ETV Bharat / bharat

Rahul Gandhi on Caste Census : জাতিগত পিয়লক এক্সৰেৰ সৈতে তুলনা ৰাহুল গান্ধীৰ - congress demand nationwide caste census

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে দৃঢ়তাৰে কয় যে তেওঁলোকে কেন্দ্ৰক যিকোনো প্ৰকাৰে জাতিগত পিয়ল কৰাবলৈ বাধ্য কৰিব । মধ্যপ্ৰদেশত এক সভাত ভাষণ দি ৰাহুল গান্ধীয়ে কয় যে ৰাজ্যখন বিজেপিৰ পৰীক্ষাগাৰত পৰিণত হৈছে । ব্যাপম, মধ্যাহ্ন ভোজন কেলেংকাৰীৰ উদ্ধৃতি দি মহিলা, জনজাতীয় লোকসকলৰ ওপৰত হোৱা অত্যাচাৰৰ কথা উল্লেখ কৰে ।

জাতিগত পিয়লক এক্সৰেৰ সৈতে তুলনা ৰাহুল গান্ধীৰ
Rahul Gandhi on Caste Census
author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 3:52 PM IST

নিউজ ডেস্ক, ১০ অক্টোবৰ : কংগ্ৰেছে কেন্দ্ৰক যিকোনো প্ৰকাৰে জাতিগত পিয়ল কৰাবলৈ বাধ্য কৰিব । কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে দৃঢ়তাৰে এই কথা কয় । মধ্যপ্ৰদেশত এখন নিৰ্বাচনী সভাত ভাষণ দি ৰাহুল গান্ধীয়ে কয় যে ৰাজ্যখন বৰ্তমান বিজেপিৰ পৰীক্ষাগাৰত পৰিণত হৈছে । এই ক্ষেত্ৰত ব্যাপম, মধ্যাহ্ন ভোজন কেলেংকাৰীৰ কথা উল্লেখ কৰি তেওঁ কয় যে মহিলা, জনজাতীয় লোকসকলৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে ।

ৰাহুল গান্ধীয়ে কয় যে জাতিগত পিয়ল অ'বিচি, দলিত আৰু জনজাতীয় লোকসকলৰ জীৱন ধাৰণৰ মানদণ্ডৰ বিষয়ে সত্য জানিবলৈ এক্স-ৰেৰ দৰে হ'ব । দেশজুৰি জাতিগত পিয়ল অনুষ্ঠিত কৰাৰ বাবে কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে (চিডব্লিউচি) সোমবাৰে প্ৰদান কৰা সমৰ্থনৰ পিছত তেওঁৰ এই মন্তব্য আহিছে ।

জাতিগত পিয়লত তেওঁলোকৰ সমৰ্থন '১০০ শতাংশ' বুলি দাবী কৰি ৰাহুল গান্ধীয়ে কয় যে ইয়াৰ দ্বাৰা কিমানজন দলিত, জনজাতীয়, অ'বিচি আৰু উচ্চ বৰ্ণৰ লোক আছে তাৰ স্পষ্ট ছবি প্ৰদান কৰিব । যিয়ে ভৱিষ্যতৰ কাৰ্যপন্থা নিৰ্ণয় কৰাত সহায় কৰিব । ৰাহুল গান্ধীয়ে ২৩ ছেপ্টেম্বৰত জয়পুৰৰ মহাৰাণী মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত এই মন্তব্য কৰে, যাৰ এটা ভিডিঅ' মঙলবাৰে তেওঁৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত মুকলি কৰা হয় ।

ৰাহুল গান্ধীক মহাবিদ্যালয়খনৰ অধ্যক্ষই আদৰণি জনায় । আনহাতে, ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বাৰ্তালাপৰ পিছত তেওঁ মহাবিদ্যালয়ৰ বাহিৰৰ পথত নিৰাপত্তাৰ মাজেৰে এগৰাকী ছাত্ৰীৰ দুচকীয়া বাহনত উঠাও প্ৰত্যক্ষ কৰা হৈছিল । ভিডিঅ'টোত উল্লেখ কৰা অনুসৰি, মহাবিদ্যালয়খনত ছাত্ৰীসকলৰ সৈতে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীয়ে শিক্ষা ব্যৱস্থা আৰু দেশৰ নাৰীসকলক সবলীকৰণৰ প্ৰয়োজনীয়তাকে ধৰি বহু বিষয়ৰ বিষয়ে ব্যক্ত কৰে ।

আনহাতে, জাতিগত পিয়ল সন্দৰ্ভত সোধা প্ৰশ্নত ৰাহুল গান্ধীয়ে কয়, "সত্যটো হ'ল যে নিম্ন বৰ্ণৰ সম্প্ৰদায়, অ'বিচি, দলিত আৰু জনজাতীয় লোকসকল ক্ষমতাৰ গাঁথনিত জড়িত নহয় । আৰু কোনেও নাজানে কিমান জন অ'বিচি আছে, কিমান জন দলিত, জনজাতীয় আৰু উচ্চ বৰ্ণৰ লোক আছে ।"

"যেতিয়া আপুনি আঘাতপ্ৰাপ্ত হয়, আপুনি কৰা প্ৰথম কামটো হৈছে এক্স-ৰে । এক্স-ৰেৰ জৰিয়তে আমি জানিব পাৰোঁ যে হাড় এডাল ভাঙিছেনে নাই বা ই ক'ত আৰু কেনেকৈ ভাঙিছে । গতিকে জাতিগত পিয়ল হৈছে এক এক্স-ৰে, যিয়ে আমাক ক'ব যে কোনটো সম্প্ৰদায়ৰ কিমানজন লোক আছে, তেওঁলোকে কি কৰি আছে, ক্ষমতাৰ গাঁথনিত তেওঁলোকৰ ভূমিকা কি ।" কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বীগৰাকীয়ে কয় ।

লগতে পঢ়ক :BJP MP Bidhuri Derogatory remarks : অপমানজনক মন্তব্য; বিশেষাধিকাৰ সমিতিৰ বৈঠকত অনুপস্থিত বিজেপি সাংসদ বিধুৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.