ETV Bharat / bharat

Chhattisgarh farmer to buy helicopter : ৭ কোটি টকাৰ হেলিকপ্টাৰ ক্ৰয় কৰিব ছত্তীশগড়ৰ কৃষকে

ছত্তীশগড়ৰ এজন কৃষকে কৃষিকৰ্মত ব্যৱহাৰৰ বাবে হলেণ্ডৰ পৰা ক্ৰয় কৰিব এখন হেলিকপ্তাৰ । হেলিকপ্টাৰখনৰ মূল্য ৭ কোটি টকা । খেতিপথাৰত কীটনাশক দ্ৰব্য ছটিয়াবলৈ ব্যৱহাৰ কৰা হ'ব হেলিকপ্টাৰখন ।

Chhattisgarh farmer to buy helicopter
৭ কোটি টকাৰ হেলিকপ্টাৰ ক্ৰয় কৰিব ছত্তীশগড়ৰ কৃষকে
author img

By

Published : Jul 3, 2023, 1:09 PM IST

নেশ্যনেল ডেস্ক,৩ জুলাই : সচৰাচৰ আমি বিদেশৰ খেতিপথাৰত এটা দৃশ্য দেখিবলৈ পাও । বিদেশৰ কৃষকসকলে সচৰাচৰ বিশাল ভূমিত পানী আৰু ৰাসায়নিক সাৰ ড্ৰোণ আৰু হেলিকপ্টাৰৰ জৰিয়তে ছটিয়ায় । কৃষি কৰ্মৰ নামত যথেষ্ট খৰচ কৰে কৃষকসকলে । সেই হিচাপে উৎপাদনো যথেষ্ট ভাল হয় ।

শেহতীয়াকৈ ভাৰততো খেতিপথাৰত ড্ৰোণৰ ব্যৱহাৰ বৃদ্ধি পাইছে । কৃষকসকলে কীটনাশক দ্ৰব্য ছটিওৱাৰ বাবে ড্ৰোণৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে । কিন্তু এইবাৰ ছত্তীশগড়ৰ এজন কৃষকে হেলিকপ্টাৰ ক্ৰয়ৰ সিদ্ধান্ত লৈছে । ইউৰোপৰ কৃষকসকলৰ দ্বাৰা অনুপ্ৰাণিত হৈয়ে কৃষকজনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । তেলেংগানাৰ পৰা ৩০০ কিলোমিটাৰ দূৰৈত থকা কোণ্ডাগাঁও জিলাৰ ৰাজাৰাম ত্ৰিপাঠী নামৰ কৃষকজনে তেওঁৰ খেতিপথাৰ নিৰীক্ষণ আৰু কীটনাশক আদি ছটিয়াবলৈ প্ৰায় ৭ কোটি টকাৰ হেলিকপ্টাৰ ক্ৰয় কৰিবলৈ সিদ্ধান্ত লৈছে ।

ইতিমধ্যে কৃষকজনে হলেণ্ডৰ ৰবিনছন কোম্পানীৰ আৰ-৪৪ মডেলৰ ৪ খন আসনযুক্ত হেলিকপ্টাৰ বুক কৰিছে । এই হেলিকপ্টাৰখন খেতিপথাৰত কীটনাশক আৰু অন্যান্য দ্ৰব্য ছটিয়াবলৈ বিশেষভাৱে প্ৰস্তুত কৰা হৈছে ।

জানিব পৰা মতে ৰাজাৰামে ত্ৰিপাঠীয়ে ইংলেণ্ড আৰু জাৰ্মানী ভ্ৰমণ কৰিছিল । তেতিয়া তেওঁ তাত সাৰ ছটিয়াবলৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰা দেখিছিল । হেলিকপ্টাৰৰ ব্যৱহাৰেৰে ভাল ফলাফল পোৱা বুলি জনাৰ পাছতে তেওঁ নিজৰ বাবে এখন হেলিকপ্টাৰ ক্ৰয়ৰ সিদ্ধান্ত লৈছিল । ইফালে তেওঁৰ পুত্ৰ আৰু ভাতৃক পাইলট প্ৰশিক্ষণৰ বাবে উজ্জয়িনীৰ এভিয়েচন একাডেমীলৈও প্ৰেৰণ কৰা হ'ব বুলি কৃষকগৰাকীয়ে জনাইছে ।

বস্তাৰৰ এটা কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰা ৰাজাৰামে ১৯৯৮ চনত বেংকৰ চাকৰি এৰি কৃষিকৰ্মত জড়িত হৈ পৰিছিল । বৰ্তমান বস্তাৰ আৰু কোণ্ডাগাওঁ জিলাত তেওঁ বগা চিনাবাদাম আৰু জালুক খেতি কৰি আছে । লগতে তেওঁ এটা হাৰ্বেল প্ৰতিষ্ঠানো চলাই আছে । ৪০০ জনজাতীয় পৰিয়ালৰ সহায়ত তেওঁ ১০০০ একৰ ভূমিত জৈৱিক কৃষি কৰি আছে । এতিয়ালৈকে, তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত ৪ বাৰ শ্ৰেষ্ঠ কৃষকৰ বঁটা লাভ কৰিছে । তেওঁৰ কোম্পানীৰ জৰিয়তে, তেওঁ প্ৰতি বছৰে ২৫ কোটি টকা উপাৰ্জন কৰি আছে । তেওঁ আনকি ইউৰোপ আৰু আমেৰিকালৈ জালুক ৰপ্তানিও কৰি আহিছে ।

লগতে পঢ়ক :Himachal Pradesh : ধাৰাসাৰ বৰষুণৰ ফলত হিমাচলত বিস্তৰ ক্ষতি; দুশ কোটিৰো অধিক সম্পত্তিৰ লোকচান

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.