ETV Bharat / bharat

Delhi Budget 2023 : দিল্লীৰ প্ৰতি কেন্দ্ৰৰ উদাসীনতাই ৰাজহ আন্তঃগাঁথনিত আঘাত হানিছে

author img

By

Published : Mar 22, 2023, 2:08 PM IST

বাজেট উপস্থাপন কৰি দিল্লীৰ ৰাজ্যিক বিত্ত মন্ত্ৰী কৈলাস গেহলটে কয় যে কেন্দ্ৰই দিল্লীৰ প্ৰতি এক মাহীআইৰ মনোভাব প্ৰদৰ্শন কৰিছে (Delhi FM Kailash Gahlot presented budget 2023) । ৰাজ্যখনে সমস্যাত ভুগি আছে, কাৰণ কেন্দ্ৰই ৰাজ্যখনক ইয়াৰ বৈধ দাবী প্ৰদান কৰিবলৈ অনিচ্ছুক ।

Delhi Budget 2023
Delhi Budget 2023

নিউজ ডেস্ক, ২২ মাৰ্চ : মুখ্যতঃ প্ৰদূষণমুক্ত আধুনিক দিল্লীৰ বাবে মুঠ ৭৫,৮০০ কোটি টকাৰ বাজেট ব্যয় উপস্থাপন কৰি ৰাজ্যৰ বিত্ত মন্ত্ৰী কৈলাস গেহলটে (Delhi FM Kailash Gahlot presented budget 2023) কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ হৈ কয় যে কেন্দ্ৰীয় চৰকাৰে দিল্লীৰ জনসাধাৰণৰ প্ৰতি মাহীআইৰ মনোভাব প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকক তেওঁলোকৰ বৈধ অধিকাৰৰ পৰা বঞ্চিত কৰি আছে (Kailash Gahlot raised voice against centre) । গেহলটে তেওঁৰ বাজেট ভাষণত অভিযোগ কৰে যে ৰাজ্যখনে কেন্দ্ৰীয় পুলৰ পৰা ৬৪০০ কোটি টকা লাভ কৰাৰ কথা । কিন্তু এই বছৰৰ পৰা তেওঁলোকে একো নাপাব আৰু ই ৰাজ্যৰ কোষাগাৰৰ ওপৰত অতিৰিক্ত চাপ সৃষ্টি কৰিব (Delhi AAP govt budget 2023) ।

"দিল্লীৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আবণ্টন অতীজত ৩২৫ কোটি টকাৰ সামান্য বেছি আছিল । বিগত আঠ বছৰে ইয়াৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ থাকিল । যদিও দিল্লীয়ে 1.75 লাখ কোটি আয়কৰ অৰিহণা যোগায়, কেন্দ্ৰীয় চৰকাৰে 2023-24 বৰ্ষৰ বাবে কেন্দ্ৰীয় কৰত ইয়াৰ অংশ শূন্যলৈ হ্ৰাস কৰে । ই দিল্লীৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ মাহীআইসুলভ আচৰণ প্ৰদৰ্শন কৰে আৰু এয়া স্পষ্ট যে চহৰখনক পুঁজিৰ ক্ষেত্ৰত বৈষম্যমূলক ব্যৱহাৰ কৰা হৈছে ।" গেহলটে বাজেট ভাষণত কয় ।

নিয়মটো হ'ল যে ৰাজ্যসমূহে উপাৰ্জন কৰা ৰাজহৰ 42 শতাংশ লাভ কৰে । আৰু এই আৰ্হি অনুসৰণ কৰি দিল্লীয়ে 6,400 কোটি টকা লাভ কৰিব লাগে । কিন্তু চৰকাৰখনে বিগত আঠ বছৰ ধৰি মাত্ৰ 325 কোটি টকা লাভ কৰি আহিছে, যিটো বৰ্তমান শূন্যলৈ হ্ৰাস কৰা হৈছে । পাঁচ বছৰৰ বাবে ৰাজ্যসমূহক দিয়া জিএছটি ক্ষতিপূৰণো বন্ধ হোৱাৰ বাবে পৰিস্থিতি জটিল হৈ পৰিছে । এইটোৱে দিল্লীৰ বিত্তীয় সমস্যাবোৰ আৰু অধিক বৃদ্ধি কৰিছে । ৰাজহ হ্ৰাস হোৱাৰ বাবে বাজেটত 12,000 কোটি টকাৰ ঘাটি চলি আছে । যাৰ ফলত চহৰখনৰ বিত্তীয় দায়বদ্ধতা পূৰণ কৰাটো প্ৰত্যাহ্বানজনক হৈ পৰিছে ।

কৈলাস গেহলটে কেন্দ্ৰীয় চৰকাৰে দিল্লীলৈ কম বৰঙনি আগবঢ়োৱাৰ বিষয়টো উত্থাপন কৰে । লগতে দিল্লী চৰকাৰে দাবী কৰে যে কোভিড-19-ৰ ফলত হোৱা লোকচানৰ ক্ষতিপূৰণ পৰৱৰ্তী পাঁচ বছৰৰ বাবে অব্যাহত থাকিব লাগে । দিল্লীৰ বাবে পুঁজি হ্ৰাস কৰাৰ কেন্দ্ৰৰ সিদ্ধান্তই কেৱল চহৰখনৰ আন্তঃগাঁথনিক প্ৰভাৱিত কৰাই নহয়, এক তীব্ৰ বিত্তীয় চাপৰ সৃষ্টি কৰিছে । চহৰখনক এখন আধুনিক আৰু বাসযোগ্য চহৰ হ'বলৈ যথেষ্ট বিনিয়োগৰ প্ৰয়োজন আৰু পৰ্যাপ্ত পুঁজি অবিহনে এই লক্ষ্যত উপনীত হোৱাটো প্ৰত্যাহ্বানজনক হ'ব । কেন্দ্ৰই দেশৰ অৰ্থনীতিত দিল্লীয়ে আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানক স্বীকৃতি দিব লাগিব আৰু চহৰখনক এক বিশ্বমানৰ চহৰ হিচাপে বিকশিত কৰাৰ বাবে প্ৰয়োজনীয় সম্পদ প্ৰদান কৰিব লাগিব ।

লগতে পঢ়ক :Objectionable Posters Against PM Modi : মোডীৰ বিৰুদ্ধে আপত্তিজনক পোষ্টাৰ আঁৰি গ্ৰেপ্তাৰ ৬

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.