ETV Bharat / bharat

বিগত বৰ্ষত কংগ্ৰেছ দলে লাভ কৰিলে 139 কোটিৰো অধিক অনুদান

author img

By

Published : Feb 5, 2021, 10:31 AM IST

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কপীল চিবালৰ সৰ্বাধিক 3 কোটি টকাৰ অনুদানেৰে 2019-20 বৰ্ষত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে লাভ কৰিলে 139 কোটিৰো অধিক টকাৰ অনুদান ৷

বিগত বৰ্ষত কংগ্ৰেছ দলে লাভ কৰিলে 139 কোটিৰো অধিক অনুদান
বিগত বৰ্ষত কংগ্ৰেছ দলে লাভ কৰিলে 139 কোটিৰো অধিক অনুদান

নেশ্যনেল ডেস্ক, 5 ফেব্ৰুৱাৰী :2019-20 বৰ্ষত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে 139 কোটিৰো অধিক টকাৰ অনুদান লাভ কৰিছে ৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কপিল চিবালে সৰ্বাধিক 3 কোটি টকা দলটোৰ পুঁজি গঠনৰ বাবে অনুদান আগবঢ়াই ৷ কংগ্ৰেছী নেতা সকলৰ মাজত কপিল চিবালেই বৰ্তমানলৈ সৰ্বাধিক অনুদান আগবঢ়োৱা নেতা হিচাপে পৰিগণিত হৈছে ৷ এই তথ্য 2019-20 বৰ্ষত নিৰ্বাচনী আয়োগৰ ওচৰত দাখিল কৰা হৈছে ৷

ইয়াৰ লগতে নিৰ্বাচনী আয়োগৰ ওচৰত দাখিল কৰা তথ্য মতে,সংশ্লিষ্ট কোম্পানীবোৰ পৰা 19 কোটি আৰু প্ৰুডেন্ট ইলেক্ট্ৰল ট্ৰাষ্টৰ পৰা 31 কোটি টকাৰ অনুদান লাভ কৰিছিল দলটোৱে ৷ ইয়াৰ লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে 1,08,000 লাখ,ৰাহুল গান্ধীয়ে 54,000 লাখ টকা অনুদান আগবঢ়োৱাৰ লগতে 2019 চনৰ 1 এপ্ৰিলৰ পৰা 2020 চনৰ 31 মাৰ্চৰ ভিতৰত ছোনিয়া গান্ধীয়ে 50,000 লাখ টকা আগবঢ়াইছিল ৷

উল্লেখ্য যে,দলটোৰ 23 গৰাকী জ্যেষ্ঠ নেতাই দলটোৰ সাংগঠনিক ভেটী সলনি কৰাৰ বাবে পত্ৰ প্ৰেৰণৰ যোগেদি অনুদান আগবঢ়োৱা নেতাসকলৰ ভিতৰত আছিল আনন্দ শৰ্মা,শশী থাৰুৰ,গুলাম নবী আজাদ,মিলিন্দ দেওৰা,ৰাজ বাব্বৰ ৷ তেওঁলোকে আগবঢ়োৱা অনুদানৰ পৰিমাণ আছিল 139,01,62,000 টকা ৷ কপিল চিবালৰ পূৰ্বে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট,এ কে এন্টনী,কুমাৰী চেলজা আৰু আহমেদ পেটেলে দলটোলৈ সৰ্বাধিক অনুদান আগবঢ়াইছিল ৷ তাৰ উপৰিও 2020 চনৰ মাৰ্চ মাহত বিজেপিত যোগদান কৰা জ্যোতিৰাদিত্য সিন্ধিয়া 54,000 টকা আগবঢ়াইছিল ৷

লগতে পঢ়ক: দক্ষিণ আফ্ৰিকাক চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ আশ্বাস মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.