ETV Bharat / bharat

দিল্লীৰ গণৰাজ্য দিৱসত নাথাকিব পশ্চিমবংগৰ প্ৰতীকপট - Bengal Tableau rejects

Bengal Tableau rejected: কেন্দ্ৰীয় চৰকাৰে পশ্চিমবংগ চৰকাৰৰ কন্যাশ্ৰী প্ৰতীকপটক পুনৰ এবাৰ নাকচ কৰিছে ৷ ২০১৫ আৰু ২০২০ চনতো এই প্ৰতীকপট নাকচ কৰা হৈছিল। ৰাজনৈতিক পক্ষপাতিত্বৰ অভিযোগ বংগ চৰকাৰৰ । বিৰোধী আপৰ শাসন থকা দিল্লী আৰু পাঞ্জাবৰ প্ৰতীকপটো নাকচ কৰিছে ।

Kanyashree tableau rejected again
দিল্লীৰ গণৰাজ্য দিৱসত নাথাকিব পশ্চিমবংগৰ প্ৰতীকপট
author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 4:22 PM IST

নেশ্যনেল ডেস্ক, ২৯ ডিচেম্বৰ : গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পশ্চিমবংগৰ জনসাধাৰণৰ বাবে উদ্বেগজনক খবৰ । দিল্লীৰ ৰাজপথত নাথাকিব ৰাজ্যখনৰ প্ৰতীকপট । কেন্দ্ৰীয় চৰকাৰে পুনৰ এবাৰ পশ্চিমবংগৰ গণৰাজ্য দিৱসৰ কুচকাৱাজৰ বাবে প্ৰেৰণ কৰা প্ৰতীকপট নাকচ কৰিছে । এইবাৰ ৰাজ্যখনৰ প্ৰতীকপট আছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী চৰকাৰৰ 'কন্যাশ্ৰী' আঁচনিৰ ওপৰত । যি আঁচনিয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক প্ৰশংসা লাভ কৰিছে ।

বাল্যবিবাহ বন্ধ কৰিবলৈ, বিদ্যালয়ত ড্ৰপ-আউটৰ হাৰ হ্ৰাস কৰিবলৈ আৰু মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ ২০১২ চনত আৰম্ভ কৰা 'কন্যাশ্ৰী' আঁচনিয়ে বৰ্তমান ৮১ লাখ যুৱতীক লাভান্বিত কৰিছে । আঁচনিখনৰ অধীনত, ৰাজ্যখনৰ অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ ১৩ ৰ পৰা ১৯ বছৰ বয়সৰ কিশোৰীসকলক বৃত্তি প্ৰদান কৰা হৈছে । আঁচনিখনে ইতিমধ্যে ইউনেস্কো আৰু ৰাষ্ট্ৰসংঘৰ পৰা সৰ্বোচ্চ ৰাজহুৱা সেৱাৰ বঁটা লাভ কৰিছে আৰু কেন্দ্ৰৰ পৰাও কেইবাবাৰো শ্ৰেষ্ঠ প্ৰকল্পৰ বঁটা লাভ কৰিছে ।

নবান্ন ৰাজ্যিক সচিবালয়ৰ সূত্ৰৰ মতে 'কন্যাশ্ৰী' প্ৰতীকপটৰ নক্সাৰ অনুমোদনৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হৈছিল । অৱশ্যে, সূত্ৰৰ মতে এই প্ৰতীকপট প্ৰদৰ্শন কৰাৰ বাবে ৰাজ্যখনক সুযোগ নিদিয়াকৈ প্ৰস্তাৱটো পোনপটীয়াকৈ নাকচ কৰা হৈছে । কন্যাশ্ৰী প্ৰতীকপট ৰাজ্য চৰকাৰে ২০১৫ আৰু ২০২০ চনতো প্ৰেৰণ কৰিছিল কিন্তু দুয়োবাৰে কেন্দ্ৰই নাকচ কৰিছিল ।

এতিয়ালৈকে পশ্চিমবংগই প্ৰেৰণ কৰা প্ৰতীকপট ২০১৫, ২০১৭, ২০২০ আৰু ২০২২ চনত নাকচ কৰা হৈছে । ২০২২ চনত কেন্দ্ৰই নেতাজী সুভাষ চন্দ্ৰ বসু আৰু তেওঁৰ ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ ওপৰত ৰাজ্যখনৰ প্ৰতীকপট প্ৰত্যাখ্যান কৰিছিল । তাৰ পিচত মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি এই সিদ্ধান্তটো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাই কৈছিল যে ই পশ্চিমবংগৰ লোকসকলক দুখ দিছে ।

২০২০ চনত ৰাজ্য চৰকাৰে কন্যাশ্ৰী, চেভ গ্ৰীণ আৰু চেভ ক্লিন আৰু 'জল ধৰো, জল ভৰো' নামৰ তিনিটা প্ৰস্তাৱ দাখিল কৰিছিল । অৱশ্যে, তিনিওটা প্ৰস্তাৱে কেন্দ্ৰই প্ৰত্যাখ্যান কৰিছিল । ২০১৭ চনত, কেন্দ্ৰই পশ্চিমবংগৰ 'সম্প্ৰীতিত একতা'ৰ প্ৰতীকপট প্ৰত্যাখ্যান কৰিছিল আৰু বেনাৰ্জীয়ে ৰাজনৈতিক পক্ষপাতিত্বৰ অভিযোগ তুলিছিল । ২০১৫ চনত কন্যাশ্ৰী প্ৰতীকপট কেন্দ্ৰই পুনৰ প্ৰত্যাখ্যান কৰিছিল ।

ইফালে ৰাজ্যৰ কন্যাশ্ৰী প্ৰতীকপট প্ৰত্যাখ্যান কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ গৰিহণা দি মহিলা, শিশু আৰু সমাজ কল্যাণ মন্ত্ৰী শশী পাঞ্জাই কয় যে এই আঁচনিয়ে দেশৰ ভিতৰত আৰু বাহিৰত যথেষ্ট প্ৰশংসা লাভ কৰিছে । তেওঁ সন্দেহ কৰিছে যে কেন্দ্ৰই দেশক বংগৰ সফলতাৰ বিষয়ে জনাবলৈ অনিচ্ছুক আৰু সেয়েহে তেওঁলোকে ইয়াক পেৰেডত অন্তৰ্ভুক্ত কৰাটো নিবিচাৰে ।

দীৰ্ঘদিন ধৰি কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু পশ্চিমবংগৰ মমতা চৰকাৰৰ মাজত মতবিৰোধ দেখা গৈছে । এইবাৰ পুনৰ ৰাজ্যখনৰ প্ৰতীকপট প্ৰত্যাখ্যান কৰি সংঘাতত নতুন ইন্ধন যোগাইছে বুলি দেশবাসীয়ে সন্দেহ কৰিছে । লক্ষণীয়ভাৱে দিল্লী আৰু পাঞ্জাব চৰকাৰৰ প্ৰতীকপটো কেন্দ্ৰই নাকচ কৰিছে । আপ দলটোৱে ইয়াক প্ৰতিশোধমূলক সিদ্ধান্ত বুলি দাবী কৰিছে ।

লগতে পঢ়ক :এতিয়াৰে পৰা মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ৰূপে জনাজাত হ’ব অযোধ্যা বিমানবন্দৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.