ETV Bharat / bharat

Manipur violence: আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি অশান্তি নিৰ্মূলৰ আশ্বাস এন বীৰেণ সিঙৰ - tension grips manipur

মণিপুৰৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ ৷ অতি শীঘ্ৰে এই অশান্ত পৰিৱেশৰ অৱসান ঘটোৱাৰ আশ্বাস ৷

Manipur violence
CM Biren Singh visits relief camps in Imphal
author img

By

Published : Jun 19, 2023, 8:03 PM IST

নিউজ ডেস্ক, 19 জুন: মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে সোমবাৰে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ৰাজ্যখনৰ একাংশ সাহায্য শিবিৰ পৰিদৰ্শন কৰে ৷ পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্য চৰকাৰে অতি সোনকালে ৰাইজক অস্থায়ীভাৱে ৰখাৰ বাবে প্ৰি-ফেব্ৰিকেটেড ঘৰ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছে । মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে কয়, "মই কিছুমান সাহায্য শিবিৰ পৰিদৰ্শন কৰিলোঁ ৷ বহু মানুহ ক্ষতিগ্ৰস্ত হৈছে । ৰাজ্য চৰকাৰে সাময়িকভাৱে তেওঁলোকক ৰখাৰ বাবে প্ৰি-ফেব্ৰিকেটেড ঘৰ নিৰ্মাণ কৰিবলৈ ওলাইছে ।" তেওঁ আৰু কয়, "প্ৰায় 3000-4000, ঘৰ নিৰ্মাণ কৰা হ'ব, আমি গৰ নিৰ্মাণৰ বাবে স্থান বিচাৰিছোঁ ।"

18-19 জুনৰ মাজৰ নিশা অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে কান্তো সবালৰ পৰা চিংমাং গাঁৱৰ দিশে গুলীচালনা কৰাত ভাৰতীয় সেনাৰ এজন জোৱান আহত হয় ৷ এই বিষয়ে পৰ্যবেক্ষণৰ বাবে এখন নিৰাপত্তা বৈঠক অনুষ্ঠিত কৰিব বুলি উল্লেখ কৰে মুখ্যমমন্ত্ৰী বীৰেন সিঙে ৷ তেওঁ কয়, ‘‘এতিয়া মই এখন নিৰাপত্তা বৈঠক অনুষ্ঠিত কৰিম ৷ এই ঘটনা কিদৰে সংঘটিত হ’ল আৰু ভৱিষ্যতে ইয়াক কিদৰে প্ৰতিহত কৰিব পৰা যাব সেই বিষয়ে পৰ্যবেক্ষণ কৰা হ’ব ৷ এনে ধৰণৰ কাৰ্য-কলাপ অতি শীঘ্ৰে বন্ধ হ’ব লাগিব ৷’’ গুলীবিদ্ধ হোৱা সেনা জোৱানজনক উদ্ধাৰ কৰি লেইমাখঙৰ সেনা হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ ৷

এটা টুইটযোগে স্পিয়াৰ কৰ্পছে কয়, "18/19 জুনৰ নিশা কান্টো ছাবালৰ পৰা চিংমাং গাঁৱৰ দিশে গুলীচালনা কৰিছিল সশস্ত্ৰ দুৰ্বৃত্তই । অঞ্চলটোত গাঁৱৰ মানুহৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সেনা জোৱানসকলেও গুলীৰ প্ৰত্যুত্তৰ দিয়ে । এজন জোৱান গুলীবিদ্ধ হয় ৷ তেওঁক সামৰিক চিকিৎসালয় লেইমাখংলৈ স্থানান্তৰ কৰা হৈছে আৰু বৰ্তমান তেওঁ সুস্থিৰ হৈ আছে ।’’

লগতে পঢ়ক: Manipur Violence : পশ্চিম ইম্ফলত অপ্ৰৰোচিত গুলীচালনাত আহত সেনা জোৱান

"ইম্ফল উপত্যকাৰ হিংসাজৰ্জৰ অঞ্চলত দেওবাৰে ভাৰতীয় সেনাই ফ্লেগ মাৰ্চ কৰে । শনিবাৰে ইম্ফল পূৱ জিলা কৰ্তৃপক্ষই নিৰ্দেশ দিয়ে পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ সান্ধ্য আই শিথিল কৰিবলৈ ৷ যাতে ঔষধ আৰু খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ সাধাৰণ জনতাৰ সুবিধা হয় । সান্ধ্য আইন শিথিল কৰা হ’বলগীয়া অঞ্চলসমূহৰ ভিতৰত আছে হাট্টা ক্ৰছিঙৰ পৰা আৰ ডি এছ ক্ৰছিঙলৈ, ইম্ফল নদীৰ সঞ্জেনথংৰ পৰা মিনুথংলৈ, মিনুথংৰ পৰা হাট্টা ক্ৰছিংলৈ, আৰ ডি এছ ক্ৰছিংৰ পৰা সঞ্জেনথংলৈ । ৰাজ্য চৰকাৰে ৰাজ্যত ইণ্টাৰনেট বন্ধ কৰাৰ সময় আৰু অধিক বৃদ্ধি কৰিছে 20 জুনলৈকে ৷

যোৱা সপ্তাহত বুধবাৰে দুস্কৃতিকাৰীয়ে ইম্ফল পশ্চিমৰ মণিপুৰৰ মন্ত্ৰী নেমচা কিপগেনৰ চৰকাৰী বাসগৃহ জ্বলাই দিয়াৰ চেষ্টা চলাইছিল । তেওঁৰ ঘৰটো আংশিকভাৱে জ্বলি যায় । অনুসূচিত জনজাতিৰ তালিকাত মেইটেই সকলক অন্তৰ্ভুক্ত কৰাৰ দাবীৰ প্ৰতিবাদত সদৌ জনজাতি ছাত্ৰ সন্থাই আয়োজন কৰা এক সমাৱেশৰ সময়ত সংঘৰ্ষৰ সৃষ্টি হোৱাৰ পিচত যোৱা 3 মে’ত মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় ।

লগতে পঢ়ক: Manipur Violence : পপী খেতি আৰু প্ৰব্ৰজিত উগ্ৰপন্থীৰ গোট মণিপুৰৰ হিংসাত্মক কাৰ্যৰ প্ৰধান কাৰণ নেকি !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.