ETV Bharat / bharat

Clash Between TMC and BJP: পশ্চিমবংগত প্ৰাক নিৰ্বাচনী হিংসা; 1জন নিহত, 5জন আহত - Clash Between TMC and BJP in West Bengal

পশ্চিমবংগৰ দিনহাটাত তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ মাজত সংঘৰ্ষত এজন নিহত আৰু পাঁচজন আহত ৷ মঙলবাৰে পুৱা সংঘটিত হয় এই দুৰ্ভাগ্যজনক ঘটনাটো ৷ ৰাজ্যখনৰ কোঁচবিহাৰৰ দিনহাটাৰ গীতালদাহৰ জাৰিধৰলা গাঁৱত হৈছে এই সংঘৰ্ষৰ ঘটনা ।

West Bengal Panchayat Polls
পশ্চিমবংগত প্ৰাক নিৰ্বাচনী হিংসা
author img

By

Published : Jun 27, 2023, 12:31 PM IST

নেশ্যনেল ডেস্ক, 27 জুন : পশ্চিমবংগত প্ৰাক-নিৰ্বাচনী হিংসা ৷ 8 জুলাইত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে শাসকীয় তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় ৷ পশ্চিমবংগৰ কোচবিহাৰৰ দিনহাটা থানা এলেকাৰ অন্তৰ্গত গীতালদহৰ জৰীধৰলা গাঁৱত মঙলবাৰে এই সংঘৰ্ষ হয় ৷ সংঘৰ্ষৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন 5 জন লোক আহত হয় ৷ আহতসকলক চিকিৎসাৰ বাবে কোচবিহাৰৰ ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

কোচবিহাৰৰ আৰক্ষী অধীক্ষক সুমিত কুমাৰে ঘটনা সন্দৰ্ভত জানিবলৈ দি কয়, ‘‘দুটা স্থানীয় গোটৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল, যাৰ ফলত গুলীচালনা হৈছিল । এই সংঘৰ্ষৰ আঁৰৰ কাৰণ এতিয়াও নিৰ্ণয় কৰিব পৰা নাই । অঞ্চলটোত আইন-শৃংখলা পৰিস্থিতি বাহাল ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।’’ সংঘৰ্ষৰ খবৰ লাভ কৰাৰ পিচতে জৰীধৰলা গ্ৰাম পঞ্চায়তৰ অশান্ত অঞ্চললৈ আৰক্ষীৰ লোক সষ্টম কৰা হৈছে বুলি কয় কুমাৰে ।

বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি জনসাধাৰণক আশ্বাস দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে । উল্লেখযোগ্য যে, ভাৰত আৰু বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত অৱস্থিত এলেকাত সংঘটিত হৈছে এই সংঘৰ্ষ । সংঘৰ্ষৰ ফলত পাঁচজন ব্যক্তি আঘাতপ্ৰাপ্ত হোৱাৰ লগতে বাবু হ’ক নামৰ এজন গুলীবিদ্ধ হৈ হৈ মৃত্যুক সাৱটি লয় । যাতায়তৰ বাবে নাও ব্যৱহাৰ কৰিবলগীয়া এক দুৰ্গম এলেকাত সংঘৰ্ষৰ সূত্ৰপাত হৈছে ।

স্থানীয় তৃণমূল কংগ্ৰেছৰ নেতাসকলে বিজেপি কৰ্মীয়ে তেওঁলোকক আক্ৰমণ কৰাৰ ফলত সংঘৰ্ষৰ সৃষ্টি হয় বুলি উল্লেখ কৰি তৃণমূল কংগ্ৰেছৰ এজন নেতাই কয়, ‘‘বিজেপিয়ে আমাক অহৰহ উচটনি প্ৰদান কৰি আহিছে । ৰাইজক ভয় খুওৱাৰ লগতে প্ৰচাৰ অভিযানত বাধা প্ৰদান কৰি আহিছে । তেওঁলোকে আমাক অপ্ৰৰোচিতভাৱে আক্ৰমণ কৰিছিল আৰু আমাৰ নিৰস্ত্ৰ কৰ্মীসকলৰ ওপৰত গুলীচালনা কৰিছিল যাৰ ফলত এজন লোকৰ মৃত্যু হয় আৰু পাঁচজন আহত হয় ।’’

অৱশ্যে বিজেপিয়ে এই অভিযোগ খণ্ডন কৰি 'এই সংঘৰ্ষ তৃণমূল কংগ্ৰেছৰ আভ্যন্তৰীণ প্ৰতিদ্বন্দ্বিতাৰ ফল আৰু ইয়াৰ লগত বিজেপিৰ কোনো সম্পৰ্ক নাই' বুলি স্পষ্ট কৰি দিয়ে । দুৰ্ভাগ্যজনক বিষয় যে এতিয়ালৈকে মুঠ 9 জন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে ৷ ইয়াৰ ভিতৰত তৃণমূল কংগ্ৰেছৰ 5 জন লোক, কংগ্ৰেছ দল দুজন, আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী), ইণ্ডিয়ান চেকুলাৰ ফ্ৰণ্ট, আৰু বিজেপিৰ পৰা এজনকৈ লোকৰ মৃত্যু হৈছে ।

লগতে পঢ়ক : Manipur Violence : মণিপুৰলৈ শান্তি ঘূৰাই অনাত প্ৰত্যাহ্বান সৃষ্টি কৰিছে মহিলাই; ভাৰতীয় সেনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.