ETV Bharat / bharat

CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা: ফলাফল সাজু কৰাৰ বাবে বিদ্যালয়সমূহক অধিক সময় প্ৰদান - কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ(CBSE)এ ব’ৰ্ডৰ দ্বাদশ শ্ৰেণীৰ ব’ৰ্ডৰ পৰীক্ষাৰ ফলাফল 25 জুলাইত ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷ ফলাফল ঘোষণাৰ সময়ত যাতে কোনো সমস্যা নহয়, সেইবাবে ফলাফল সাজু কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিব ব’ৰ্ডে ৷

CBSE results deadline extend
CBSE পৰীক্ষাৰ ফলাফলৰ সময়সীমা বৃদ্ধি
author img

By

Published : Jul 21, 2021, 10:04 PM IST

নেশ্যনেল ডেস্ক,21 জুলাই : কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (CBSE)ৰ দ্বাদশ শ্ৰেণীৰ ব’ৰ্ডৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ সময়সীমা বৃদ্ধি ৷ আগন্তুক 25 জুলাইত ঘোষণা হ’ব পাৰে পৰীক্ষাৰ ফলাফল ৷ ব’ৰ্ডৰ পৰীক্ষা নিয়ন্ত্ৰক সন্যাম ভৰদ্বাজ (Sanyam Bhardwaj)এ বুধবাৰে এই কথা ঘোষণা কৰে ৷ পূৰ্বে ফলাফল ঘোষণাৰ দিন আছিল 22 জুলাই ৷

ভৰদ্বাজে সদৰী কৰা মতে, শিক্ষকসকলে পৰীক্ষাৰ ফলাফল প্ৰক্ৰিয়াৰ ক্ষেত্ৰত শংকাত ভুগিছে ৷ ফলাফল ঘোষণাৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই শিক্ষকসকলে ভুল কৰি আছে ৷ এই ভুল শুধৰাবলৈ বাৰে বাৰে ব’ৰ্ডক আহ্বান জনাইছে শিক্ষকসকলে ৷

তেওঁ লগতে কয় যে, ফলাফল ঘোষণাৰ সময়ত যাতে কোনো সমস্যাৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি ফলাফল সাজু কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াটোত অধিক গুৰুত্ব প্ৰদান কৰাৰ লগতে CBSEয়ে সাৱধানতাও অৱলম্বন কৰিব ৷

ক’ভিড(Covid)ৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰাৰ বাবে CBSE ব’ৰ্ডৰ পৰীক্ষাসমূহ বাতিল কৰা হৈছিল ৷ ইয়াৰ পাচতে ব’ৰ্ডে এক বিকল্প মূল্যাংকণ নীতি প্ৰয়োগ কৰি পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ অৱশ্যে বৰ্তমানেও ব’ৰ্ডে ফলাফল ঘোষণাৰ সঠিক দিন প্ৰকাশ কৰা নাই ৷ কিন্তু, আগন্তুক 31 জুলাইলৈকেও ঘোষণা হ’ব পাৰে পৰীক্ষাৰ ফলাফল ৷

নম্বৰ, গ্ৰেড আদি মূল্যাংকনৰ বাবে পৰিষদে ইতিমধ্যে এটা টেবুলেচন প’ৰ্টেল মুকলি কৰিছে । একাদশ শ্ৰেণীৰ পৰীক্ষা আৰু দ্বাদশ শ্ৰেণীৰ প্ৰাক ব'ৰ্ড পৰীক্ষাৰ ওপৰত ভিত্তি কৰি দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল নিৰ্ণয় কৰা হ'ব । দ্বাদশ শ্ৰেণীৰ বাবে তত্ব বিষয়ক নম্বৰৰ গণনা এক বা একাধিক গোট পৰীক্ষা(Unit Test), মিড টাৰ্ম (Mid Term) আৰু প্ৰাক্ ব'ৰ্ড (Pre Board) পৰীক্ষাৰ ওপৰত ভিত্তি কৰি নিৰ্ণয় কৰা হ'ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : CBSE ৰ মূল্যাংকনৰ বাবে টেবুলেচন প’ৰ্টেল মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.