ETV Bharat / bharat

Coast Guard helicopter crashes : দুৰ্ঘটনাত পতিত উপকূলৰক্ষী বাহিনীৰ হেলিকপ্টাৰ

author img

By

Published : Mar 26, 2023, 9:46 PM IST

দেওবাৰে কোচি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপকূলৰক্ষী বাহিনীৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হয় (Helicopter crashes at Cochin international airport)। দুৰ্ঘটনাত এজন আহত । কাৰিকৰী বিজুতিৰ বাবে হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সন্দেহ ।

Coast Guard helicopter crashes
দুৰ্ঘটনাত পতিত উপকূলৰক্ষী বাহিনীৰ হেলিকপ্টাৰ

নেশ্যনেল ডেস্ক,২৬ মাৰ্চ : কেৰালাৰ কোচি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হেলিকপ্টাৰ দুৰ্ঘটনা (Helicopter crashes at Cochin international airport)। প্ৰশিক্ষণৰ সময়তে দুৰ্ঘটনাত পতিত হয় উপকূলৰক্ষী বাহিনীৰ এখন হেলিকপ্টাৰ । হেলিপ্টাৰখনে উৰা মৰাৰ সময়তে দুৰ্ঘটনাত পতিত হয় । পাইলটসহ তিনিজন লোক আছিল হেলিকপ্টাৰখনত । দুৰ্ঘটনাটোত এজন লোক আহত হয় ।

জানিব পৰা মতে কোচি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দুপৰীয়া প্ৰায় ১২.২৫ মান বজাত এই দুৰ্ঘটনাটো সংঘটিত হয় । প্ৰশিক্ষণ চলি থকাৰ মাজতে উপকূলৰক্ষী বাহিনীৰ হেলিকপ্টাৰখন বিমানবন্দৰৰ ৰানৱেত দুৰ্ঘটনাগ্ৰস্ত হয় (Coast Guard helicopter crashes)। দুৰ্ঘটনাটোৰ পাছতে লগে লগে কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহন সেই স্থানত উপস্থিত হয় । ইফালে বিমানবন্দৰ কৰ্তৃপক্ষইও উদ্ধাৰ অভিযান আৰম্ভ কৰে ।

লগতে পঢ়ক :ISRO One Web India Mission : ইছৰোৱে শ্ৰীহৰি কোটাৰ পৰা উৎক্ষেপণ কৰিলে 36 টা কৃত্ৰিম উপগ্ৰহ

দুৰ্ঘটনাটোত সুনীল লোটলা নামৰ ২৬ বছৰীয়া এজন লোক আহত হয় (One injured in helicopter crashes)। লোকজনক অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে ৰানৱে সাময়িকভাৱে বন্ধ কৰি দিয়া হয় । ইফালে ৰানৱে বন্ধ থকাৰ সময়ত অৱতৰণ কৰাৰ বাবে নিৰ্ধাৰিত বিমানবোৰ তিৰুৱন্তপুৰম আৰু কোয়েম্বাটুৰ বিমানবন্দৰত অৱতৰণৰ বাবে ব্যৱস্থা কৰি দিয়া হয় ।

দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰৰ ধ্বংসাৱশেষবোৰ আঁতৰোৱাৰ পাছত ৰানৱেটো পুনৰ মুকলি কৰা হয় । ইফালে দুৰ্ঘটনাটো পাইলটৰ ভুলৰ বাবে হ'ল নে আন কাৰণত হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই । অৱশ্যে প্ৰাৰম্ভিক তদন্তত কাৰিকৰী বিজুতিৰ বাবে হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি সন্দেহ কৰা হৈছে (Cochin international airport accident)। ইফালে কোচি বিমানবন্দৰৰ অধীনৰ নেদুম্বাচেৰী বিমানবন্দৰৰ ইতিহাসত এইটো প্ৰথম দুৰ্ঘটনা বুলি চিহ্নিত হৈছে । জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন ৰানৱেৰ পৰা স্থানান্তৰ কৰা হৈছে ।

লগতে পঢ়ক :AFSPA extended in NE: পৰিসীমা সংকোচনেৰে পূৰ্বোত্তৰৰ চাৰি ৰাজ্যত পুনৰ ছমাহলৈ ম্যাদ বৃদ্ধি AFSPAৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.