ETV Bharat / bharat

৭৫ সংখ্যক পদাতিক দিৱস : ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি জনালে বিপিন ৰাৱট, সেনা প্ৰধানে

author img

By

Published : Oct 27, 2021, 1:31 PM IST

আজি ৭৫ সংখ্যক পদাতিক দিৱস(Infantry Day) । দিল্লীস্থিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনালে চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট(Bipin Rawat) আৰু ভাৰতীয় সেনা প্ৰধান জেনেৰেল এম এম নাৰাভানে(MM Naravane)ই ।

75th Infantry Day
ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

নেশ্যনেল ডেস্ক, ২৭ অক্টোবৰ : পদাতিক দিৱস(Infantry Day)ত বীৰ জোৱানক স্মৰণ । বুধবাৰে ৭৫ সংখ্যক পদাতিক দিৱস উপলক্ষে দিল্লীস্থিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত উপস্থিত হৈ দেশমাতৃৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ জোৱানলৈ শ্ৰদ্ধা নিবেদন কৰে চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট(Bipin Rawat) আৰু ভাৰতীয় সেনা প্ৰধান জেনেৰেল এম এম নাৰাভানে(MM Naravane)ই ।

জেনেৰেল এম এম নাৰাভানে, চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট আৰু ভাৰতীয় সেনাৰ উচ্চ পদস্থ বিষয়াসকলে সকলো সকলো পৰ্যায়ৰ আৰু প্ৰবীণ জোৱানৰ লগতে বীৰ নাৰিছ আৰু পদাতিক বাহিনীৰ পৰিয়ালক টুইটযোগে শুভেচ্ছা জ্ঞাপন কৰে ।

স্বাধীন ভাৰতৰ প্ৰথম সামৰিক অনুষ্ঠান হিচাপে পদাতিক দিৱস পালন কৰা হয় । ১৯৪৭ চনৰ ২৭ অক্টোবৰত ভাৰতীয় সেনাই কাশ্মীৰ উপত্যকাত ভাৰতৰ ভূমিত হোৱা প্ৰথম আক্ৰমণ প্ৰতিহত কৰিছিল । শিখ ৰেজিমেন্টৰ প্ৰথম বেটেলিয়নৰ জোৱানসকলে এই বিজয় সাব্যস্ত কৰিছিল । বুধবাৰে আবেলি ৩.৩০ বজাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেনা কামাণ্ডাৰ সন্মিলনত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক : বুধবাৰে নতুন দল ঘোষণা কৰাৰ সম্ভাৱনা অমৰিন্দৰ সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.