নেশ্যনেল ডেস্ক, ১৫ এপ্ৰিল : পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ সময়তে এক দুঃখবৰ । ৰাজ্যখনৰ মুৰ্ছিদাবাদ জিলাৰ চামছেৰগঞ্জৰ কংগ্ৰেছ প্ৰাৰ্থী ৰেজাউল হকৰ বৃহস্পতিবাৰে মৃত্যু হয় । মংগলবাৰে হকৰ দেহত ক'ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰিছিল । ক'ভিড-১৯ ত আক্ৰান্ত হোৱাৰ এদিন পাচতে তেওঁক ওচৰৰে চৰকাৰী চিকিৎসালয় এখনত ভৰ্তি কৰোৱা হৈছিল ।
অৱশেষত বৃহস্পতিবাৰে ক'ভিড-১৯ ত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে কংগ্ৰেছ প্ৰাৰ্থী ৰেজাউল হকে । তেওঁক এই অকাল মৃত্যুত জিলাখনৰ কংগ্ৰেছ সভাপতি অধীৰ ৰঞ্জন চৌধুৰীয়ে গভীৰ শোক প্ৰকাশ কৰে । উল্লেখ্য যে, দেশত অতিমাৰী কৰ'ণা ভাইৰাছৰ দ্বিতীয় ঢৌৱে পুনৰ ভয়ংকৰ ৰূপ ধাৰণ তৰিছে । যোৱা ২৪ ঘন্টাত দেশত দুই লক্ষাধিক লোক অতিমাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে । লগতে ১০৩৮ জন লোকে মহামাৰীৰ কবলত প্ৰাণ হেৰুৱাইছে । দেশৰ ভিতৰত আটাইতকৈ দিল্লী, মহাৰাষ্ট্ৰ, পাঞ্জাৱ, হাৰিয়ানা, উত্তৰপ্ৰদেশত যথেষ্ঠ সংখ্যক লোক অতিমাৰীৰ কবলত পৰিছে ।
লগতে পঢ়ক: আজি বাংগালুৰুৰ প্ৰযুক্তিৰ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰিব ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰীয়ে