ছিমলা চুক্তি স্বাক্ষৰিত কৰাৰ পূৰ্বে ভাৰতৰ হাতত বন্দী হৈ থকা 95,000 পাকিস্তানীৰ বাবেই ভাৰতে কাশ্মীৰ সমস্যা সমাধান কৰাৰ সুযোগ লাভ কৰিছিল ৷ কিন্তু সেই সুবিধা আমি হেৰুৱালো ৷ 'Reporting India: My Seventy-Year Journey as a Journalist' নামৰ নিজৰ গ্ৰন্থত এই কথা উল্লেখ কৰিছে প্ৰখ্যাত জ্যেষ্ঠ সাংবাদিক প্ৰেম প্ৰকাশে ৷ প্ৰকাশে নিজৰ 70 বৰ্ষীয় সক্ৰিয় সাংবাদিকতা সম্পৰ্কত মন্তব্য কৰি ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম দেৱৰয়ৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত কয় যে, চীনক কোনো কাৰণতে বিশ্বাসত ল'ব নোৱাৰি ৷ তেওঁ কয় যে, 1962 চনৰ যুদ্ধৰ পাচত প্ৰয়াত প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে 20 মাহৰ ভিতৰত ভাৰতীয় সেনাক সুসংগঠিত কৰিবলৈ সক্ষম হৈছিল ৷
সাক্ষাৎকাৰৰ অংশবিশেষ :
প্ৰশ্ন : আপোনাৰ গ্ৰন্থৰ কিছু গুৰুত্বপূৰ্ণ তথ্য আমাক জনাওক ৷
উত্তৰ: সাংবাদিক হিচাপে মোৰ কেৰিয়াৰত সংগ্ৰহ কৰা সকলোবোৰ গুৰুত্বপূৰ্ণ সংবাদ মই গ্ৰন্থখনত সন্নিবিষ্টি কৰিছো ৷ ভাৰতত ব্ৰিটিছ থকা সময়ত মই সৰু আছিলো আৰু এই বিষয়ে মই গ্ৰন্থখনত উল্লেখ কৰিছো ৷ ৰাজনীতিৰ সংবাদ সংগ্ৰহ কৰা সম্পৰ্কত মই 31 বছৰ বয়সত মান্যতা লাভ কৰিবলৈ সক্ষম হৈছিলো ৷ সেই সময়ত এয়া সহজ আছিল আৰু প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জীৱন পৰিক্ৰমা সম্পৰ্কত সংবাদ সংগ্ৰহৰ বাবে নিযুক্তি লাভ কৰিছিলো ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ ঘৰত মই এক চিনাকি নাম হৈ পৰিছিলো ৷ আৰু মই স্বীকাৰ কৰিব লাগিব যে, মোৰ কেৰিয়াৰ গঠনত পণ্ডিত জীৰ অৱদান অসীম কিয়নো কিদৰে সাক্ষাৎকাৰ গ্ৰহণ কৰিব লাগে সেয়া শিকিবলৈ সক্ষম হৈছিলো ৷ এয়া এক বিৰল মুহূৰ্ত আছিল আৰু ইয়াৰ পাচৰে পৰা তেওঁৰ কাৰ্যকাল, বিভিন্ন আঁচনি, চীনৰ সৈতে সম্পৰ্ক, 1962 যুদ্ধ, পণ্ডিতজীৰ মৃত্যু, তাছকেন্টলৈ শাস্ত্ৰী জীৰ (লাল বাহাদুৰ শাস্ত্ৰী) যাত্ৰা, 1965 যুদ্ধ জয় আদিৰ সংবাদ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিলো ৷ এখন যুদ্ধৰ সময়ত মই সৈন্য বাহিনীৰ সৈতে পাহাৰো বগাইছিলো (মোৰ গ্ৰন্থখনৰ বেটুপাতত দেখিবলৈ পাব) ৷ মই প্ৰায় সকলো বিষয়ত সংবাদ সংগ্ৰহ কৰিছো ৷
প্ৰশ্ন : আপোনাৰ গ্ৰন্থত উল্লেখ কৰিছিল যে, সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে 1962 যুদ্ধত চীনৰ বিৰুদ্ধে পৰাস্ত হৈ দোষী অনুভৱ কৰিছিল ৷
উত্তৰ : আচলতে তেওঁ দোষী অথবা চীনৰ বিৰুদ্ধে আত্মসমৰ্পন কৰা নাছিল ৷ কিন্তু তেওঁ সৈন্য বাহিনীত আধুনিকীকৰণ হোৱাটো বিচাৰিছিল ৷ কিন্তু সেই সয়মত তেওঁৰ প্ৰতিৰক্ষা মন্ত্ৰী আছিল কৃষ্ণ মেনন ৷ আৰু কিছু ক্ষেত্ৰত মেনন আৰু নেহৰুয়ে দ্বিতীয় বিশ্ব যুদ্ধৰ সন্ত্ৰাসৰ পাচত বিশ্বাস কৰিছিল যে, যুদ্ধই কোনো সমস্যাৰ সমাধান নকৰে ৷ সেয়েহে, ভাৰতীয় সেনাত তেওঁলোকে আধুনিকীকৰণ কৰা নাছিল আৰু চীনৰ সৈতে যুদ্ধৰ সময়ত দ্বিতীয় বিশ্ব যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰৰেই যুঁজত নামিছিল ৷ সেই সময়ছোৱাত যুদ্ধৰ পৰা বিৰত থাকিবৰ বাবে চীনৰ সৈতে ৰাজনৈতিক আলোচনাও কৰিছিল...কিন্তু চীনক কেতিয়াও বিশ্বাস কৰিব নোৱাৰি কিয়নো চীনা সৈন্যই যুদ্ধ কৰিবৰ বাবে আগবাঢ়ি আহিছিল ৷ তেওঁলোকে বৰ্তমানৰ অৰুণাচলস্থিত North East Frontier Area (NEFA) পাৰ হৈ আহিছিল ৷ আমাৰ সৈন্যক পাঞ্জাৱ আৰু অন্যান্য সমতল অঞ্চললৈ প্ৰেৰণ কৰিবলগা হৈছিল ৷ তেওঁলোকে যিকোনো প্ৰকাৰে সেই স্থানসমূহত উপস্থিত হৈছিল আৰু যেতিয়া তেওঁলোক চেলাৰ শীৰ্ষত উপস্থিত হৈছিল চীনা সৈন্য আমাতকৈ উৰ্ধত আছিল ৷ ইয়াৰ পাচত চীনা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ফলত ভাৰতীয় সৈন্যই পৰাজয় স্বীকাৰ কৰিবলগা হয় ৷
লগতে মনত ৰখা উচিত যে, কৃষ্ণ মেননে সমগ্ৰ বিষয়টো ৰাজনীতিকৰণ কৰি জেনেৰেল বিএম কৌলক নিযুক্তি প্ৰদান কৰিছিল ৷ তেওঁ সৈন্য বাহিনীৰ যোগান কৰ্পছৰ এজন জেনেৰেল আছিল ৷ তেওঁ সৈন্য বাহিনীক ৰেচন যোগানহে ধৰিছিল, তেওঁৰ যুদ্ধক্ষেত্ৰত কোনো অভিজ্ঞতা নাছিল ৷ এনে এজন জেনেৰেল থাকিলে আপুনি নিশ্চয়কৈ যুদ্ধত পৰাজয় স্বীকাৰ কৰিব লাগিব !
প্ৰশ্ন : পূৰ্বৰ আৰু বৰ্তমানৰ ভাৰতৰ বৈদেশিক নীতি সম্পৰ্কত যদি জানিব বিচাৰো আপোনাৰ দৃষ্টিভংগী কি হ'ব ?
উত্তৰ : স্বাধীনতা সংগ্ৰামৰ সময়তে এক স্বাধীন বৈদেশিক নীতিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ কিন্তু দুৰ্ভাগ্যবশতঃ আমি ছোভিয়েট ইউনিয়ন আৰু আমেৰিকাৰ শীতল যুদ্ধৰ ভুক্তভোগী হ'লো ৷ কিয়নো আমি দুয়োটা পক্ষৰ সৈতে মিত্ৰতা বজাই ৰাখিব লগা হৈছিল ৷ আৰু দুয়োটা পক্ষই আমাক তেওঁলোকৰ সৈতে থিয় দিয়াটো বিচাৰিছিল ৷ আমি ভুক্তভোগী হ'লো কিন্তু আমাৰ নীতি ভুল নাছিল ৷ বৰ্তমান বৈশ্বিক পৰিৱৰ্তন আহিছে ৷ সেয়েহে ভাৰতৰ নিজৰ ৰুচিসমূহ সুৰক্ষিত কৰি ৰাখিবৰ বাবে এক নীতিৰ প্ৰয়োজন ৷ কিন্তু 1962 চনৰ যুদ্ধৰ পাচত পণ্ডিত জীয়ে 20 মাহৰ ভিতৰত ভাৰতীয় সৈন্য বাহিনীক নতুনকৈ সংগঠিত কৰে ৷ ৰাতি বহু দেৰিলৈকে তেওঁক কাম কৰা মই দেখা পাইছিলো ৷ সেই কষ্টৰ ফলাফল আমি 1967 চনত দেখা পাইছিলো ৷ চীনে পুনৰ নাথুলাত আমাৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিছিল, আমি চীনক পৰাস্ত কৰাই নহয় 400 ৰো অধিক চীনা সৈন্যক হত্যা কৰিছিলো আৰু তিব্বতৰ সীমান্তৰ 30 মাইল ভিতৰত তেওঁলোকে পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল ৷ সেই সময়ত ভাৰতৰ জেনেৰেল সাগত সিঙে এক একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছিল যাতে চীনা সৈন্যই মৃতদেহবোৰ লৈ যাব পাৰে ৷ এনেদৰেই মৃত্যুৰ পূৰ্বে তেওঁ ভাৰতীয় সৈন্যক শক্তিশালী হিচাপে গঢ় দি গৈছিল ৷
প্ৰশ্ন : বাংলাদেশৰ স্বাধীনতা আন্দোলনৰ সময়ত ভাৰতৰ ভূমিকা সম্পৰ্কত আপুনি বহু সংবাদ সংগ্ৰহ কৰিছিল ৷ সেই সম্পৰ্কত জনাব নেকি ?
উত্তৰ : পাকিস্তানে নিজৰ নিৰ্বাচনক মান্যতা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ সময়তে বাংলাদেশত সংকটে দেখা দিছিল ৷ ইষ্ট পাকিস্তানত শ্বেইখ মুজিবুৰ ৰহমানক সংখ্যাগৰিষ্ঠ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছিল ৷ আৰু ভূট্টো (জুলফিকৰ আলি ভূট্টো) আৰু পাকিস্তান সৈন্যই ৰহমান প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাটো সহজভাৱে ল'ব পৰা নাছিল ৷ ইয়াৰ ফলত বহু সমস্যাৰ সৃষ্টি হৈছিল আৰু শ্বেইখ মুজিবুৰ ৰহমানে ঘোষণা কৰিছিল যে, এই সংগ্ৰাম স্বাধীনতাৰ বাবে ৷ ইয়াৰ পাচতে পাকিস্তানী সৈন্যই ষড়যন্ত্ৰ আৰম্ভ কৰিলে আৰু প্ৰায় 1 মিলিয়ন শৰণাৰ্থী ভাৰতলৈ আহিল ৷ কেৱল হিন্দুৱে নহয়, আৱামী লীগৰ সমৰ্থনকাৰী মুছলিম সকলো ভাৰতলৈ আহিল ৷ ভাৰতে সেই সময়ত এক পদক্ষেপ গ্ৰহণ কৰিবলগা হ'ল আৰু সেই অনুসৰি, সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে এই লোকসকল নিজৰ স্থানলৈ উভতি যাব লাগিব ৷ ভাৰতে তেওঁলোকক সহায় কৰিব আৰু এখন স্বাধীন বাংলাদেশ গঠন হ'ব ৷ সেয়েহে, মুক্তি বাহিনীৰ সৈতে যুদ্ধত কেৱল 15 দিনতে ভাৰতে তেওঁলোকক পৰাস্ত কৰিবলৈ সক্ষম হ'ল ৷
প্ৰশ্ন : আপুনি কৈছে যে, কাশ্মীৰ সমস্যাৰ সমাধান হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ছিমলা চুক্তিত স্বাক্ষৰ কৰি সমালোচনাৰ সন্মুখীন হৈছিল ৷
উত্তৰ : মনত ৰখা উচিত যে, আমাৰ 93,000 পাকিস্তানী যুদ্ধবন্দী আছিল ৷ দ্বিতীয় বিশ্ব যুদ্ধৰ পাচত এয়া সৰ্বাধিক পাকিস্তানী যুদ্ধবন্দী আছিল ৷ সেই সময়ত এই লোকসকলক উভতাই নিবৰ বাবে পাকিস্তানৰ ওপৰত চাপ আছিল ৷ ভূট্টোয়ে ছিমলাত আলোচনাৰ বাবে নিজ কন্যাৰ সৈতে উপস্থিত হৈছিল ৷ ভূট্টোয়ে আমাক আশ্বাস দিছিল যে, তেওঁলোকে কাশ্মীৰ সীমান্ত আৰু অন্যান্য অঞ্চলত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা উলংঘা নকৰে ৷ অন্তিম দিনা বুজি উঠিছিলো যে, আলোচনা অসফল হৈছিল কিয়নো ভাৰতে কাশ্মীৰ বিবাদ নিস্পত্তি কৰিবলৈ জোৰ দি আছিল ৷
ইয়াৰ পাচতে আমাক জনোৱা হ'ল যে, নিশাৰ ভিতৰত এক চুক্তি স্বাক্ষৰিত হ'ব আৰু কাশ্মীৰ সীমান্ত সমাধান নোহোৱাকৈয়ে এই চুক্তি স্বাক্ষৰিত হ'ল ৷ সেয়াই এটা সুবিধা আছিল য'ত আমি চিৰদিনৰ বাবে সমস্যাৰ সমাধান কৰিব পাৰিলোহেঁতেন ৷ কিন্তু আমি সেই সুবিধা হেৰুৱালো !