ETV Bharat / bharat

Chandrayaan3 Mission : চন্দ্ৰলৈ দুই তৃতীয়াংশ দূৰত্ব অতিক্ৰম চন্দ্ৰযানৰ - ISRO spacecraft Chandrayaan 3

ইছৰোৰ মহাকাশযান চন্দ্ৰযান-৩য়ে চন্দ্ৰলৈ মুঠ দূৰত্বৰ প্ৰায় দুই তৃতীয়াংশ সফলতাৰে অতিক্ৰম কৰিছে ।

Chandrayaan3
Chandrayaan3
author img

By

Published : Aug 4, 2023, 6:54 PM IST

নিউজ ডেস্ক, ৪ আগষ্ট : ১৪ জুলাইত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা সফলতাৰে জিএছএলভি মাৰ্ক ৩ (এলভিএম ৩)ত উৎক্ষেপণ কৰা চন্দ্ৰযান-৩ মহাকাশযানে চন্দ্ৰলৈ দূৰত্বৰ প্ৰায় দুই তৃতীয়াংশ অতিক্ৰম কৰিছে । "মহাকাশযানখনে চন্দ্ৰলৈ দূৰত্বৰ প্ৰায় দুই তৃতীয়াংশ অতিক্ৰম কৰিছে । লুনাৰ অৰ্বিট ইঞ্জেকচনৰ দিন (এলঅ'আই) ৫ আগষ্ট নিৰ্ধাৰণ কৰা বুলি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) শুকুৰবাৰে টুইট কৰে ।

  • Chandrayaan-3 Mission:
    The spacecraft has covered about two-thirds of the distance to the moon.

    Lunar Orbit Injection (LOI) set for Aug 5, 2023, around 19:00 Hrs. IST. pic.twitter.com/MhIOE65w3V

    — ISRO (@isro) August 4, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতৰ তৃতীয় চন্দ্ৰ অন্বেষণ অভিযান চন্দ্ৰযান-৩য়ে ভাৰতক আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু ৰাছিয়াৰ পিছত চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ'ব, যিয়ে চন্দ্ৰপৃষ্ঠত নিজৰ মহাকাশযান অৱতৰণ কৰিব আৰু চন্দ্ৰপৃষ্ঠত সুৰক্ষিত আৰু মসৃণ অৱতৰণৰ বাবে দেশখনৰ সামৰ্থ্য প্ৰদৰ্শন কৰিব । মহাকাশযানখন ২০২৩ চনৰ ১৪ জুলাইত ভাৰতীয় সময়মতে ২.৩৫ বজাত এলভিএম-৩ৰ দ্বাৰা সফলতাৰে উৎক্ষেপণ কৰা হৈছিল । মহাকাশযানখনে বৰ্তমান চন্দ্ৰৰ কক্ষপথত উপনীত হোৱাৰ উদ্দেশ্যৰে কক্ষপথ কৌশলৰ এটা শৃংখলাৰ মাজেৰে গৈ আছে ।

চন্দ্ৰযান-৩-য়ে চন্দ্ৰৰ কক্ষপথত উপনীত হ'বলৈ উৎক্ষেপণৰ তাৰিখৰ পৰা প্ৰায় ৩৩ দিন সময় ল'ব । অৱতৰণ কৰাৰ পিছত ই এটা চন্দ্ৰ দিনৰ বাবে কাম কৰিব, যিটো হৈছে পৃথিৱীৰ প্ৰায় ১৪ দিন । চন্দ্ৰৰ এটা দিন পৃথিৱীত ১৪ দিনৰ সমান । চন্দ্ৰযান-৩ উপাদানবোৰৰ ভিতৰত আছে বিভিন্ন ইলেক্ট্ৰ'নিক আৰু যান্ত্ৰিক উপ-প্ৰণালী, যাৰ উদ্দেশ্য হৈছে এক সুৰক্ষিত আৰু মসৃণ অৱতৰণ নিশ্চিত কৰা । যেনে নেভিগেচন ছেন্সৰ, প্ৰপালচন প্ৰণালী, নিৰ্দেশনা আৰু নিয়ন্ত্ৰণ । ইয়াৰ উপৰি ৰ'ভাৰ, দ্বিমুখী যোগাযোগ সম্পৰ্কীয় এণ্টেনা আৰু অন্যান্য অনবৰ্ড ইলেক্ট্ৰনিকছ মুকলি কৰাৰ প্ৰণালী আছে ।

চন্দ্ৰযান-৩-ৰ উল্লিখিত উদ্দেশ্যবোৰ হৈছে সুৰক্ষিত আৰু মসৃণ অৱতৰণ, চন্দ্ৰপৃষ্ঠত ঘূৰি থকা ৰ'ভাৰ আৰু ইন-চিটু বৈজ্ঞানিক পৰীক্ষা । চন্দ্ৰযান-৩ৰ অনুমোদিত ব্যয় হৈছে ২৫০ কোটি টকা (উৎক্ষেপণ বাহনৰ ব্যয় বাদ দি) । চন্দ্ৰযান-৩ৰ উন্নয়ন পৰ্যায় ২০২০ চনৰ জানুৱাৰীত আৰম্ভ হৈছিল আৰু ২০২১ চনত উৎক্ষেপণৰ পৰিকল্পনা কৰা হৈছিল । অৱশ্যে কোভিড-১৯ মহামাৰীয়ে মিছনটোৰ প্ৰগতিত এক অপ্ৰত্যাশিত বিলম্ব আনিছিল । চন্দ্ৰযান-৩ হৈছে ২০১৯ চনত চন্দ্ৰপৃষ্ঠত মসৃণ অৱতৰণৰ সময়ত চন্দ্ৰযান-২ অভিযানে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিছত ইছৰোৰ পৰৱৰ্তী প্ৰচেষ্টা । উল্লেখ্য যে চন্দ্ৰযান-২ অভিযান অৱতৰণৰ বিফলতাৰ পিছত অৱশেষত ইয়াৰ মূল অভিযানৰ উদ্দেশ্য বিফল হোৱা বুলি গণ্য কৰা হৈছিল ।

লগতে পঢ়ক :ISRO launches PSLV-C56: ছটা সহযোগী উপগ্ৰহসহ শ্ৰীহৰিকোটাৰ পৰা মহাকাশলৈ উৰা মাৰিলে PSLV-C56

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.