ETV Bharat / bharat

Congress Raipur plenary : মল্লিকাৰ্জুন খাৰ্গেক কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ সদস্য মনোনীত কৰাৰ অনুমোদন

কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত জনসংযোগ বিষয়া জয়ৰাম ৰমেশে কয় যে, আগন্তুক দুদিনত ৩২ টা প্ৰচলিত দলীয় নিয়মৰ ভিতৰত ১৬ টা প্ৰস্তাৱিত সংশোধনী কাৰ্যকৰী কৰা হ'বনে নাই তাৰ ওপৰত কাৰ্যনিৰ্বাহক সমিতিয়ে সিদ্ধান্ত ল'ব (Congress Raipur plenary) ।

congress
congress
author img

By

Published : Feb 24, 2023, 7:52 PM IST

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী : কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত যোগাযোগ বিষয়া জয়ৰাম ৰমেশে (Congress communications incharge Jairam Ramesh) শুকুৰবাৰে কয় যে, কংগ্ৰেছৰ কৰ্ণধাৰ সমিতিয়ে (Congress Steering Committee) কংগ্ৰেছ কাৰ্যকৰী কমিটীৰ (Congress Working Committee, CWC) নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে সদস্য মনোনীত কৰাৰ ক্ষমতাৰে দলৰ সভাপতিক ক্ষমতা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে । "বৈঠকত উপস্থিত থকা ৪৫ জন সদস্যৰ ভিতৰত প্ৰায় সকলোৱে সৰ্বসন্মতিক্ৰমে দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক CWC-ৰ সদস্য মনোনীত কৰাৰ অনুমোদন দিবলৈ সন্মত হৈছে (Congress chief Kharge to nominate CWC members) ।" সংবাদ মাধ্যমক সম্বোধন কৰি ৰমেশে কয় ।

তেওঁ লগতে কয় যে, দলৰ ৩২ টা প্ৰচলিত দলীয় নীতি-নিয়মৰ ১৬ টা সংশোধনী কাৰ্যকৰী কৰা হ'বনে নাই সেই বিষয়ে আগন্তুক দুদিনৰ ভিতৰত পূৰ্ণাংগ অধিবেশনতে সিদ্ধান্ত লোৱা হ'ব । "আটাইতকৈ গুৰুত্বপূৰ্ণ সংশোধনীটো হৈছে কংগ্ৰেছ ৱৰ্কিং কমিটিত দলিত, জনজাতীয়, মহিলা আৰু যুৱসকলৰ প্ৰতিনিধিত্বৰ ওপৰত । এই পৰিৱৰ্তনবোৰ আহিব বুলি আমাৰ সম্পূৰ্ণ বিশ্বাস আছে ।" তেওঁ কয় ।

শুকুৰবাৰৰ পৰা ৰায়পুৰত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ পূৰ্ণাংগ অধিবেশনৰ (Congress Plenary session in Raipur) বিৱৰণ প্ৰকাশ কৰি ৰমেশে কয় যে, বিষয় সমিতিৰ বৈঠক দিনটোৰ শেষত আহ্বান কৰা হ'ব । য'ত দলটোৰ সন্মুখত উত্থাপন কৰা ছটা প্ৰস্তাৱ আলোচনা কৰা হ'ব আৰু পূৰ্ণাংগ সভাত পৰৱৰ্তী আলোচনাৰ বাবে আগবাঢ়ি যোৱা হ'ব । "শনিবাৰে পুৱা ১০.৩০ বজাত কংগ্ৰেছ সভাপতিয়ে উদ্বোধনী ভাষণ প্ৰদান কৰিব । তাৰ পিচত প্ৰাক্তন সভাপতি ছোনিয়া গান্ধীয়ে (Congress former president Sonia Gandhi) সমবেত লোকসকলক সম্বোধন কৰিব । ইয়াৰ পিছত দুপৰীয়া প্ৰায় 1 বজাত অনুষ্ঠানটোত তিনিটা প্ৰস্তাৱ উত্থাপন কৰা হ'ব : এটা ৰাজনৈতিক প্ৰস্তাৱ, এটা অৰ্থনৈতিক প্ৰস্তাৱ আৰু আনটো বৈদেশিক পৰিক্ৰমা সম্পৰ্কীয় প্ৰস্তাৱ’’ ।

ইফালে অনুষ্ঠানটো সম্বোধন কৰি খাৰ্গেয়ে (congress president Mallikarjun Kharge) কৰ্ণাটকৰ বেলাগাৱীত অনুষ্ঠিত ১৯২৪ চনৰ কংগ্ৰেছৰ পূৰ্ণাংগ অধিবেশনৰ কথা স্মৰণ কৰে, য'ত মহাত্মা গান্ধী ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয় । "এই সন্মিলনখন মোৰ গৃহৰাজ্য কৰ্ণাটকৰ বেলাগাভিত অনুষ্ঠিত হৈছিল (Indian National Congress Raipur plenary) । যদিও গান্ধীজী কেৱল এবাৰহে কংগ্ৰেছৰ সভাপতি আছিল, কম সময়ৰ ভিতৰতে তেওঁ কংগ্ৰেছক দৰিদ্ৰ, দুৰ্বল শ্ৰেণী, গাঁও আৰু যুৱসকলৰ সৈতে সংযুক্ত কৰি এক আন্দোলন তৈয়াৰ কৰিছিল । ১০০ বছৰৰ পিচত পুনৰ একেই সংকল্প আৰু আত্মবিশ্বাসৰ প্ৰয়োজন । এয়াই হ'ব তেওঁৰ প্ৰতি আমাৰ আটাইতকৈ ডাঙৰ শ্ৰদ্ধাঞ্জলি । '' তেওঁ লগতে কয় ।

লগতে সমগ্ৰ দেশৰ আধা ডজনতকৈও অধিক ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলীয় সংগঠনৰ সমন্বয়ৰ কামটো উল্লেখ কৰি কংগ্ৰেছ সভাপতিগৰাকীয়ে কয় যে, ই কোটি কোটি লোকলৈ ইতিবাচক সংকেত প্ৰেৰণ কৰিব । "এই কংগ্ৰেছ সন্মিলন বিধানসভা নিৰ্বাচন আৰু তাৰ পিচত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হৈছে । এইটো এটা ডাঙৰ প্ৰত্যাহ্বান । লগতে এটা ডাঙৰ সুযোগ, যিটো আমাৰ সন্মুখত আছে । ইয়াৰ পৰা আমাৰ অৰ্থপূৰ্ণ বাৰ্তা এক নতুন শক্তিৰে কোটি কোটি বন্ধুৰ ওচৰলৈ যাব । তেতিয়া কৰ্মীসকলে সেই বাৰ্তা প্ৰতিখন গাঁৱলৈ লৈ গৈ ৰাইজৰ বিশ্বাস অৰ্জন কৰিবলৈ সক্ষম হ'ব । আমি ইয়াত লোৱা সিদ্ধান্তবোৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে আমাৰ দলৰ ভৱিষ্যতৰ বাবে এক শক্তিশালী ভেটি হৈ পৰিব ।" তেওঁ কয় ।

লগতে পঢ়ক :PM Narendra Modi election campaign at Nagaland: উত্তৰ-পূবক ATM হিচাপে ব্যৱহাৰ কৰিছিল কংগ্ৰেছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.