ETV Bharat / bharat

ৰে’লৱে ষ্টেশ্যনত মাতৃৰ বুকুৰ পৰা চুৰি হোৱা শিশু উদ্ধাৰ বিজেপি নেত্ৰীৰ বাসগৃহত - Child stolen from Mathura railway station

মথুৰা জংচনৰ প্লেটফৰ্মৰ পৰা মাতৃৰ লগত শুই থকা অৱস্থাত চুৰি হোৱা এটি শিশু উদ্ধাৰ কৰা হৈছে বিজেপি নেত্ৰীৰ বাসগৃহত (Mathura Junction Stolen child)৷ ফিৰোজাবাদৰ বিজেপি নেতা আৰু ৱাৰ্ড কাউন্সিলাৰ বিনিতা আগৰৱালাৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে 7 মহীয়া দেৱশিশুটো(Stolen child found at bjp leaders home)৷

Child stolen from Mathura railway station found at bjp leaders home in Firozabad
ৰে’লৱে ষ্টেশ্যনত মাতৃৰ বুকুৰ পৰা চুৰি হোৱা শিশু উদ্ধাৰ বিজেপি নেত্ৰীৰ বাসগৃহত
author img

By

Published : Aug 29, 2022, 2:27 PM IST

নেশ্যনেল ডেস্ক, 29 আগষ্ট: বিজেপি নেত্ৰীৰ ঘৰত আজৱ কাণ্ড ৷ ৰে’লৱে ষ্টেশ্যনত মাতৃৰ সৈতে শুই অৱস্থাত চুৰি কৰা এটি শিশু উদ্ধাৰ কৰা হৈছে বিজেপি নেত্ৰীৰ বাসগৃহত (Mathura Junction Stolen child)৷ ফিৰোজাবাদৰ বিজেপি নেতা আৰু ৱাৰ্ড কাউন্সিলাৰ বিনিতা আগৰৱালাৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে নিখোজ হৈ থকা 7 মহীয়া দেৱশিশুটো (Stolen child found at bjp leaders home)৷

উল্লেখ্য যে যোৱা 24 আগষ্টত মথুৰা জংচনৰ প্লেটফৰ্মৰ পৰা মাতৃৰ লগত শুই থকা অৱস্থাত এটি শিশু চুৰি হোৱা ঘটনা চিচিটিভি ফুটেজত আৱদ্ধ হৈছিল(Mathura Junction Stolen child recovered)৷ ফুটেজ অনুসৰি এজন লোক মাজনিশা ৰে’লৱে ষ্টেশ্যনলৈ আহিছিল, তেওঁ চাৰিওফালে নীৰিক্ষণ কৰি এগৰাকী মহিলাৰ লগত শুই থকা 7 মহীয়া শিশুটোক চুৰি কৰি লৈ যায় (Child stolen from Mathura railway station)৷

এই ঘটনা সন্দৰ্ভত মথুৰা আৰক্ষী থানাত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল ৷ আৰক্ষীয়ে শিশুটোক বিচাৰি তদন্ত অব্যাহত ৰখাৰ লগতে কিছু লোকক সোধা-পোছাৰ বাবে আটক কৰিছিল, তেতিয়াই সোধ-পোছত শিশুটো ফিৰোজাবাদত বিজেপিৰ কাউন্সিলাৰ বিনীতা আগৰৱালা আৰু তেওঁৰ স্বামী কৃষ্ণ মুৰাৰী আগৰৱালাৰ ঘৰত থকাৰ কথা অৱগত কৰিছিল ৷ এই ঘটনাৰ পিছতে সোমবাৰে বিজেপি নেত্ৰীগৰাকীৰ ঘৰত চুৰি হোৱা শিশুটি উদ্ধাৰ কৰে মথুৰাৰ জিআৰপি আৰক্ষীয়ে ৷

ইফালে বিজেপিৰ কাউন্সিলাৰ বিনীতা আগৰৱালা আৰু তেওঁৰ স্বামী কৃষ্ণ মুৰাৰী আগৰৱালাই আৰক্ষীক জনায় যে তেওঁলোকে শিশুটোক এগৰাকী নাৰ্ছৰ পৰা লৈ গৈছিল ৷ এই শিশুটো মথুৰাৰ পৰা চুৰি কৰা হোৱা সন্দৰ্ভত তেওঁলোকৰ কোনো ধাৰণা নাছিল ৷

তাৎপৰ্যপূৰ্ণ যে শিশুটোক চুৰি কৰাৰ পিছত চুৰি চক্ৰটোৱে এক লাখ টকাত বিক্ৰী কৰি দিছিল ৷ আৰক্ষীয়ে ইতিমধ্যে শিশু চুৰি কৰা সন্দৰ্ভত ছয়জন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ ইয়াৰে ভিতৰত চাৰিজন পুৰুষ আৰু দুগৰাকী মহিলাও আছে ৷

লগতে পঢ়ক: ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ বিধায়ক পদ খাৰিজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.