ETV Bharat / bharat

Narco terror in Kashmir: জম্মু-কাশ্মীৰৰ ৰামবানত ৩০০ কোটি টকাৰ কোকেইন জব্দ; দুজনক গ্ৰেপ্তাৰ

জম্মুৰ ৰামবান জিলাত এখন বাহনৰ পৰা দেওবাৰে ৩০০ কোটি টকাৰ কোকেইন জব্দ কৰা হয় ৷ অভিযানটোত দুটা অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হয় ৷

author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 10:10 PM IST

Narco terror in Kashmir
৩০০ কোটি টকাৰ কোকেইন জব্দ

নিউজ ডেস্ক, ১ অক্টোবৰ: জম্মুৰ ৰামবান জিলাত এখন বাহনৰ পৰা দেওবাৰে আন্তৰ্জাতিক ক'লা বজাৰৰ ৩০০ কোটি টকাৰ কোকেইন জব্দ কৰাৰ লগতে এটা ডাঙৰ নাৰ্কো-সন্ত্ৰাসবাদী মডিউল উৎখাত কৰা বুলি দাবী কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীয়ে ৷

ৰামবানৰ এছএছপি মোহিতা শৰ্মাই সংবাদ মাধ্যমক কয় যে জম্মু আৰু শ্ৰীনগৰৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথেদি সৰবৰাহ কৰা ড্ৰাগছৰ বিষয়ে তেওঁলোকৰ ওচৰত নিৰ্দিষ্ট ইনপুট আছিল । তেওঁ কয় যে, "যেতিয়া আমি আমাৰ ওচৰত থকা বাহনখন আৱদ্ধ কৰিছিলো, আমি ৩০ কিলোগ্ৰাম কোকেইনসদৃশ পদাৰ্থ উদ্ধাৰ কৰিছিলো ৷ অভিযানটোত দুজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হৈছিল ৷ আন্তৰ্জাতিক ক'লা বজাৰত ৩০ কিলো কোকেইনৰ মূল্য ৩০০ কোটি টকা ৷"

  • Narco #terror module busted, 30 kg #Cocaine recovered 02 narcotic smugglers held by #Ramban Police from one Innova vehicle bearing No HR2W/4925 at Railway Chowk Banihal.02 narcotic smugglers held & Case FIR No. 242/2023 U/S 8/21/22/29 NDPS Act stands registered at P/S Banihal pic.twitter.com/ZYkTyCGe3W

    — Police Media Centre Jammu (@ZPHQJammu) October 1, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মোহিতা শৰ্মাই কয় যে এইটো এটা নাৰ্কো-টেৰ’ৰ গোচৰ আৰু তেওঁলোকে সীমা অতিক্ৰম কৰা সন্দৰ্ভতো অনুসন্ধান কৰি থকা হৈছে ৷ অধিক তদন্তৰ অন্তত ঘটনা সন্দৰ্ভত স্পষ্টভাৱে ক’ব পৰা যাব বুলিও কয় তেওঁ ৷ এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, ধৃত বাসিন্দা দুজন পঞ্জাৱৰ ৷ বনিহাল ষ্টেচন হাউছৰ বিষয়া মহম্মদ আফজল ৱানীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটাক জলন্ধাৰৰ সৰবজিত সিং আৰু পঞ্জাৱৰ ফাগৱাৰাৰ হানি বছৰা বুলি চিনাক্ত কৰে ৷

হাৰিয়ানাৰ পঞ্জীয়ন নম্বৰ থকা গাড়ীখনৰ ওপৰত তিনি কিলোগ্ৰাম নিচাজাতীয় দ্ৰব্য লুকুৱাই ৰখাৰ বিপৰীতে সৰবৰাহকাৰীৰ লাগেজৰ পৰা ২৭ কেজি উদ্ধাৰ কৰা হৈছে বুলিও তেওঁ কয় ৷ ৱানীয়ে কয় যে সৰবৰাহকাৰী কেইটাক ৰ’বলৈ সংকেত দিয়াৰ লগে লগে পলায়ন কৰিবলৈ চেষ্টা কৰিছিল আৰু খেদি খেদি পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ পূৰ্বে উদ্ধাৰ হোৱা নিচাজাতীয় দ্ৰব্যসমূহ হেৰ’ইন বুলি ধাৰণা কৰা হৈছিল যদিও তদন্তৰ অন্তত কোকেইন বুলি ধৰা পৰে ৷

জম্মু জ’নৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সিঙে কয় যে শনিবাৰে নিশা প্ৰায় ১০.৩০ বজাত এছ এছ পি শৰ্মাৰ নেতৃত্বত ৰামবন আৰক্ষীয়ে কাশ্মীৰৰ পৰা জম্মু অভিমুখে অহা ৰে’লৱে চ’ক বনিহালত এখন বাহন আটক কৰি প্ৰায় ৩০ কেজি কোকেইন উদ্ধাৰ কৰে ৷ যাৰ আন্তঃৰাষ্ট্ৰীয় ক’লা বজাৰত আনুমানিক মূল্য ৩০০ কোটি টকা আৰু দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে ৷

তেওঁ কয় যে সফলতাৰে এটা নাৰ্কো-টেৰ’ৰ মডিউল উৎখাত কৰা হ’ল ৷ বনিহাল আৰক্ষী থানাত ঘটনা সন্দৰ্ভত প্ৰাসংগিক ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা বুলি সিঙে জানিবলৈ দিয়ে ৷ ড্ৰাগছ সৰবৰাহকাৰী আৰু ব্যৱসায়ীৰ বিৰুদ্ধে অহৰহ যুদ্ধ চলাই অহা এছ এছ পি ৰামবান আৰু তেওঁৰ দলটোৱে সৃষ্টি কৰা চোৰাংচোৱাৰ ভিত্তিত এই অভিযান প্ৰস্তুত কৰা হৈছে বুলি এডিজিপিয়ে জনায় ৷

ইতিমধ্যে বহু সংখ্যক কুখ্যাত ব্যৱসায়ী আৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰামবন আৰক্ষীৰ দলে গোচৰ ৰুজু কৰিছে বুলিও তেওঁ কয় ৷ ২০২২ চনত মুঠ ১০৪ টা গোচৰ (এনডিপিএছ আইনৰ অধীনত) পঞ্জীয়ন হোৱাৰ বিপৰীতে ২০২৩ চনত আজিলৈকে ২৫০০ কেজি পপি ষ্ট্ৰ’, ১০ কেজি চাৰছ, ২০০ গ্ৰাম হেৰ’ইন আৰু ২০০ টেবলেট উদ্ধাৰ হোৱাৰ পিছত এনেধৰণৰ ৩৬টা গোচৰ পঞ্জীয়ন কৰা হৈছে বুলি সিঙে কয় আৰু এনডিপিএছৰ অবৈধ সৰবৰাহৰ প্ৰতিৰোধ আইনৰ অধীনত ১৫৮টা অভিযুক্তক গ্ৰেপ্তাৰ কৰি তিনিজনক আটক কৰা হৈছে ৷

লগতে পঢ়ক : Manipur Student killing: মণিপুৰৰ শিক্ষাৰ্থী হত্যাৰে জড়িত 6 অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.