নেশ্যনেল ডেস্ক, 22 জুলাই : শুকুৰবাৰে এক দলীয় অনুষ্ঠানত আনুষ্ঠানিকভাৱে পঞ্জাৱ কংগ্ৰেছৰ দায়িত্ব ল'ব নৱজ্যোত সিং সিদ্ধুৱে ৷ কংগ্ৰেছৰ হাইকামাণ্ডে ইতিমধ্যে নৱজ্যোত সিং সিদ্ধুক পঞ্জাৱ কংগ্ৰেছৰ দায়িত্ব অৰ্পন কৰিছে ৷ মন কৰিবলগীয়া যে, নৱজ্যোত সিং সিদ্ধুৱে পঞ্জাৱ কংগ্ৰেছ দায়িত্ব গ্ৰহণ কৰা অনুষ্ঠানত উপস্থিত থাকিব পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং ৷
এই লৈ এতিয়া দেশৰ ৰাজনৈতিকভাৱে সচেতন লোকসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কিয়নো যোৱা কিছু দিনৰ পৰা নৱজ্যোত সিং সিদ্ধু আৰু কেপ্টেইন অমৰিন্দৰ সিঙৰ মাজত বিভিন্ন বিষয়ত বাক-বিতণ্ডা তথা মতানৈক্য সৃষ্টি হোৱা হোৱা পৰিলক্ষিত হৈছিল ৷ যাক লৈ দেশৰ ৰাজনৈতিক সমালোচক তথা বিশ্লেষকসকলে পঞ্জাৱ কংগ্ৰছত বিসম্বাদ সৃষ্টি হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছিল ৷
কিন্তু ইয়াৰ বিপৰীত এক দৃশ্য শুকুৰবাৰে দেখিবলৈ পোৱা যাব পঞ্জাৱ কংগ্ৰেছত ৷ বৃহস্পতিবাৰে কংগ্ৰেছৰ কেইবাজনো বিধায়কে কেপ্টেইন অমৰিন্দৰ সিঙক চিচৱানস্থিত ফাৰ্ম হাউচত নৱজ্যোত সিং সিদ্ধুৱে পঞ্জাৱ কংগ্ৰছৰ দায়িত্ব গ্ৰহণৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনায় ৷ ইয়াৰ পাচতে পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দলীয় বিধায়কৰ নিমন্ত্ৰণ ৰক্ষা কৰি উক্ত অনুষ্ঠানত উপস্থিত থকাৰ কথা প্ৰকাশ কৰে ৷
তথ্য অনুসৰি, নৱজ্যোত সিং সিদ্ধু আৰু মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে শুকুৰবাৰে পঞ্জাৱ ভৱনত কংগ্ৰেছৰ বিধায়ক আৰু কেবিনেট মন্ত্ৰীসকলৰ সৈতে মিলিত হ'ব ৷ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙক লগ ধৰাৰ পাচতে এই কথা প্ৰকাশ কৰে ফাতেহগড় চাহিব বিধানসভাৰ সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক কুলজিৎ সিং নাগ্ৰাই ৷
ইফালে, এই সন্দৰ্ভত পঞ্জাৱ কংগ্ৰেছৰ নেতা ৰমিন্দৰ সিং আৱালাই কয়, "ইতিমধ্যে মুখ্যমন্ত্ৰীক নৱজ্যোত সিং সিদ্ধুৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰা হৈছে ৷ কেপ্টেইন অমৰিন্দৰ সিঙেও এই ক্ষেত্ৰত সহমত প্ৰকাশ কৰিছে ৷ বৰ্তমান নৱজ্যোত সিং সিদ্ধুৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী গৰাকীৰ কোনো মতভেদ নাই আৰু কংগ্ৰেছৰ ভিতৰ চৰাত কোনো মতবিৰোধৰ সৃষ্টি হোৱা নাই, সকলো ঠিকে আছে ৷"
উল্লেখ্য যে, পঞ্জাৱ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নৱজোট সিং সিদ্ধুক কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিব বুলি খবৰ ওলোৱাৰ পিছতে দলৰ ভিতৰচ'ৰাত তীব্ৰ অসন্তুষ্টি দেখিবলৈ পোৱা গৈছিল । বিশেষকৈ প্ৰাক্তন সহকৰ্মী তথা পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে (Punjab Chief Minister Amarinder Singh) নিজৰ অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছিল ।
লগতে পঢ়ক: ৰাজহুৱাকৈ ক্ষমা নিবিচৰালৈকে নৱজ্যোত সিং সিদ্ধুক সাক্ষাৎ নকৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে