ETV Bharat / bharat

Cloud burst in Uttarakhand : ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত উত্তৰকাশীত হাহাকাৰ পৰিস্থিতি

author img

By

Published : Jul 22, 2023, 12:30 PM IST

উত্তৰকাশীত ডাৱৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ পৰিস্থিতি । প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে । বানৰ কৱলত পৰিছে কস্তুৰবা কন্যা আৱাসিক বিদ্যালয় ।

Cloud burst in Uttarakhand
বৰষুণ আৰু ভূমিস্খলনৰ ফলত উত্তৰকাশীত হাহাকাৰ পৰিস্থিতি

নেশ্যনেল ডেস্ক,২২ জুলাই : উত্তৰাখণ্ডত পুনৰ ডাৱৰ বিস্ফোৰণ । ফলত উত্তৰকাশীকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে । নিশাৰে পৰা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । উত্তৰকাশীৰ বিভিন্ন অঞ্চল প্লাৱিত হৈছে ।

নিশা উত্তৰকাশীৰ পুৰোলাৰ ছাদাৰ সমীপত ডাৱৰ বিস্ফোৰণৰ খবৰ পোৱা গৈছে । ইয়াৰ পাছতে প্ৰচণ্ড বৰষুণ আৰু পাহাৰৰ পৰা নামি অহা মাটি, আৱৰ্জনাই পুতি পেলাইছে বহু ৰাস্তা-ঘাট, ঘৰ আদি । ধ্বংসস্তুপত পৰিণত হৈছে বহু সম্পত্তি । ইফালে কেইবাটাও মূল পথ আৱদ্ধ হৈ পৰিছে আৰু বহুতো বাহন আৰু কটেজৰ ক্ষতি হৈছে । ৰাজপথৰ চৌদিশে কেৱল ধ্বংসাৱশেষ দেখা গৈছে । ঘটনাটোৰ পাছতে জিলা প্ৰশাসনৰ লোকসকল উপস্থিত হৈছে আৰু সাহায্যৰ লগতে উদ্ধাৰৰ কাম আৰম্ভ কৰিছে ।

উত্তৰকাশীৰ কস্তুৰবা কন্যা আৱাসিক বিদ্যালয়ো নিশা বানপানীত প্লাৱিত হৈছে । ইয়াৰ পাছত এছডিআৰএফৰ লোকসকল ঘটনাস্থলীত উপস্থিত হৈ সকলো শিক্ষাৰ্থীক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছে । দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মতে ধাৰাচু বেণ্ড আৰু গাংনানিৰ ওচৰত ধ্বংসাৱশেষ আৰু শিলৰ বাবে যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছে । ৰাষ্ট্ৰীয় ঘাইপথ বৰকোটৰ মাজেৰে পথটো মুকলি কৰাৰ প্ৰচেষ্টা চলি আছে । একে সময়তে, ধুণ্টাৰীৰ তিনিটা আৱাসিক ভৱনো ক্ষতিগ্ৰস্ত হৈছে । উত্তৰকাশী লামগাঁও মটৰৱে ধুন্টাৰীৰ ওচৰৰ পথ এটাও আৱদ্ধ হৈ পৰিছে । ইফালে চিনিয়ালিচাউৰৰ অন্তৰ্গত নাগনি অঞ্চলো প্লাৱিত হৈছে ।

খহনীয়াৰ ফলত পুৰোলাৰ অন্তৰ্গত ছাদা খাদৰ কিছুমান বাসগৃহও বিপদজ্জনক অৱস্থাত আছে । তথ্য লাভ কৰাৰ পাছতে পুৰোলা আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰিছে । বাদকোট তহচিলৰ অন্তৰ্গত গাংনানিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ তলৰ কিছুমান ঘৰত পাহাৰৰ পৰা নামি অহা ধ্বংসাৱশেষ প্ৰৱেশ কৰিছে । যাৰ ফলত সেই অঞ্চলৰ লোকসকল ব্যাপক সমস্যাৰ সন্মুখীন হৈছে । ইফালে বতৰ বিজ্ঞান বিভাগে ৪ দিনৰ বাবে উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে । জানিব পৰা মতে ডেৰাডুন, তেহৰি, গড়ৱাল, হৰিদ্বাৰ, উত্তৰকাশীৰ দৰে অঞ্চলবোৰত নিশাৰে পৰা বৰষুণ হৈ আছে ।

লগতে পঢ়ক :Delhi Flood: পুনৰ বিপদসীমাৰ ওপৰত বৈছে যমুনা নদীৰ জলস্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.