ETV Bharat / bharat

Strategy of opposition unity : খাৰ্গে আৰু কেজৰিৱালক সাক্ষাৎ কৰিব নীতিশ কুমাৰে - CM Nitish Kumar

বেংগালুৰুত কৰ্ণাটক কংগ্ৰেছ কেবিনেটৰ শপত গ্ৰহণত অংশ গ্ৰহণ কৰাৰ পাচতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ দিল্লীত উপস্থিত হৈছে (Nitish Kumar in Delhi)। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপিৰ সৈতে মোকাবিলা কৰিবলৈ দেশৰ বিৰোধীক একত্ৰিত কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় বিৰোধী নেতাসকলক সাক্ষাৎ কৰিব নীতিশ কুমাৰ । বিহাৰৰ মুখ্যমন্ত্ৰীয়ে আজি কেজৰিৱাল, মল্লিকাৰ্জুন খাৰ্গে আৰু অন্যান্য নেতাসকলক সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে ।

Strategy of opposition unity
খাৰ্গে আৰু কেজৰিৱালক সাক্ষাৎ কৰিব নীতিশ কুমাৰে
author img

By

Published : May 21, 2023, 12:03 PM IST

নেশ্যনেল ডেস্ক,২১ মে': সমাগত লোকসভা নিৰ্বাচন (General Election 2024)। শাসকীয় বিজেপিয়ে নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰাৰ সমান্তৰালকৈ বিৰোধী দলসমূহেও ৰণনীতি প্ৰস্তুত কৰিছে । বিৰোধী ঐক্য গঠনৰ বাবে ইতিমধ্যে দেশৰ প্ৰধান বিৰোধী দলসমূহে চিন্তা-চৰ্চা আৰম্ভ কৰিছে । বিৰোধী ঐক্য গঠনৰ ক্ষেত্ৰত আগভাগ লৈছে বিহাৰৰ মুখ্যমন্ত্ৰী তথা জনতা দল (ইউনাইটেড)ৰ নেতা নীতিশ কুমাৰে ।

শেহতীয়াকৈ বিভিন্ন ৰাজ্য ভ্ৰমণ কৰা নীতিশ কুমাৰ পুনৰ দিল্লীত উপস্থিত হৈছে (Nitish Kumar in Delhi)। বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লীত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলক সাক্ষাৎ কৰে । সূত্ৰৰ মতে নীতিশ কুমাৰে আজি অৰ্থাৎ দেওবাৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু অন্যান্য শীৰ্ষ নেতাসকলক সাক্ষাৎ কৰি বিৰোধী ঐক্যৰ ওপৰত আলোচনা কৰিব (Nitish Kumar to meet oppositions leader)।

পাটনাত বিৰোধী দলসমূহৰ প্ৰস্তাৱিত বৈঠকৰ বিষয়েও নীতিশ কুমাৰে এই ভ্ৰমণৰ সময়ত আলোচনা কৰিব । শনিবাৰে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত, একেখন মঞ্চতে উপস্থিত থকা বহুতো ৰাষ্ট্ৰীয় নেতাৰ সৈতে বিৰোধী ঐক্য প্ৰদৰ্শন কৰাৰ চেষ্টা কৰা হৈছিল (Nitish Kumar on Opposition unity)।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ শপত গ্ৰহণ অনুষ্ঠানত ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, নীতিশ কুমাৰ, তেজস্বী যাদৱ, হেমন্ত সোৰেন, ফাৰুক আব্দুল্লা, মেহবুবা মুফতি, এম কে ষ্টালিন, সীতাৰাম য়েচুৰী, ডি ৰাজা, শৰদ পাৱাৰ, টিএমচি (তৃণমূল কংগ্ৰেছ) আৰু শিৱসেনা (উদ্ধৱ ঠাকৰে)ৰ নেতাসকল উপস্থিত আছিল ।

অৱশ্যে, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱ এই অনুষ্ঠানত উপস্থিত নাছিল (Karnataka Cabinet swear in ceremony)। একে সময়তে, অৰবিন্দ কেজৰিৱাল, কে চন্দ্ৰশেখৰ ৰাও, মায়াৱতী আৰু নবীন পাটনায়কক অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হোৱা নাছিল বুলি জানিব পৰা গৈছে । যেতিয়াৰে পৰা নীতিশ কুমাৰে এন ডি এ (ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট)ৰ পৰা আঁতৰি গৈ মহাজোট চৰকাৰ গঠন কৰিছিল তেতিয়াৰ পৰাই তেওঁ নিৰন্তৰভাৱে বিজেপিৰ বিৰুদ্ধে এক শক্তিশালী গোট গঠন কৰিবলৈ চেষ্টা কৰি আহিছে (CM Nitish Kumar renews efforts to unite opposition)।

যাৰ বাবে নীতিশ কুমাৰে দিল্লী, কলকাতা, লক্ষ্ণৌ, ভুৱনেশ্বৰ, মুম্বাই আৰু ৰাঁচীও ভ্ৰমণ কৰিছে । এই ভ্ৰমণকালত নীতিশ কুমাৰে মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, অৰবিন্দ কেজৰিৱাল, সীতাৰাম য়েচুৰী, ডি ৰাজা, মমতা বেনাৰ্জী, অখিলেশ যাদৱ, নবীন পাটনায়ক, উদ্ধৱ ঠাকৰে, শৰদ পাৱাৰ আৰু হেমন্ত সোৰেনক সাক্ষাৎ কৰিছে । জনতা দল (ইউনাইটেড)ৰ নেতাসকলে জনোৱা মতে বেছিভাগ নেতাৰ সৈতে বিহাৰৰ মুখ্যমন্ত্ৰীৰ বৈঠক ইতিবাচক আছিল ।

লগতে পঢ়ক :Karnataka cabinet meeting: 5 গেৰাণ্টীত প্ৰথম কেবিনেটৰ অনুমোদন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.