নেশ্যনেল ডেস্ক,৩ নৱেম্বৰ : নিৰ্বাচনমুখী ছত্তীশগড়ত প্ৰতিটো দলৰ প্ৰচাৰ আকৰ্ষণীয় হৈ পৰিছে । কংগ্ৰেছ নেতৃত্বাধীন ছত্তীশগড়ত বিজেপি দলে ব্যাপক প্ৰচাৰ চলোৱা দেখা গৈছে । কংগ্ৰেছৰ বিপৰীতে বিজেপিয়ে ভোটৰক আকৰ্ষণৰ বাবে বৃহৎ প্ৰতিশ্ৰুতি ঘোষণা কৰিছে । ইয়াৰ মাজতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ছত্তীশগড়ৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ইস্তাহাৰ মুকলি কৰে । বিজেপিয়ে ইস্তাহাৰৰ নাম সংকল্প পত্ৰ ৰাখিছে । যিটো মোডীজীৰ গ্যেৰাণ্টি হিচাপে মুকলি কৰা হৈছে । এই ইস্তাহাৰত কৃষক, মহিলা আৰু নিবনুৱাসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে ।
-
केंद्रीय गृह एवं सहकारिता मंत्री श्री @AmitShah जी द्वारा भारतीय जनता पार्टी छत्तीसगढ़ के घोषणा पत्र का विमोचन...#BJP_Aawat_He
— BJP Chhattisgarh (@BJP4CGState) November 3, 2023 " class="align-text-top noRightClick twitterSection" data="
https://t.co/0rhfuEBAVy
">केंद्रीय गृह एवं सहकारिता मंत्री श्री @AmitShah जी द्वारा भारतीय जनता पार्टी छत्तीसगढ़ के घोषणा पत्र का विमोचन...#BJP_Aawat_He
— BJP Chhattisgarh (@BJP4CGState) November 3, 2023
https://t.co/0rhfuEBAVyकेंद्रीय गृह एवं सहकारिता मंत्री श्री @AmitShah जी द्वारा भारतीय जनता पार्टी छत्तीसगढ़ के घोषणा पत्र का विमोचन...#BJP_Aawat_He
— BJP Chhattisgarh (@BJP4CGState) November 3, 2023
https://t.co/0rhfuEBAVy
বিজেপিৰ ইস্তাহাৰত উল্লেখ কৰা প্ৰতিশ্ৰুতি :
১. ৩১০০ টকাত ধান ক্ৰয় কৰা হ'ব ।
২. প্ৰতি কুইণ্টল ধান ৩১০০ টকাত ক্ৰয় কৰা ।
৩. বিবাহিত মহিলাসকলক প্ৰতি বছৰে ১২,০০০ টকাৰ বিত্তীয় সাহায্য ।
৪. ২ বছৰৰ ভিতৰত ১,০০,০০০ খালী পদ পূৰণ কৰা হ'ব ।
৫. ১৮ লাখ নতুন গৃহ নিৰ্মাণ কৰা হ'ব ।
৬. ভূমিহীন শ্ৰমিকসকলক বছৰি ১০,০০০ টকা দিয়া হ'ব ।
৭. পৰীক্ষাবোৰ ইউপিএছচিৰ অধীনত অনুষ্ঠিত হ'ব ।
৮.চিজিপিএছচি কেলেংকাৰীৰ তদন্ত কৰা হ'ব ।
৯. ৫০ শতাংশ ৰাজসাহায্যৰ সৈতে যুৱসকলক সুদ-মুক্ত ঋণ প্ৰদান কৰা হ'ব ।
১০. উদ্ভাৱন কেন্দ্ৰ সৃষ্টি কৰি তাত ৬ লাখতকৈও অধিক লোকক নিযুক্তি দিয়া হ'ব ।
১১. ৫০০ নতুন জন ঔষধ কেন্দ্ৰ খোলা হ'ব য'ত সস্তীয়া ঔষধ উপলব্ধ হ'ব
১২.গেছত ৫০০ টকা ৰাজসাহায্য দিয়া হ'ব ।
১৩. ডিবিটিৰ সহায়ত শিক্ষাৰ্থীসকলে মহাবিদ্যালয়লৈ যাব পাৰিব ।
১৪. ছত্তীশগড়ৰ লোকসকলৰ বাবে ৰামললা ভ্ৰমণৰ আঁচনি ।
ইস্তাহাৰ মুকলিৰ সময়ত বিজেপিয়ে কয় যে ৰাজ্যখনৰ জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰা হৈছে । ১৯৯৮ চনত অটল বিহাৰী বাজপেয়ীয়ে ছত্তীশগড় ৰাজ্য সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতি দিছিল, যিটো ২০০০ চনত বিজেপি চৰকাৰ গঠন হোৱাৰ লগে লগে পূৰণ কৰা হৈছিল । অমিত শ্বাহে কয় যে বিজেপিয়ে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে যথেষ্ট কাম কৰিছে ।
-
केंद्रीय गृह एवं सहकारिता मंत्री श्री @AmitShah जी द्वारा भारतीय जनता पार्टी छत्तीसगढ़ के घोषणा पत्र का विमोचन...#BJP_Aawat_He
— BJP Chhattisgarh (@BJP4CGState) November 3, 2023 " class="align-text-top noRightClick twitterSection" data="
https://t.co/0rhfuEBAVy
">केंद्रीय गृह एवं सहकारिता मंत्री श्री @AmitShah जी द्वारा भारतीय जनता पार्टी छत्तीसगढ़ के घोषणा पत्र का विमोचन...#BJP_Aawat_He
— BJP Chhattisgarh (@BJP4CGState) November 3, 2023
https://t.co/0rhfuEBAVyकेंद्रीय गृह एवं सहकारिता मंत्री श्री @AmitShah जी द्वारा भारतीय जनता पार्टी छत्तीसगढ़ के घोषणा पत्र का विमोचन...#BJP_Aawat_He
— BJP Chhattisgarh (@BJP4CGState) November 3, 2023
https://t.co/0rhfuEBAVy
বিজেপিয়ে ছত্তীশগড় ৰাজ্যৰ শিক্ষাৰ্থী, মহিলা, নিবনুৱা আৰু কৃষকসকলৰ বাবে বহুতো আঁচনি প্ৰৱৰ্তন কৰিছে, যাৰ ফলত ছত্তীশগড়ৰ বিকাশ হৈছিল, বিদ্যুতৰ পৰা স্বাস্থ্য সেৱালৈ আৰু বিজেপিৰ শাসনৰ অধীনত ডিজিটেল বিপ্লৱ আৰম্ভ হৈছিল । ৰমন সিঙৰ শাসনকালত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা দুইৰ পৰা ১১ লৈ বৃদ্ধি হয় । অভিযান্ত্ৰিক মহাবিদ্যালয় ৫০ খন, আইটিআইয় ১৭৬ খন, দন্ত মহাবিদ্যালয় ৫ খন, নাৰ্চিং কলেজ ৮৪ খন, মেনেজমেণ্ট কলেজ ১৬ খন আৰু পশু আৰু কৃষি মহাবিদ্যালয় ৩১ খন খোলা হৈছিল ।
বিজেপিয়ে অভিযোগ কৰা মতে ভূপেশ বাঘেলে কেৱল মিছা প্ৰচাৰ কৰি প্ৰশংসা বুটলি আছে । ভূপেশ বাঘেলৰ শাসনকালৰ ৫ বছৰত ২,০০০ কোটি টকাৰ কেলেংকাৰী, প্ৰধানমন্ত্ৰীৰ খাদ্য আঁচনিত কোটি কোটি টকাৰ কেলেংকাৰী, গোবৰত কেলেংকাৰী, ১,৩০০ কোটি টকাৰ কেলেংকাৰী, ৬০০ কোটি টকাৰ পিডিএছ কেলেংকাৰী, ৫০ কোটি টকাৰ মহাদেৱ এপ কেলেংকাৰী, পিএছচি কেলেংকাৰী, ৭০ কোটি ডিএফ কেলেংকাৰী হৈছে বুলি বিজেপিয়ে অভিযোগ কৰে ।
লগতে পঢ়ক :Telanga Election notification : তেলেংগানাৰ বিধানসভা নিৰ্বাচনৰ অধিসূচনা প্ৰকাশ