ETV Bharat / bharat

1984 anti-Sikh riots : জগদীশ টাইটলাৰৰ জামিন বণ্ড গ্ৰহণ দিল্লী আদালতৰ

১৯৮৪ চনৰ শিখ বিৰোধী হিংসাৰ সময়ত পুল বাংগাছ হত্যাকাণ্ডৰ সৈতে জড়িত এটা গোচৰত দিল্লীৰ আদালতত হাজিৰ হয় কংগ্ৰেছ নেতা জগদীশ টাইটলাৰ । কটকটীয়া নিৰাপত্তাৰ মাজেৰে আদালতত উপস্থিত হয় নেতাগৰাকী । আদালতে টাইটলাৰে দাখিল কৰা জামিন বণ্ড গ্ৰহণ কৰে ।

1984 anti-Sikh riots
জগদীশ টাইটলাৰৰ জামিন বণ্ড গ্ৰহণ দিল্লী আদালতৰ
author img

By

Published : Aug 5, 2023, 5:49 PM IST

নেশ্যনেল ডেস্ক,৫ আগষ্ট : ১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষৰ সময়ত পুল বাংগাছ হত্যাকাণ্ডৰ সৈতে সম্পৰ্কিত এক গোচৰত দাখিল কৰা জামিন বণ্ড গ্ৰহণ কৰে । শনিবাৰে দিল্লীৰ এখন আদালতে কংগ্ৰেছ নেতা জগদীশ টাইটলাৰে দাখিল কৰা এই জামিন বণ্ড গ্ৰহণ কৰে । অতিৰিক্ত মুখ্য মেট্ৰ'পলিটান দণ্ডাধীশ বিধি গুপ্তা আনন্দে উল্লেখ কৰিছে যে অভিযুক্তজনক ইতিমধ্যে সত্ৰ আদালতে আগতীয়া জামিন প্ৰদান কৰিছে । দণ্ডাধীশ বিধি গুপ্তা আনন্দৰ আদালতে যোৱা ২৬ জুলাইত এক নিৰ্দেশনাৰ জৰিয়তে গোচৰটো সন্দৰ্ভত শনিবাৰে টাইটলাৰক মাতি পঠিয়াইছিল । আদালতে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ'ক (চিবিআই) টাইটলাৰক অভিযোগনামাৰ এটা প্ৰতিলিপি প্ৰদান কৰিবলৈও নিৰ্দেশ দিয়ে ।

কঠোৰ নিৰাপত্তাৰ মাজতে কংগ্ৰেছ নেতাগৰাকী শনিবাৰে আদালতত হাজিৰ হয় । দণ্ডাধীশে উল্লেখ কৰা মতে তেওঁৰ জামিন বণ্ড গ্ৰহণ কৰা হৈছে । জামিনৰ আদেশৰ ওপৰত আৰোপ কৰা চৰ্তাৱলী সাপেক্ষে এই জামিন বণ্ড গ্ৰহণ কৰা হৈছে । টাইটলাৰৰ পত্নী জেনিফাৰ টাইটলাৰে গোচৰটোত তেওঁৰ আমানত হিচাপে থিয় দিয়ে ।

আদালতে টাইটলাৰৰ পত্নীৰ পৰিচয় আৰু বিত্তীয় স্থিতি পৰীক্ষা কৰে আৰু তেওঁ আৰ্থিকভাৱে স্বতন্ত্ৰ বুলি উল্লেখ কৰাৰ পাছত পত্নীক আমানত হিচাপে গ্ৰহণ কৰে । গোচৰটোৰ পৰৱৰ্তী শুনানি হ'ব ১১ আগষ্টত । শুকুৰবাৰে সত্ৰ আদালতে টাইটলাৰক ১ লাখ টকাৰ ব্যক্তিগত বণ্ড আৰু আমানতৰ বাবে সকাহ প্ৰদান কৰে । আনহাতে এই ক্ষেত্ৰত আদালতে তেওঁৰ ওপৰত কিছুমান চৰ্ত আৰোপ কৰে । চৰ্তবোৰৰ ভিতৰত আছে যে তেওঁ গোচৰটোৰ প্ৰমাণৰ সৈতে খেলিমেলি নকৰে বা অনুমতি অবিহনে দেশ এৰি নাযায় ।

ইয়াৰপূৰ্বে দণ্ডাধীশ আদালতে ২৬ জুলাইত টাইটলাৰক ৫ আগষ্টত মাতি পঠিয়াইছিল । গোচৰটোৰ অভিযোগনামাৰ ওপৰত গুৰুত্ব দিয়াৰ পাছত আদালতে এই আদেশ প্ৰদান কৰিছিল । উল্লেখ্য যে ১৯৮৪ চনৰ ১ নৱেম্বৰত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক তেওঁৰ শিখ দেহৰক্ষীয়ে হত্যা কৰাৰ এদিন পাছত এটা গুৰুদ্বাৰা জ্বলাই দিয়া হৈছিল আৰু তিনিজন লোক নিহত হৈছিল । এই গোচৰটোত কংগ্ৰেছ নেতা জগদীশ টাইটলাৰৰ নাম সাঙোৰ খাইছিল ।

লগতে পঢ়ক :Imran Khan in trouble : যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ইমৰান খান !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.