৰ দায়িত্ব ল'ব নোৱাৰে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ।

তাৎপৰ্যপূৰ্ণভাৱে, কংগ্ৰেছ আৰু ডিএমকে বিৰোধী মিত্ৰজোঁট 'INDIA'ৰ অংশীদাৰ । ডিএমকে নেতাগৰাকীৰ মন্তব্যক লৈ তীব্ৰ প্ৰত্যুত্তৰ দি বিজেপিৰ ৰাজ্যিক মুৰব্বী কে আন্নামালাই এক্সত পোষ্ট কৰি উধায়ানিধিৰ ওপৰত আক্ৰমণ কৰে । বিজেপিৰ তথ্য প্ৰযুক্তি কোষৰ মুৰব্বী অমিত মালব্যয়োও কয় যে ডিএমকে মন্ত্ৰীয়ে ভাৰতৰ জনসংখ্যাৰ ৮০ শতাংশ লোকৰ গণহত্যাৰ আহ্বান জনাইছে । মালব্যই কৈছে যে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ তথা ডিএমকে চৰকাৰৰ মন্ত্ৰী উধায়ানিধি ষ্টেলিনে সনাতন ধৰ্মক মেলেৰিয়া আৰু ডেংগুৰ সৈতে তুলনা কৰিছে ।

লগতে পঢ়ক :Rahul Gandhi slams BJP: কোটিপতিক লাভান্বিত কৰাৰ বাবে কাম কৰে বিজেপিয়ে; ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.