ETV Bharat / bharat

Chandrababu Naidu reaches home: চাৰি সপ্তাহৰ বাবে ঘৰলৈ উভতিল এন চন্দ্ৰবাবু নাইডু, 24 নৱেম্বৰত আত্মসমৰ্পণৰ নিৰ্দেশ

author img

By ANI

Published : Nov 1, 2023, 8:38 AM IST

চাৰি সপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন লাভ কৰি ঘৰলৈ উভতিল অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা টিডিপিৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডু ৷ স্বাস্থ্যজনিত কাৰণত চন্দ্ৰবাবু নাইডুয়ে লাভ কৰে জামিন । 24 নৱেম্বৰত আত্মসমৰ্পণৰ নিৰ্দেশ ৷ ঘৰৰ সমুখত দলীয় কৰ্মী সমৰ্থকৰ ভিৰ ৷

Chandrababu Naidu reaches home in Vijayawada after interim bail
চাৰি সপ্তাহৰ বাবে ঘৰলৈ উভতিল এন চন্দ্ৰবাবু নাইডু

নেশ্যনেল ডেস্ক, 1 নৱেম্বৰ: বুধবাৰে বিজয়াৱাড়াস্থিত নিজা বাসগৃহত উপস্থিত হয় অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা টিডিপিৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডু ৷ নাইডুৱে দক্ষতা বিকাশৰ গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল মঙলবাৰে । পুৱা নিজ গৃহত উপস্থিত হোৱাৰ সময়ত নাইডুৰ বাসগৃহৰ বাহিৰত সমবেত হোৱা তেওঁৰ দলৰ সমৰ্থকে তেওঁক উষ্ম আদৰণি জনায় ।

অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে কথিত দক্ষতা বিকাশৰ গোচৰত জামিন মঞ্জুৰ কৰাৰ পিছত মঙলবাৰে ৰাজামুন্দ্ৰী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাই আহে নাইডু ৷ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত চন্দ্ৰবাবু নাইডুৱে কয়, "মই বিপদত পৰাৰ সময়ত সমৰ্থক সকলে ৰাজপথলৈ ওলাই আহি মোৰ বাবে প্ৰাৰ্থনা কৰিছিল । কেৱল অন্ধ্ৰ প্ৰদেশতে নহয়, তেলেংগানাবাসীয়েও মোৰ প্ৰতি দেখুওৱা মৰম কেতিয়াও পাহৰিব নোৱাৰো ।"

তেওঁ লগতে কয়, "মোৰ 45 বছৰীয়া কেৰিয়াৰত মই কোনো ভুল কৰা নাই আৰু কাকো কৰিবলৈ নিদিওঁ । সকলো ৰাজনৈতিক দলে মোক সমৰ্থন কৰিছে ৷ সকলোলৈ ধন্যবাদ ।"

চন্দ্ৰবাবু নাইডুৰ ন্যায়িক জিম্মাৰ সময়সীমা আছিল 53 দিনৰ । চাৰি সপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই আহিছে অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী । চন্দ্ৰবাবু নাইডুক অপৰাধী বুলি প্ৰতিষ্ঠা কৰাৰ চেষ্টাত শাসকীয় YSRCP ব্যৰ্থ হৈছে বুলি দাবী কৰে নাইডুৰ দলে ।

উল্লেখ্য যে, স্বাস্থ্যজনিত কাৰণত চন্দ্ৰবাবু নাইডুয়ে লাভ কৰে জামিন । 24 নৱেম্বৰত আত্মসমৰ্পণৰ নিৰ্দেশ দিয়া হৈছে নাইডুক । 10 নৱেম্বৰত মূল জামিন আবেদনৰ যুক্তি শুনানি গ্ৰহণ কৰিব আদালতে ।

লগতে পঢ়ক: Chandrababu Naidu Released From Jail : অস্ত্ৰোপচাৰৰ বাবে ৪ সপ্তাহৰ জামিন; কাৰাগাৰৰ পৰা ওলাল চন্দ্ৰবাবু নাইডু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.