ETV Bharat / bharat

Rahul Gandhi conviction: কণ্ঠৰুদ্ধ কৰিবলৈ বিজেপিয়ে ষড়যন্ত্ৰ কৰিছে ৰাহুল গান্ধীৰ বিৰুদ্ধে; বিৰোধীৰ অভিযোগ - ৰাহুল গান্ধীক অযোগ্য ঘোষণা

সংসদৰ পৰা ৰাহুল গান্ধীক অযোগ্য ঘোষণা কৰাৰ পিচত বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছৰ লগতে আন কেইবাটাও বিৰোধী দল ৷ আদানী বিষয় উত্থাপন কৰি থকাৰ বাবে শাসকীয় বিজেপিয়ে ৰাহুল গান্ধীক দমন কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে বিৰোধীয়ে (Oppositions reaction on Rahul disqualification)।

Rahul Gandhi conviction
Opposition reaction Rahul Gandhi disqualification
author img

By

Published : Mar 24, 2023, 9:32 PM IST

নিউজ ডেস্ক, 24 মাৰ্চ: গুজৰাটৰ চূৰাট আদালতে অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰাৰ পিচত শুকুৰবাৰে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা হ’ল ৷ বিৰোধী দল কংগ্ৰেছ আৰু শাসকীয় বিজেপি দলৰ মাজত এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৰাহুলৰ অযোগ্য ঘোষণাক লৈ বিজেপিক লক্ষ্য কৰি কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে ৰাজনৈতিক প্ৰতিশোধৰ অভিযোগ উত্থাপন কৰে (Oppositions reaction on Rahul disqualification)।

সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে অভিযোগ কৰে যে, বিজেপিয়ে সদায় ৰাহুল গান্ধীক অযোগ্য ঘোষণা কৰিব বিচাৰিছিল ৷ কাৰণ তেওঁলোকে সঁচা কথা কোৱাসকলক দমন কৰিব বিচাৰে । খাৰ্গেয়ে স্পষ্ট কৰি দিয়ে যে, যিয়েই নহওক কিয় কংগ্ৰেছে আদানী-হিণ্ডেনবাৰ্গৰ বিবাদত যুটীয়া সংসদীয় সমিতিৰ দাবী অব্যাহত ৰাখিব (Reaction on Rahul Gandhis disqualification) ৷

"মোডী চৰকাৰে ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলক আটাইতকৈ বেছি ভয় কৰা যেন লাগে । গণতন্ত্ৰক হত্যা কৰিবলৈ ৰাহুল গান্ধীৰ সংসদৰ সদস্য পদ বাতিল কৰিলে । সঁচা কথা কোৱাসকলক নীৰৱ কৰিব বিচাৰে । দেশবাসীয়ে এই একনায়কত্ববাদক সহ্য নকৰে । আনকি আমি জেললৈও যাম । গণতন্ত্ৰ ৰক্ষা কৰক ।’’ এইদৰে টুইটত উল্লেখ কৰে খাৰ্গেয়ে (Rahul Gandhi disqualified form parliament)।

লগতে পঢ়ক: Modi surname case: মোদীৰ নাম মুখত লৈ সদনত অযোগ্য বিবেচিত ৰাহুল গান্ধী

এই বিষয়টোক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তীব্ৰ সমালোচনা কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা দিগ্বিজয় সিঙে কয় যে, মোডী-শ্বাহ যুটি আৰু বিজেপিৰ পৰা আশা কৰা ধৰণেই তেওঁলোকে ৰাহুল গান্ধীক সংসদত কথা ক’বলৈ নিদিলে । তেওঁ বিজেপিক প্ৰত্যাহ্বান জনাই কয় যে, গেৰুৱা দলটোৱে ৰাহুল গান্ধীক মানুহৰ ওচৰলৈ যোৱাত বাধা দিব নোৱাৰে ৷ "আমি যদি ৰাইজৰ ওচৰলৈ হাত পাওঁ তেন্তে আপুনি (বিজেপি) কি কৰিব ? আপুনি আমাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবনে ?" সিঙে কয় (Case against Rahul Gandhi) ৷

ৰাহুল গান্ধীয়ে আদানী বিষয়ত প্ৰশ্ন উত্থাপন কৰাৰ দিনৰে পৰা বিজেপিয়ে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ আৰম্ভ কৰা বুলি অভিযোগ কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কে চি বেনুগোপালে ৷ তেওঁ কয় যে, অভিমন্যুৰ দৰে ৰাহুল গান্ধীক গেৰুৱা দলে চৌদিশৰ পৰা ঘেৰাও কৰিবলৈ চেষ্টা কৰিছে (KC Venugopal on Rahul Gandhi)।

তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপিয়ে বিৰোধী নেতাক লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰে ৷ একে সময়তে তেওঁ অপৰাধজনিত অভিলেখ থকা ৰাজনীতিবিদকো মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ তোলে । সংসদৰ পৰা ৰাহুল গান্ধীৰ অযোগ্য ঘোষণাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "আজি আমি ভাৰতৰ সাংবিধানিক গণতন্ত্ৰৰ বাবে এক নতুন নিকৃষ্ট কাৰ্যৰ সাক্ষী হ'লো ।" (Mamata on Rahul Gandhis disqualification)

লগতে পঢ়ক: Opposition Moves to SC : কেন্দ্ৰীয় চৰকাৰে ইডি, চিবিআইৰ অপব্যৱহাৰৰ বিৰুদ্ধে ছুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ বিৰোধী

"ৰাহুল গান্ধীক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰাতো এক প্ৰতিশোধমূলক কাৰ্য, যাৰ দ্বাৰা তেওঁলোকে বিৰোধীক নীৰৱ কৰিব বিচাৰে । আমাৰ মাত আৰু অধিক জোৰদাৰ হ'ব, আৰু গণতন্ত্ৰৰ নীতি-নিয়মক অসন্মান কৰা শক্তিৰ বিৰুদ্ধে আমাৰ বন্ধন আৰু অধিক শক্তিশালী হ'ব । আমি তেওঁৰ সৈতে থিয় দিছো ।" এইদৰে টুইট কৰে ডি এম কেৰ সাংসদ কানিমোজিয়ে ।

"আমাৰ ভাতৃ ৰাহুল গান্ধীক সাংসদ পদৰ পৰা অযোগ্য ঘোষণা কৰা পদক্ষেপক মই তীব্ৰ গৰিহণা দিছো । এই কাৰ্যক আগুৱাই লৈ গৈছিল ২০১৯ চনৰ নিৰ্বাচনী ভাষণৰ বাবে গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰা বিজেপিৰ এজন বিধায়কে । এনে ভয়-ভাবুকিয়ে আমাক ফেচিষ্ট বিজেপিৰ সৈতে যুঁজিবলৈ বাধা নিদিয়ে ।" তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ তথা ডি এম কেৰ মন্ত্ৰী উদয়নিধি ষ্টেলিনে এইদৰে টুইটত উল্লেখ কৰে ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.