ETV Bharat / bharat

Amit Shah on Sengol : 'ছেংগোল'ক সংগ্ৰহালয়ত লাখুঁটিলৈ অৱনমিত কৰিছে কংগ্ৰেছে; অমিত শ্বাহ - Congress reduced Sengol to walking stick

'ছেংগোল'ৰ ঐতিহাসিক মূল্য আৰু ইয়াক নতুন সংসদ ভৱনত ৰাখিব লাগিবনে নালাগে তাকে লৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত চলি আছে তীব্ৰ বিবাদ (Sengol row between Congress and BJP) । তাৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে পৱিত্ৰ ৰাজদণ্ডডালক সংগ্ৰহালয়ত ৰাখি ইয়াৰ তাৎপৰ্য 'খোজকঢ়া লাখুঁটি'লৈ অৱনমিত কৰা বুলি দেশৰ সবাতোকৈ পুৰণি দলটোক আক্ৰমণ কৰে ।

Amit Shah on Sengol
Amit Shah on Sengol
author img

By

Published : May 26, 2023, 5:01 PM IST

নিউজ ডেস্ক, ২৬ মে' : ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে 'ছেংগোল'ক লৈ চলি থকা বিতৰ্কৰ (Controversy surrounding Sengol) মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছৰ বিৰুদ্ধে প্ৰকাশ কৰা প্ৰতিক্ৰিয়াই এই বিতৰ্কত নতুন মাত্ৰা প্ৰদান কৰিছে । অমিত শ্বাহে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছক তীব্ৰ আক্ৰমণেৰে কয় যে দলটোৱে ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিৰ প্ৰতি ঘৃণা ভাব পোষণ কৰে (Amit Shah slams congress on sengol) ।

কংগ্ৰেছৰ যোগাযোগ বিভাগৰ মুৰব্বী জয়ৰাম ৰমেশে টুইটাৰত প্ৰকাশ কৰা এক মন্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে অমিত শ্বাহে এই আক্ৰমণ কৰে । উল্লেখ্য, জয়ৰাম ৰমেশে প্ৰকাশ কৰিছিল যে মাউণ্টবেটেন, ৰাজাজী বা নেহৰুৱে 'ছেংগোল'ক ব্ৰিটিছ ঔপনিৱেশিক সাম্ৰাজ্যৰ পৰা ভাৰতলৈ ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে বৰ্ণনা কৰা ধাৰণাটোক সমৰ্থন কৰা তথ্য-প্ৰমাণৰ অভাৱ আছে (Sengol controversy between congress and BJP) ।

ইয়াৰ প্ৰত্যুত্তৰত টুইটাৰযোগে অমিত শ্বাহে কয়, "কংগ্ৰেছ দলে ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিক ইমান কিয় বেয়া পায় ? ভাৰতৰ স্বাধীনতাৰ প্ৰতীক হিচাপে তামিলনাডুৰ এটা পৱিত্ৰ মঠে পণ্ডিত নেহৰুক এই পৱিত্ৰ ছেংগোল প্ৰদান কৰিছিল । কিন্তু ইয়াক 'খোজকঢ়া লাখুঁটি'লৈ ইয়াৰ মৰ্যাদা অৱনমন কৰি এটা সংগ্ৰহালয়লৈ নিক্ষেপ কৰা হৈছিল (Congress reduced Sengol to walking stick) ।"

আনহাতে, কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ব্ৰিটিছৰ পৰা ভাৰতলৈ ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে ৰাজদণ্ড প্ৰদান কৰা বিষয়টো সম্পূৰ্ণৰূপে 'মনেসজা' কাহিনী বুলি খাৰিজ কৰাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "বৰ্তমান কংগ্ৰেছে আন এক লজ্জাজনক অপমান কৰিছে (Jairam Ramesh tweet on sengol) । থিৰুৱাডুথুৰাই আধিনাম হৈছে এক পৱিত্ৰ মঠ । এই মঠটোৱে নিজেই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত ছেংগোলৰ গুৰুত্বৰ বিষয়ে কৈছিল । কংগ্ৰেছে আধিনামৰ ইতিহাসক ভুৱা বুলি অভিহিত কৰিছে ! কংগ্ৰেছে তেওঁলোকৰ আচৰণৰ বিষয়ত চিন্তা কৰা উচিত ।"

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বাৰা নতুন সংসদ ভৱনৰ উদ্বোধন অনুষ্ঠান বৰ্জন কৰাৰ পদক্ষেপ সন্দৰ্ভতো কংগ্ৰেছ তথা অন্যান্য দলবোৰক তীব্ৰ আক্ৰমণ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই (JP Nadda hit back congress on sengol) । ইয়াৰ প্ৰত্যুত্তৰত তেওঁ কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে ৰাষ্ট্ৰৰো ওপৰত ৰাজনীতিক ৰখাৰ অভিযোগ উত্থাপন কৰে । তেওঁ টুইট কৰি কয়, "নতুন সংসদ ভৱনৰ উদ্বোধন বৰ্জন কৰা বেছিভাগ দলৰ কিহৰ লগত সংযোগ আছে ? উত্তৰটো একেবাৰে সৰল- তেওঁলোক হৈছে পৰিয়ালকেন্দ্ৰিক ৰাজনৈতিক দল । যাৰ এই ৰাজতান্ত্ৰিক পদ্ধতিবোৰ আমাৰ সংবিধানত থকা গণতান্ত্ৰিকতা আৰু গণতন্ত্ৰৰ নীতিৰ সৈতে পৃথক ।"

"ভাৰতৰ জনসাধাৰণে দেখিছে যে এই দলবোৰে কেনেকৈ ৰাজনীতিক ৰাষ্ট্ৰৰো ওপৰত ৰাখিছে । এই দলবোৰক তেওঁলোকৰ পক্ষপাতিত্বমূলক ৰাজনীতিৰ বাবে ৰাইজে আকৌ এবাৰ শাস্তি দিব !" নাড্ডাই লগতে কয় ।

ইয়াৰ পূৰ্বে জয়ৰাম ৰমেশে 'ছেংগোল' সন্দৰ্ভত টুইট কৰি কৈছিল যে তামিলনাডুত থকা তেওঁলোকৰ ৰাজনৈতিক উদ্দেশ্যৰ বাবেই প্ৰধানমন্ত্ৰী আৰু তেওঁৰ সাংগো-পাংগোসকলে এতিয়া ৰাজদণ্ড ব্যৱহাৰ কৰি আছে । এই ব্ৰিগেডটোৰ এইটোৱেই বিশেষত্ব যে তথ্যবোৰ তেওঁলোকৰ নিজৰ উদ্দেশ্যৰ সৈতে খাপ খোৱাকৈ সজাই-পৰাই লয় । তেওঁ লগতে বিজেপিক আক্ৰমণ কৰি কয় যে তেওঁলোক পুনৰবাৰ 'সৰ্বাধিক দাবী, নিম্নতম প্ৰমাণ'ৰ দ্বাৰা উন্মোচিত হৈছে ।

"মাউণ্টবেটেন, ৰাজাজী আৰু নেহৰুৱে এই ৰাজদণ্ডক ভাৰতলৈ ব্ৰিটিছ শাসন হস্তান্তৰৰ প্ৰতীক হিচাপে বৰ্ণনা কৰাৰ কোনো নথিভুক্ত প্ৰমাণ নাই ।" ৰমেশে তেওঁৰ টুইটোত লগতে কয় । তেওঁ এইটোও কয় যে ৰাজদণ্ডডাল পিছত এলাহাবাদ সংগ্ৰহালয়ত প্ৰদৰ্শনৰ বাবে ৰখা হৈছিল ।

লগতে পঢ়ক :New Parliament Building Inauguration Ceremony : দেওবাৰে নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান; কি কি কাৰ্যসূচী থাকিব ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.