ETV Bharat / bharat

প্ৰতিষেধকৰ নিৰ্ভৰযোগ্য়তাকলৈ প্ৰশ্ন কংগ্ৰেছ নেতা মনীষ তিৱাৰীৰ

author img

By

Published : Jan 6, 2021, 5:04 PM IST

জ্য়েষ্ঠ কংগ্ৰেছ নেতা তথা সাংসদ মনীষ তিৱাৰীয়ে প্ৰতিষেধকৰ নিৰ্ভৰযোগ্য়তাৰ ওপৰত প্ৰশ্ন তুলি কয় যে বিজেপি দলে কৰ'ণা মহামাৰীৰ এই পৰিস্থিতিক ৰাজনৈতিকভাৱে অপব্য়ৱহাৰ কৰিছে ।

প্ৰতিষেধকৰ নিৰ্ভৰযোগ্য়তাকলৈ প্ৰশ্ন মনীষ তিৱাৰীৰ

নেশ্য়নেল ডেস্ক, ৬ জানুৱাৰী : দেশজুৰি ক'ভিড-১৯ ভাইৰাছৰ টীকাকৰণৰ অনুশীলন অব্য়াহত । চৰকাৰৰ সেউজ সংকেতৰ লগতে ভাৰতীয় কোম্পানী এছআইআই আৰু ভাৰত বায়'টেকৰ প্ৰতিষেধক প্ৰস্তুতৰ কাম ইতিমধ্য়ে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত । যৌথভাৱে প্ৰস্তুতকৰণ অব্য়াহত থকা কোম্পানী দুটাই প্ৰতিষেধকৰ উৎপাদন, সম্প্ৰসাৰণ আৰু সৰবৰাহৰ লক্ষ্য়ৰে কাম কৰাৰ বিশেষ বাৰ্তা দেশৰ লগতে বিশ্ববাসীক প্ৰেৰণ কৰিছে । কিন্তু ইয়াৰ মাজতে ক'ভিড-১৯ৰ টীকাকৰণ অভিযান আৰু প্ৰতিষেধক প্ৰস্তুতকলৈ পুনৰ বিৰোধী দল কংগ্ৰেছৰ কটাক্ষ বিজেপি চৰকাৰক । জ্য়েষ্ঠ কংগ্ৰেছ নেতা তথা সাংসদ মনীষ তিৱাৰীয়ে প্ৰতিষেধকৰ নিৰ্ভৰযোগ্য়তাৰ ওপৰত প্ৰশ্ন তুলি কয় যে, বিজেপি দলে কৰ'ণা মহামাৰীৰ এই পৰিস্থিতিক ৰাজনৈতিকভাৱে অপব্য়ৱহাৰ কৰিছে ।

তেওঁৰ অভিযোগ বিজেপি চৰকাৰে কেৱল অনুসন্ধান আৰু বিকাশৰ নামত কেইবা কোটি টকা খৰছ কৰা কোম্পানীৰ বাবেহে মহান কাম কৰিছে । লগতে তেওঁৰ অভিযোগ যে কোম্পানীটোৱে আত্মনিৰ্ভৰ ভাৰতক সফল ৰূপ দিবৰ বাবে প্ৰতিষেধক প্ৰস্তুতৰ অনুজ্ঞাপত্ৰ লৈছে যাৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণ এতিয়ালৈ সম্পূৰ্ণ হোৱা নাই ।

উল্লেখ্য যে, পূৰ্বে অখিলেশ যাদবে টীকাকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ ওপৰত বিশ্বাস নকৰে বুলি এক মন্তব্য় কৰিছিল ।

লগতে পঢ়ক :টীকাকৰণৰ বাবে বিশেষজ্ঞ কমিটীক চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.