ETV Bharat / bharat

Kharge appoints AICC observers : আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছৰ নতুন ৰণনীতি - Kharge appoints AICC observers

মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত কেইমাহমানৰ ভিতৰতে নিৰ্বাচন অনুষ্ঠিত হ'ব । তাৰ প্ৰাকক্ষণত কংগ্ৰেছে জনসমৰ্থনক ভোটলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰচেষ্টা চলাইছে । লোকসভাৰ সমষ্টি অনুসৰি এআইচিচি পৰ্যবেক্ষকসকলক নিযুক্তি দিয়া হৈছে ।

Kharge appoints AICC observers
আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছৰ নতুন ৰণনীতি
author img

By

Published : Aug 1, 2023, 5:57 PM IST

নেশ্যনেল ডেস্ক,১ আগষ্ট : এইবছৰৰে শেষৰফালে মধ্যপ্ৰদেশত নিৰ্বাচন অনুষ্ঠিত হ'ব । যাৰ বাবে কংগ্ৰেছ দলে বিশেষ ৰণনীতি প্ৰস্তুত কৰিছে । বিজেপি শাসিত মধ্যপ্ৰদেশত জনসমৰ্থনক ভোটলৈ ৰূপান্তৰ কৰিবলৈ বিশেষ পদক্ষেপ লোৱা হৈছে । কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ৰাজ্যখনৰ জনসমৰ্থনক ভোটলৈ ৰূপান্তৰ কৰিবলৈ এআইচিচি পৰ্যবেক্ষকসকলক লোকসভা সমষ্টি অনুসৰি নিযুক্তি দিছে ।

মধ্যপ্ৰদেশৰ দায়িত্বত থকা এআইচিচিৰ নেতা জে পি আগৰৱালাই কোৱা মতে ৰাজ্যখনত কংগ্ৰেছৰ বাবে এটা বৃহৎ সুযোগ আছে । সুশাসনৰ অভাৱ আৰু দুৰ্নীতিৰ বিষয়ত ৰাইজ বিজেপিৰ বিৰুদ্ধে ক্ষোভিত হৈ আছে । কিন্তু কংগ্ৰেছৰ প্ৰত্যাহ্বান হ'ল জনসমৰ্থনক ভোটলৈ ৰূপান্তৰ কৰা । দেশৰ জ্যেষ্ঠ নেতা এআইচিচি পৰ্যবেক্ষকসকলে দলটোক সেই উদ্দেশ্যত উপনিত হোৱাত সহায় কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

ইফালে মধ্যপ্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শোভা ওজাই কয় যে এআইচিচি পৰ্যবেক্ষকসকলে বিধানসভা আসনৰ পৰ্যায়ত দলটোক নেতৃত্বৰ অতিৰিক্ত স্তৰ প্ৰদান কৰিব । লোকসভা সমষ্টিৰ দায়িত্বত থকা ব্যক্তিগৰাকীয়ে প্ৰকৃততে তেওঁৰ অধীনত আহিব লগা প্ৰায় ৮ খন বিধানসভা আসন তদাৰক কৰিব । তেওঁলোকে ভোটাৰৰ সংখ্যা সৰ্বাধিক কৰাৰ বাবে বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সৈতেও সমন্বয় স্থাপন কৰিব ।

তেওঁ লগতে কয় যে নিৰ্বাচনৰ সময়ত কেইবাটাও সমস্যা আহিব । যাৰ বাবে দায়িত্বত থকা এআইচিচি বা প্ৰদেশ কংগ্ৰেছৰ সভাপতিক দোষাৰোপ কৰিব নোৱাৰি । কিন্তু সেইবোৰ হাইকমাণ্ডক জনোৱা অতি প্ৰয়োজন । এই ক্ষেত্ৰত এআইচিচিৰ পৰ্যবেক্ষকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । তেওঁলোকে নিৰ্বাচনত যুঁজ দিয়াৰ অভিজ্ঞতা শ্বেয়াৰ কৰে আৰু স্থানীয় নেতা তথা কৰ্মীসকলৰ ওপৰত প্ৰভাৱ পেলায় ।

ইফালে খাৰ্গেয়ে এআইচিচিৰ সাধাৰণ সম্পাদক ৰণদীপ সুৰজেৱালাক জ্যেষ্ঠ পৰ্যবেক্ষক হিচাপে আৰু মহাৰাষ্ট্ৰৰ প্ৰবীণ নেতা চন্দ্ৰকান্ত হান্দোৰক মধ্য প্ৰদেশৰ পৰ্যবেক্ষক হিচাপে নিয়োজিত কৰিছে । কংগ্ৰেছ শাসিত ৰাজস্থান আৰু ছত্তীশগড়তো খাৰ্গেয়ে একে ধৰণৰ ৰণনীতি গ্ৰহণ কৰিছে আৰু এআইচিচি পৰ্যবেক্ষকসকলক লোকসভাৰ সমষ্টি অনুসৰি নিয়োজিত কৰিছে । অৱশ্যে, তেওঁলোকৰ ভূমিকা পৃথক হ'ব ।

মধ্য প্ৰদেশত ২৯ খন, ৰাজস্থানত ২৫ খন আৰু ছত্তীশগড়ত ১১ খন লোকসভা আসন আছে । দলৰ কৰ্মী আৰু ভোটাৰসকলৰ মাজৰ ব্যৱধান দূৰ কৰাৰ লক্ষ্যৰে "চলো বুথ" নামৰ একে ধৰণৰ পদক্ষেপ ছত্তীশগড়তো চলি আছে য'ত খাৰ্গে শেহতীয়াকৈ বস্তাৰৰ সাংসদ দীপক বাইজক নতুন পিচিচি মুৰব্বী হিচাপে দায়িত্ব দিছে ।

খাৰ্গেয়ে প্ৰবীণ নেতা মধুসূদন মিস্ত্ৰীক জ্যেষ্ঠ পৰ্যবেক্ষক আৰু শশীকান্ত চেন্থিলক ৰাজস্থানৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে আৰু উত্তৰাখণ্ডৰ নেতা প্ৰীতম সিঙক জ্যেষ্ঠ পৰ্যবেক্ষক হিচাপে আৰু মীনাক্ষী নটৰাজনক ছত্তীশগড়ৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে ।

লগতে পঢ়ক:Nuh violence: ব্ৰজ মণ্ডল যাত্ৰাৰ সময়তে নুহত সংঘৰ্ষ, ৫ জিলাত ১৪৪ ধাৰা জাৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.