ETV Bharat / bharat

RSS ক মাওবাদীৰ সৈতে তুলনা ভূপেশ বাঘেলৰ

author img

By

Published : Oct 13, 2021, 8:31 PM IST

RSS ক তীব্ৰ সমালোচনা ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ(Chhattisgarh Chief Minister Bhupesh Baghel) ৷ RSS ক মাওবাদীৰ সৈতে তুলনা ছট্টিশগড়ৰ মুখ্যমন্ত্ৰীৰ ৷ নক্সালসকল অন্ধ্ৰপ্ৰদেশৰ নেতাসকলৰ নেতৃত্বত পৰিচালিত হোৱাৰ দৰে ৰাজ্যখনৰ RSS বাহিনী নাগপুৰৰ দ্বাৰা পৰিচালিত হৈ আছে বুলি মন্তব্য বাঘেলৰ ৷

Chhattisgarh CM Bhupesh Baghel compares RSS with Maoists
আৰএছএছক মাওবাদীৰ সৈতে তুলনা ভূপেশ বাঘেলৰ

নেশ্যনেল ডেস্ক, 13 অক্টোবৰ : RSS ক মাওবাদীৰ সৈতে তুলনা কৰি তীব্ৰ সমালোচনা ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ(Chhattisgarh Chief Minister Bhupesh Baghel) ৷ Kawardha case সন্দৰ্ভত ৰাজ্যপালৰ এখন পত্ৰৰ উত্তৰ দি বাঘেলে ছট্টিশগড়ৰ নক্সালসকল অন্ধ্ৰপ্ৰদেশৰ নেতাসকলৰ নেতৃত্বত পৰিচালিত হোৱাৰ দৰে ৰাজ্যখনৰ RSS বাহিনী নাগপুৰৰ দ্বাৰা পৰিচালিত হৈ আছে বুলি মন্তব্য কৰে ৷ ৰাজ্যখনত তেওঁলোকৰ নিজা কোনো পৰিচয় নাই বুলিও বাঘেলে দাবী কৰে ৷

কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ ছট্টীশগড় ভ্ৰমণৰ ওপৰত মন্তব্য কৰি বাঘেলে কয়, "কেন্দ্ৰীয় চৰকাৰে এই কথা স্পষ্ট কৰিছিল যে, সমগ্ৰ দেশতে বিদ্যুতৰ কোনো সংকট নাই ৷ ইফালে বিভিন্ন ৰাজ্যত ডজনৰো অধিক বিদ্যুৎ প্ৰকল্প বন্ধ হৈ আছে ৷ যদিহে কয়লাৰ কোনো অভাৱ হোৱা নাই তেন্তে কয়লা মন্ত্ৰীগৰাকীয়ে কিয় ৰাজ্যখন ভ্ৰমণ কৰিবলগীয়া হৈছে ৷ ৰাজ্যখনলৈ মন্ত্ৰীগৰাকীৰ ভ্ৰমণে এই কথা প্ৰমাণ কৰে যে, সমগ্ৰ দেশতে বিদ্যুতৰ সমান্তৰালকৈ কয়লাৰ অভাৱ হৈছে ৷"

উল্লেখ্য যে, দুদিনীয়া ভ্ৰমণসূচীৰে কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে দুখনকৈ কয়লাসমৃদ্ধ ৰাজ্য ছট্টীশগড় আৰু ঝাৰখণ্ড ভ্ৰমণৰ কাৰ্যসূচী হাতত লৈছে ৷

লগতে পঢ়ক : আৰিয়ান খান ক্ৰুজ ড্ৰাগছ গোচৰত প্ৰধানমন্ত্ৰীক লক্ষ্য শত্ৰুঘ্ন সিনহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.