নেচনেল ডেস্ক, 19 ডিচেম্বৰ: কেন্দ্ৰ আৰু বিদ্ৰোহী কৃষকৰ মাজত এক অচলাৱস্থাৰ সৃষ্টি হোৱাৰ সময়তে প্ৰাক্তন বিত্তমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা পি. চিদাম্বৰমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে ৷ এক বিবৃতিযোগে চিদাম্বৰমে কয় যে, প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰবাৰ বিৰোধীৰ বিপক্ষে মিছা বিয়পোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷
চিদাম্বৰমে কয় , "এইয়া তিনিটা মিছা কথা য'ত প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ মন্তব্য ৰাখিবলৈ হয়টো ভাল পাব ৷ প্ৰথমতে কৃষি বিদ্ৰোহক আগবঢ়াই নিয়া এআইকেএচচিচিয়ে কৈছে যে প্ৰতি কুইন্টল ধানৰ দাম 1870 টকা হোৱাৰ অৱস্থাটো কৃষকসকলে প্ৰতি কুইন্টল ধান 900 টকা দৰত বিক্ৰি কৰিছে ৷ এই কথাষাৰ মিছা নেকি ? দিল্লীৰ এখন আদালতে তাবলীগি জামাতৰ সদস্যক মুকলি কৰি দি কৈছে যে সম্ভৱতঃ তেওঁলোকক গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে অভিযোগ দাখিল কৰাৰ বাবে অনা হৈছিল ৷ এইয়া মিছা নেকি? চিবিআইয়ে উত্তৰ প্ৰদেশ আৰক্ষীৰ বিৰোধীতা কৰি গণ ধৰ্ষণ আৰু হত্যাৰ অভিযোগত হাথৰসৰ চাৰিগৰাকীক অভিযুক্ত কৰিছে ৷ এইয়া মিছা নেকি ?"
শুকুৰবাৰে মোডীয়ে বিদ্ৰোহী কৃষকসকলক সমৰ্থন কৰাৰ বাবে কৃষকৰ কান্ধত উঠি চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰিছে বুলি বিৰোধীক কটাক্ষ কৰাৰ পাছতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে ৷
লগতে পঢ়ক: ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে