আগৰতলা,১৮ আগষ্ট : ত্ৰিপুৰাত চাঞ্চল্যকৰ চুৰিকাণ্ড (Sensational theft in Tripura)। ত্ৰিপুৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এইবাৰ চোৰৰ লুটপাত চলিল । আৰক্ষীৰ সন্মুখৰ পৰাই চোৰে লৈ গ'ল কেইবাটাও গোচৰৰ গুৰুত্বপূৰ্ণ ফাইল । ১৫ আগষ্টৰ নিশা সংঘটিত হৈছে এই ঘটনা (Theft at Tripura police headquarters)।
ইফালে এই চুৰিকাণ্ডক লৈ ৰাজ্যৰ বিভিন্ন মহলত প্ৰতিক্ৰিয়া হোৱা দেখা গৈছে । আৰক্ষীৰ কাৰ্যালয়তে চোৰৰ অতপালি দেখি সাধাৰণ জনতাই নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্নও উত্থাপন কৰিছে । ইয়াৰ মাজতে কংগ্ৰেছ দলে আকৌ ত্ৰিপুৰা আৰক্ষীক তীব্ৰ সমালোচনা কৰিছে (Tripura Congress slams police)। ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিতিৰ মতে এয়া মনে সজা আৰু ষড়যন্ত্ৰমূলক । শাসকীয় দলৰ একাংশ নেতাক ৰক্ষণাবেক্ষণৰ স্বাৰ্থত আৰক্ষীয়ে এই নাটক ৰচনা কৰিছে বুলি অভিযোগ কৰে কংগ্ৰেছে ।
কংগ্ৰেছ বিধায়ক সুদীপ ৰয় বৰ্মনে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আৰক্ষীৰ কাৰ্যালয়ত চোৰ প্ৰৱেশ কৰাটো অসম্ভৱ (Congress reacts to theft at Tripura police headquarters)। দিনে নিশাই আৰক্ষীৰে ভৰি থকা এটা কাৰ্যালয়ত চোৰ প্ৰৱেশ কৰি ফাইল চুৰি কৰাটো কোনো কাৰণতে সম্ভৱ নহয় । তেওঁৰ মতে এয়া এক পৰিকল্পিত ঘটনা ।
চৰকাৰক প্ৰত্যাহ্বান জনাই তেওঁ কয় যে যদি চৰকাৰৰ সাহস আছে তেনেহ'লে উচ্চ ন্যায়ালয়ৰ এগৰাকী বৰ্তমানৰ ন্যায়াধীশৰ নেতৃত্বত এই ঘটনাটোৰ ন্যায়িক তদন্ত কৰা উচিত (Congress demands judicial probe into Tripura police headquarters theft case)। কংগ্ৰেছ নেতাগৰাকীৰ মতে এই গোটেই ঘটনাটো আৰক্ষীৰ একাংশ লোক জড়িত আছে ।
তেওঁৰ মতে চুৰি আৰু নষ্ট হোৱা প্ৰায় ২২ টাকৈ ফাইল আছিল য'ত শাসকীয় দলৰ কেইজনমান নেতাৰ বিৰুদ্ধে বিভিন্ন নথিপত্ৰ আছিল আৰু যদি এইবোৰ পোহৰলৈ আহিলহেঁতেন তেন্তে শাসকীয় দলৰ বহু নেতা বিপদত পৰিলহেঁতেন ।
উল্লেখ্য যে ত্ৰিপুৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ১৫ আগষ্টৰ নিশা এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছিল । ত্ৰিপুৰা আৰক্ষীৰ এক প্ৰেছ বিজ্ঞপ্তি মতে, স্বাধীনতা দিৱসৰ দিনা দুৰ্বৃত্তই কাৰ্যালয়ত প্ৰৱেশ কৰি ফাইলবোৰ চুৰি কৰাৰ লগতে নষ্ট কৰিছিল । অৱশ্যে, এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তাৎক্ষণিকভাৱে চাৰিজন লোকক আটক কৰা হৈছে ।
লগতে পঢ়ক :লক্ষীপুৰত চোৰৰ উপদ্ৰৱত অতিষ্ঠ ৰাইজ