ETV Bharat / bharat

Manipur CM on Manipur violence: মণিপুৰৰ সংঘৰ্ষক গোষ্ঠী সংঘৰ্ষৰ বিপৰীতে প্ৰৰোচিত সংঘৰ্ষ আখ্যা মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ - Indigenous Tribal Leaders’ Forum

মণিপুৰৰ বৰ্তমানৰ সংকট জাতি-জনগোষ্ঠীৰ সংঘৰ্ষ নহয়, লগতে এয়া ৰাজ্যখনৰ আইন-শৃংখলাৰ বিষয় নহয়, বৰঞ্চ উগ্ৰপন্থী সংগঠনৰ সহযোগত ম্যানমাৰ আৰু বাংলাদেশ ভিত্তিক কুকি উগ্ৰপন্থীয়ে ভাৰতীয় সংঘৰ বিৰুদ্ধে যুদ্ধৰ বাবে প্ৰৰোচিত কৰিছে " মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কয় ।

Manipur CM on Manipur violence
মুখ্যমন্ত্ৰী এন. বীৰেণ সিং
author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 8:54 AM IST

নেশ্যনেল ডেস্ক, 2 অক্টোবৰ: মণিপুৰত অব্যাহত আছে উত্তপ্ত পৰিস্থিতিৰ ৷ এই সংঘৰ্ষক গোষ্ঠী সংঘৰ্ষৰ পৰিৱৰ্তে ৰাজ্যৰ বাহিৰৰ একাংশৰ ক্ৰিয়া-কৰ্ম বুলি দেওবাৰে কয় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰৰ বিৰুদ্ধে ম্যানমাৰ আৰু বাংলাদেশৰ বিদ্ৰোহী গোটে চলোৱা ‘প্ৰক্সি যুদ্ধ’ৰ বাবে অচলাৱস্থাৰ সৃষ্টি হৈছে মণিপুৰত ৷ অৱশ্যে বহুতেই এই সংঘৰ্ষক ‘গোষ্ঠীগত সংঘৰ্ষ’ বুলি বিভিন্ন মাধ্যমেৰে প্ৰচাৰ চলায় এক পৰিকল্পিত অপপ্ৰচাৰ চলায় আছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ চুবুৰীয়া দুখন দেশৰ পৰা সৰবৰাহ হোৱা নিষিদ্ধ অস্ত্ৰ সংগঠনৰ অবাধ প্ৰচলন, গতি-বিধিক ৰাজ্যখনত সৃষ্টি হোৱা সমস্যাৰ বাবে দোষাৰোপ কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই অশান্তিজৰ্জৰ পৰিস্থিতিৰ উচতনি এটা গোটৰ লোকে প্ৰদান কৰিছিল, যিয়ে ৰাজ্যখনক বিভাজিত কৰিব বিচাৰে ৷ অৱশ্যে সংঘাতপূৰ্ণ এই পৰিস্থিতিক জনগোষ্ঠীয় বা সাম্প্ৰদায়িক সংঘৰ্ষ, ধৰ্মভিত্তিক সংঘৰ্ষ অথবা “সংখ্যালঘু আৰু সংখ্যালঘু গোট”ৰ মাজৰ সংঘৰ্ষ হিচাপে দেখুৱাবলৈ যত্ন কৰা পৰিলক্ষিত হৈছে ৷

বীৰেণ সিঙে কয় যে "অৱশ্যে জনসাধাৰণে কোৱা বক্তব্যৰ পৰা প্ৰকৃত কাৰণটো ওলাই পৰিছে ।" কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মণিপুৰ হিংসা সন্দৰ্ভত দিয়া বক্তব্য আৰু শনিবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই সন্দেহযুক্ত সন্ত্ৰাসবাদী ছেইমিনলুন গাংটেক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত প্ৰকাশ কৰা বক্তব্যৰ কথা মনত পেলাই মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত সৃষ্টি হোৱা সংকটৰ "স্পষ্ট কাৰণ"ৰ সন্দৰ্ভত বক্তব্য ৰাখে ।

বীৰেণ সিঙে কয়, "যিহেতু বিষয়টো ভাৰতীয় সংঘৰ বিৰুদ্ধে যুদ্ধ, গতিকে কেন্দ্ৰীয় চৰকাৰে ইয়াক মোকাবিলা কৰাৰ বাবে অধিক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব ।" এগৰাকী কন্যাসহ দুগৰাকী ছাত্ৰৰ হত্যা সন্দৰ্ভত CBI ৰ চাৰিজন সন্দেহযুক্ত অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ কথা উল্লেখ কৰি বীৰেণ সিঙে সেনা, অৰ্ধসামৰিক বাহিনী আৰু ৰাজ্যৰ আৰক্ষীৰ লগতে তদন্তকাৰী সংস্থাটোৱে গ্ৰহণ কৰা ক্ষীপ্ৰ পদক্ষেপক প্ৰশংসা কৰে । তেওঁ পুনৰ কয় আইন অনুসৰি অপৰাধীক কঠোৰ শাস্তি দিয়াটো নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে দৃঢ় স্থিতি গ্ৰহণ কৰিছে ।

প্ৰথম অৱস্থাত দুগৰাকী ছাত্ৰক হত্যা কৰা ঘটনা সন্দৰ্ভত দুগৰাকী মহিলাকে ধৰি ছয়জনক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও দুগৰাকী নাবালক হোৱাৰ বাবে ইম্ফল বিমানবন্দৰত আত্মীয়ৰ হাতত গতাই দিয়া হয় । নিয়ম মানি চলিবৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজলৈ আহ্বান জনোৱাৰ লগতে আইন মানি চলাৰ ফলত প্ৰতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰ মাজত ভুল বুজাবুজি আৰু সংঘৰ্ষ এৰাই চলিব পাৰি বুলি উল্লেখ কৰে ৷

ইফালে, দুজন নাবালককে ধৰি 7 জনকৈ কুকিক অপহৰণৰ প্ৰতিবাদত মণিপুৰৰ আদিবাসীসকলৰ এটা শীৰ্ষ সংগঠন Indigenous Tribal Leaders’ Forum (ITLF) ই দেওবাৰে চুৰাচান্দপুৰ জিলাত অনিৰ্দিষ্টকালৰ বাবে বন্ধৰ আহ্বান জনায় । সংগঠনটোৰ এগৰাকী মুখপাত্ৰই সোমবাৰৰ পৰা সকলো চৰকাৰী কাৰ্যালয় বন্ধ থাকিব বুলি জনায় ।

লগতে পঢ়ক: Kuki demands Puducherry like UT : পুডুচেৰীৰ দৰে কেন্দ্ৰীয় শাসিত অঞ্চলৰ দাবী কুকি সংগঠনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.