ETV Bharat / bharat

CJI on Manipur Naked Women Video : চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে ন্যায়ালয়ে পদক্ষেপ গ্ৰহণ কৰিব; মণিপুৰ সন্দৰ্ভত মুখ্য ন্যায়াধীশ

মুখ্য ন্যায়াধীশে কয় যে সাংবিধানিক গণতন্ত্ৰত এইটো কেতিয়াও গ্ৰহণযোগ্য নহয় । লগতে কৰ্তৃপক্ষক তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰু কি পদক্ষেপ লোৱা হৈছে সেই বিষয়ে আদালতক অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে ।

author img

By

Published : Jul 20, 2023, 12:49 PM IST

CJI on Manipur Naked Women Video
CJI on Manipur Naked Women Video

নিউজ ডেস্ক, ২০ জুলাই : বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে মণিপুৰত মহিলাৰ ওপৰত হোৱা হিংসাৰ ভাইৰেল হোৱা ভিডিঅ'ৰ ওপৰত চু-মটোৰ কথা বিবেচনা কৰিছে । দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে এই ঘটনা অতিশয় দুখজনক আৰু যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাত বিফল হয়, তেন্তে ন্যালয়ে পদক্ষেপ গ্ৰহণ কৰিব লাগিব । আনহাতে, উত্তৰ-পূবৰ ৰাজ্যখনৰ পৰা ভাইৰেল হোৱা এই জঘন্য ভিডিঅ'ৰ সমালোচনা কৰে মুখ্য ন্যায়াধীশে । উল্লেখ্য যে ভাইৰেল হোৱা ভিডিঅ'টোত দেখা গৈছে যে অপৰাধীসকলে দুগৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱাৰ উপৰি উলংগ কৰি ৰাইজৰ মাজত সমদল কৰি লৈ গৈছে ।

এই সন্দৰ্ভত মুখ্য ন্যায়াধীশে কয় যে সাংবিধানিক গণতন্ত্ৰত এইটো কেতিয়াও গ্ৰহণযোগ্য নহয় । লগতে কৰ্তৃপক্ষক তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰু কি পদক্ষেপ লোৱা হৈছে সেই বিষয়ে আদালতক অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে । "এইটো কেতিয়াও গ্ৰহণযোগ্য নহয় । সাম্প্ৰদায়িক বিবাদৰ ক্ষেত্ৰত মহিলাসকলক এক আহিলা হিচাপে ব্যৱহাৰ কৰা, গভীৰভাৱে বিচলিত কৰা ঘটনা আৰু আদালতৰ বাবে ই কেতিয়াও গ্ৰহণযোগ্য নহয়...। এইটো মানৱ অধিকাৰ উলংঘনৰ সৰ্বাধিক পৰ্যায়... চৰকাৰক কাম কৰিবলৈ কিছু সময় দিয়া হওক, অন্যথা আমি ব্যৱস্থা গ্ৰহণ কৰিম...।" মুখ্য ন্যায়াধীশে কয় ।

আনহাতে, মুখ্য ন্যায়াধীশে আদালত কক্ষত উপস্থিত থকা এটৰ্নি জেনেৰেল আৰ ভেংকটৰমণী আৰু ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক সোধে অপৰাধীসকলক শাস্তি প্ৰদানৰ বাবে মে' মাহৰ পৰা কি ব্যৱস্থা লোৱা হৈছে । লগতে এই ঘটনাৰ পুনৰাবৃত্তি নহ'বলৈ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়াও জানিব বিচাৰে । "আমি কেনেকৈ জানিব পাৰিম যে এইটো এটা পৃথক ঘটনা হ'ব পাৰে বা নহ'বও পাৰে, ই এক আৰ্হিও হ'ব পাৰে। সমগ্ৰ ইতিহাসত, সমগ্ৰ বিশ্বতে, হিংসা সংঘটিত কৰিবলৈ মহিলাৰ ব্যৱহাৰ... সাংবিধানিক গণতন্ত্ৰত এইটো গ্ৰহণযোগ্য নহয় ।" মুখ্য ন্যায়াধীশে মন্তব্য কৰে ।

মুখ্য ন্যায়াধীশে লগতে কয় যে আদালতে মণিপুৰৰ জাতিগত হিংসাৰ সৈতে সম্পৰ্কিত আবেদনৰ সৈতে এই বিষয়টো গ্ৰহণ কৰিব । "মণিপুৰত মহিলাৰ ওপৰত যৌন নিৰ্যাতন আৰু হিংসাৰ ঘটনাৰ বিষয়ে বুধবাৰৰ পৰা সংবাদ মাধ্যমত প্ৰকাশ পোৱা দৃশ্যৰ বাবে আদালত গভীৰভাৱে বিচলিত হৈ পৰিছে । আমাৰ অভিমত যে আদালতক অপৰাধীসকলক জবাবদিহি কৰিবলৈ আৰু এনে ঘটনাৰ পুনৰাবৃত্তি নহ'বলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰিব লাগিব ।" শীৰ্ষ ন্যায়ালয়ে ইয়াৰ নিৰ্দেশত কয় ।

লগতে পঢ়ক :Manipur incident : মণিপুৰৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.