ETV Bharat / bharat

Mamun Shah Khan got married; জন সেৱাৰ বাবে বিয়া পাতিবলৈ সময় নোপোৱা কংগ্ৰেছ নেতাজনে পাতিলে বিয়া !

author img

By

Published : Apr 16, 2023, 10:09 PM IST

খৰখেদাকৈ বিবাহপাশত আবদ্ধ হ’ল উত্তৰ প্ৰদেশৰ ৰামপুৰ পৌৰ পৰিষদৰ সভাপতি মামুম শ্বাহ খান (Mamun Shah Khan got married) ৷ বিগত কিছু বছৰ ধৰি ৰাইজৰ সেৱা কৰি থকাৰ বাবে বিবাহত বহিবলৈ সময় পোৱা নাছিল বুলি কয় ৰাজনৈতিক নেতাগৰাকীয়ে (Rampur Municipal Council president Mamum Shah Khan) ৷

Mamun Shah Khan got married
খৰখেদাকৈ বিবাহপাশত আবদ্ধ হ’ল মামুম শ্বাহ খান

নেশ্যনেল ডেস্ক, 16 এপ্ৰিল : অৱশেষত বিবাহপাশত আবদ্ধ হ’ল উত্তৰ প্ৰদেশৰ ৰামপুৰ পৌৰ পৰিষদৰ সভাপতি মামুম শ্বাহ খান ৷ 45 ঘণ্টাৰ ভিতৰতে কন্যা ঠিক কৰি শনিবাৰে নিশা 11 বজাত ৰামপুৰত বিবাহপাশত আবদ্ধ হ’ল উত্তৰ প্ৰদেশৰ ৰামপুৰ পৌৰ পৰিষদৰ সভাপতিগৰাকীয়ে (Congress leader Mamun Shah Khan got married) ৷

অৱশ্যে পৌৰ নিৰ্বাচনৰ পূৰ্বে কিয় 45 বছৰত বিবাহপাশত আবদ্ধ হ’ল মামুম শ্বাহ খান তাক লৈ এতিয়া চৰ্চা চলি আছে ৷ জানিব পৰা মতে, পৌৰসভাৰ নিৰ্বাচনৰ মনোনয়ন অন্তিম তাৰিখ 17 এপ্ৰিল । তথ্য অনুসৰি, অতি কম সংখ্যক লোকৰ উপস্থিতিত ৰামপুৰৰ এটা ব্যক্তিগত বিবাহ ভৱনত কংগ্ৰেছ নেতাজনে বিবাহপাশত আবদ্ধ হয় ৷ মামুম শ্বাহ খানৰ বিবাহৰ অনুষ্ঠানত উপস্থিত থাকি কেইবাজনো ৰাজনৈতিক নেতাই নৱ বিবাহিত দম্পতীটোক শুভেচ্ছা জ্ঞাপন কৰে ৷

সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত মামুম শ্বাহ খানে খৰখেদাকৈ বিবাহত আৱদ্ধ হোৱা সন্দৰ্ভতো কিছু মন্তব্য কৰে ৷ তেওঁ কয়, ‘‘মই বহু আগতেই বিয়া কৰাব লাগিছিল ৷ কিন্তু ৰাজনীতি আৰু অন্যান্য কামত ব্যস্ত আছিলো ৷ সেয়ে বিবাহৰ বাবে সময় নাপালো’’ ।

তেওঁ আৰু কয়, ‘‘পৌৰ নিৰ্বাচন আগত আছে আৰু মানুহক মোৰ প্ৰয়োজন ৷ কিন্তু কিছু আসন মহিলাৰ বাবে সংৰক্ষিত হৈ আছে । অৱশ্যে মোৰ সহকৰ্মীসকলে মোক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ উপদেশ দিছিল আৰু মই তেওঁলোকৰ পৰামৰ্শ মানি লৈলো । মই মোৰ পত্নীয়ে ৰণপুৰৰ জনসাধাৰণৰ সেৱা কৰি যাম’’ ।

ইয়াৰ পূৰ্বে ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত শ্বাহে কয় যে তেওঁ দীৰ্ঘদিন ধৰি ছাত্ৰ ৰাজনীতিত আছিল । তাৰ পাচত পূৰ্ণ ৰাজনীতিত আহি ৰামপুৰৰ জনসাধাৰণৰ সেৱা কৰি থাকিল । তেওঁ কয় যে, সময় যিয়েই নহওক কিয়, ৰাতি হওক বা ৰাতিপুৱা হওক ৷ তেওঁ সদায় ৰাইজৰ পক্ষত থিয় দি থাকে । এই সমাজ সেৱাৰ বাবেই তেওঁ বিয়া পাতিবলৈ সময় নাপালে ।

লগতে পঢ়ক : Atiq Ahmed shot dead : আতিক আহমেদ হত্যাকাণ্ডৰ দৃশ্য বন্দী হ’ল ৰাষ্ট্ৰীয় সংবাদমাধ্যমত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.