নেশ্যনেল ডেস্ক,৬ এপ্ৰিল: ছত্তিশগড়ৰ বিজাপুৰত মাওবাদী আক্ৰমণৰ ঘটনাৰ পিছতে তেলেংগানা আৰক্ষীয়ে জাৰি কৰিছে বিশেষ সতৰ্কবাণী । নিশ্চিদ্ৰ তালাচী অভিযান চলোৱাৰ লগতে সীমান্ত অঞ্চলতো কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে তেলেংগানা আৰক্ষীয়ে ।
চুবুৰীয়া ৰাজ্য ছত্তিশগড়ত মাওবাদীৰ আক্ৰমণত ২২ গৰাকীকৈ সুৰক্ষা কৰ্মী শ্বহীদ হোৱাৰ পিছতে এই তৎপৰতা অৱলম্বন কৰিছে ৰাজ্য চৰকাৰখনে । শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা মতে তেলেংগানাৰ ভদ্ৰদী কোঠাগুডেম আৰু মুলুগু জিলাত বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে ।
মাওবাদীসকলে ৰাজ্যখনত প্ৰৱেশ কৰাৰ আশংকা কৰিয়েই আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলোৱাৰ লগতে ঠায়ে ঠায়ে তালাচী চকী বহুৱাইছে ।
লগতে পঢ়ক:মিজোৰামত ছোৱাইন ফ্লুৰ নতুন প্ৰাদুৰ্ভাৱ