ETV Bharat / bharat

ইউক্ৰেইনৰ পৰা আহি বাসগৃহত উপস্থিত হোৱা ত্ৰিপুৰাৰ দুই শিক্ষাৰ্থীক সম্বৰ্ধনা

author img

By

Published : Mar 4, 2022, 8:34 PM IST

যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ থকা দুই শিক্ষাৰ্থী ত্ৰিপুৰাৰ নিজ বাসগৃহত আহি উপস্থিত (Two students stranded in Ukraine arrive in Tripura)। শিক্ষাৰ্থী দুগৰাকীক সম্বৰ্ধনা মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ । ভাৰত চৰকাৰে গ্ৰহণ কৰা উদ্ধাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে ।

CM
ইউক্ৰেইনৰ পৰা আহি বাসগৃহত উপস্থিত হোৱা ত্ৰিপুৰাৰ দুই শিক্ষাৰ্থীক সম্বৰ্ধনা

আগৰতলা,৪ মাৰ্চ : যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে । ইতিমধ্যে ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে বহু শিক্ষাৰ্থী আৰু আবদ্ধ ভাৰতীয় নাগৰিক স্ব-ভূমিত আহি উপস্থিত হৈছে । ত্ৰিপুৰাৰো কেইবাগৰাকী শিক্ষাৰ্থী সম্প্ৰতি বাসগৃহত আহি উপস্থিত হৈছে । শেহতীয়াকৈ দুগৰাকী শিক্ষাৰ্থী ক্ৰমে মেঘা ত্ৰিবেদী আৰু জেচমিন দেববৰ্মা সুৰক্ষিতভাৱে গৃহ ৰাজ্য ত্ৰিপুৰা আহি পাইছে (Two students stranded in Ukraine arrive in Tripura)।

দুয়োগৰাকী শিক্ষাৰ্থীয়ে বাসগৃহত উপস্থিত হোৱাৰ পাছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক সাক্ষাৎ কৰে । মুখ্যমন্ত্ৰীয়ে তেওঁৰ চৰকাৰী কাৰ্যালয়তে দুয়োগৰাকী শিক্ষাৰ্থীক সাক্ষাৎ কৰি সম্বৰ্ধনা জ্ঞাপন কৰে । লগতে ইউক্ৰেইনৰ বিভিন্ন চহৰত আৱদ্ধ ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে প্ৰধানমন্ত্ৰী মোডীক প্ৰশংসাও কৰে বিপ্লৱ কুমাৰ দেৱে ৷

ভাৰতীয় শিক্ষাৰ্থীসকলক উদ্ধাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ আন্তৰিক প্ৰচেষ্টাৰ বাবেই বহুতো ভাৰতীয় শিক্ষাৰ্থীক কম সময়ৰ ভিতৰতে উদ্ধাৰ কৰা হৈছে । তেওঁ লগতে কয় যে ত্ৰিপুৰাৰ বহু শিক্ষাৰ্থী ইউক্ৰেইনত অধ্যয়ন কৰি আছে । সেয়ে তেওঁলোক সকলোকে সুৰক্ষিত আৰু সুস্থ ভাৱে উদ্ধাৰ কৰাৰ প্ৰচেষ্টাও অব্যাহত আছে ।

বিপ্লৱ কুমাৰ দেৱে জনোৱা মতে ইউক্ৰেইনৰ সীমান্তত গৈ উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ সৈতেও তেওঁ কথা পাতিছে । ইফালে এনে এক পৰিস্থিতিত যুদ্ধবিধ্বস্ত ইউক্ৰেইনত প্ৰৱেশ কৰি উদ্ধাৰ চলোৱা অসম্ভৱ । সেয়ে কেন্দ্ৰীয় চৰকাৰে বিষয়টোত গুৰুত্ব আৰোপ কৰি ইউক্ৰেইন সীমান্তত উদ্ধাৰ অভিযানৰ বাবে শিবিৰ স্থাপন কৰিছে ।

ইফালে ভিনিৎচা চিকিৎসা বিশ্ববিদ্যালয়ৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ মেঘাই দাবী কৰা মতে ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে এনে পৰিস্থিতিৰ মাজত শিক্ষাৰ্থীসকলক সমৰ্থন আগবঢ়োৱাত শোচনীয়ভাৱে ব্যৰ্থ হৈছে । আনহাতে, জেচমিন দেববৰ্মাই কয় যে তেওঁ আজি যথেষ্ট আনন্দিত । তেওঁ যেতিয়া ইউক্ৰেইনত আছিল কেৱল মাত্ৰ অনিশ্চয়তাৰ মাজত থাকিবলগীয়া হৈছিল । ইয়াৰোপৰি ইউক্ৰেইনত এতিয়াও আৱদ্ধ হৈ থকা ভাৰতীয়সকলক অতি শীঘ্ৰে সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ জনায় জেচমিন দেববৰ্মাই ।

লগতে পঢ়ক :ত্ৰিপুৰাত শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে যথেষ্ট পদক্ষেপ লৈছে চৰকাৰে:মুখ্যমন্ত্ৰী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.