ETV Bharat / bharat

Congress red flags EC's remote EVMs: দূৰৱৰ্তী ইভিএমক লৈ নিৰ্বাচন আয়োগক কংগ্ৰেছৰ প্ৰশ্ন - Remote EVM for domestic migrant voters

নিৰ্বাচন আয়োগে গ্ৰহণ কৰা দূৰৱৰ্তী ইভিএম ব্যৱহাৰৰ প্ৰস্তাৱকলৈ আপত্তি দৰ্শাইছে কংগ্ৰেছে ৷ দেশৰ প্ৰব্ৰজিত শ্ৰমিকৰ সুবিধাৰ বাবে অনাগত নিৰ্বাচন সমূহত দূৰৱৰ্তী ইভিএম ব্যৱহাৰৰ প্ৰস্তাৱ আগবঢ়াইছে নিৰ্বাচন আয়োগে ৷ কিন্তু ইয়াৰ বিশ্বাসযোগ্যতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে নিখিল কংগ্ৰেছে ৷

Congress red flags EC's remote EVMs
দূৰৱৰ্তী ইভিএমক লৈ নিৰ্বাচন আয়োগক কংগ্ৰেছৰ প্ৰশ্ন
author img

By

Published : Jan 12, 2023, 9:51 PM IST

নেশ্যনেল ডেস্ক, 12 জানুৱাৰী: দূৰৱৰ্তী ইভিএম (Remote EVM System) প্ৰণালী ব্যৱহাৰ সন্দৰ্ভত নিৰ্বাচন আয়োগে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কংগ্ৰেছৰ ৷ উল্লেখ্য যে, আগন্তুক নিৰ্বাচনত দেশৰ 30কোটি প্ৰব্ৰজিত শ্ৰমিকৰ সুবিধাৰ্থে দূৰৱৰ্তী ইভিএমৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ এই প্ৰস্তাৱ সন্দৰ্ভত 16জানুৱাৰীত নিৰ্বাচন আয়োগে(Election commission of India) বিভিন্ন দলৰ সৈতে আয়োজন কৰা বৈঠকত নিজৰ আপত্তি দৰ্শাব নিখিল কংগ্ৰেছে ৷

এই সন্দৰ্ভত বৃহস্পতিবাৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দ্বিগবিজয় সিঙে(Congress leader Digvijay Singh) কয় যে, ‘‘কংগ্ৰেছে ইভিএম ব্যৱহাৰৰ বিৰোধিতা নকৰে ৷ কিন্তু ভোটাৰৰ বিশ্বাস গঢ়ি তুলিবলৈ ইভিএম(Electronic voting machine) যন্ত্ৰৰ ব্যৱহাৰৰ স্বচ্ছতা নিশ্চিত কৰিব লাগিব ৷ লগতে কেনেকৈ দেশত 30কোটি প্ৰব্ৰজিত শ্ৰমিক থকাৰ তথ্য লাভ কৰিলে তাৰ উৎসও আমি জানিব বিচাৰোঁ ৷’’

আন এগৰাকী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সৰ্বোচ্চ ন্যায়ালয় জ্যেষ্ঠ অধিবক্তা বিবেক তানখাই((Congress leader Vivek Tankha) কয়, ‘‘নিৰ্বাচন আয়োগে 16 জানুৱাৰীত দলসমূহক পৰামৰ্শৰ বাবে মাতিছে । বিষয়টো সম্পৰ্কে আমাৰ কিছুমান প্ৰশ্ন আছে । নিৰ্বাচন আয়োগে যি প্ৰক্ৰিয়াৰ জড়িয়তে 20 কোটি বা 30 কোটি ভোটাৰক এই তালিকাত অন্তৰ্ভুক্ত কৰাৰ কথা কৈছে সেই সম্পৰ্কে জনসাধৰণ সবিশেষ জনাব লাগিব আৰু আশ্বস প্ৰদান কৰিব লাগিব(Remote EVM for domestic migrant voters) ৷’’

উল্লেখ্য যে, বিগত বৰ্ষতো উত্তৰ প্ৰদেশ আৰু গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছে ইভিএম ব্যৱহাৰক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছিল ৷ ইয়াৰ পূৰ্বে কংগ্ৰেছে নিৰ্বাচন আয়োগক ইভিএমৰ পৰিৱৰ্তে বেলট পেপাৰৰ(VVPAT) যোগেদি ভোট গ্ৰহণ অনুষ্ঠিত কৰিবলৈয়ো পৰামৰ্শ আগবঢ়াইছিল ৷ অৱশ্যে কংগ্ৰেছৰ সেই প্ৰস্তাৱ নাকচ কৰিছিল নিৰ্বাচন আয়োগে ৷

আনহাতে, বৰ্তমান যদি নিৰ্বাচন আয়োগে কংগ্ৰেছৰ আপত্তিক বিশ্লেষণ কৰি চোৱাৰ পৰিৱৰ্তে দূৰৱৰ্তী ইভিএম ব্যৱাহৰৰ সিদ্ধান্ত আগুৱাই লৈ যায় তেন্তে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সদৰি কৰিছে কংগ্ৰেছ নেতৃত্বই(Congress opposes remote EVM system) ৷

লগতে, দূৰৱৰ্তী ইভিএমৰ যোগেদি যদি ভোট গ্ৰহণ কৰা হয়, তেন্তে সেই ভোটৰ বিশ্বাস যোগ্যতাকলৈয়ো প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছে ৷ অৱশ্যে, 16 জানুৱাৰীত নিৰ্বাচন আয়োগৰ সৈতে অনুষ্ঠিত হ’ব লগীয়া সৰ্বদলীয় বৈঠকৰ অন্ততহে দূৰৱৰ্তী ইভিএমৰ প্ৰস্তাৱ কাৰ্যকৰী কৰা হ’ব নে নহয় সেয়া নিশ্চিত হ’ব ৷

লগতে পঢ়ক: PM Modi Security Breach : কৰ্ণাটকত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ত্ৰুটি, কনভয়ৰ সমীপত উপস্থিত যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.