ETV Bharat / bharat

Parkash Singh Badal death : বৃহস্পতিবাৰে সম্পন্ন হ’ব প্ৰকাশ সিং বাদলৰ শেষকৃত; চণ্ডীগড় অভিমুখে প্ৰধানমন্ত্ৰী মোদী

author img

By

Published : Apr 26, 2023, 10:55 AM IST

Updated : Apr 26, 2023, 11:58 AM IST

পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলে মংগলবাৰে 95 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৷ পঞ্জাৱৰ মোহালী জিলাৰ ফৰ্টিছ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । আনহাতে, কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে তেওঁৰ জন্ম গাঁও বাদলত দিনৰ ১ বজাত তেওঁৰ শেষ অনুষ্ঠান সম্পন্ন কৰা হ’ব (Parkash Singh Badal Passes Away) ।

Etv Bharat
Etv Bharat

নেশ্যনেল ডেস্ক, 26 এপ্ৰিল : মংগলবাৰে শেষ নিশ্বাস ত্যাগ কৰে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলে ৷ 95 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ প্ৰকাশ সিং বাদলৰ মৃত্যুত শোক প্ৰকাশ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে দুদিনীয়া ৰাষ্ট্ৰীয় শোক । য’ত দুদিনৰ বাবে দেশজুৰি অৰ্ধ পতাকা উৰুওৱা হ’ব, আনহাতে চৰকাৰী মনোৰঞ্জনৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে (Prakash Singh Badal update) ।

প্ৰকাশ সিং বাদলৰ মৃত্যুত শোক প্ৰকাশ কৰি বুধবাৰে ৰাজ্যখনে চৰকাৰী বন্ধৰ দিন আৰু চৰকাৰী সকলো কাৰ্যসূচী বাতিল কৰিছে । একে সময়তে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলৰ মৃত্যুৰ বাবে শিৰোমণি আকালি দলে জলন্ধৰ লোকসভাৰ উপ-নিৰ্বাচনৰ দুদিনীয়া নিৰ্বাচনী কাৰ্যসূচী বাতিল কৰাৰ বিপৰীতে বিজেপিয়ে এদিনৰ বাবে প্ৰচাৰ কাৰ্যসূচী বাতিল কৰিছে (National mourning for Parkash Singh Badal) ।

প্ৰকাশ সিং বাদলে সফলতাৰে অতিক্ৰম কৰিছিল 75 বছৰীয়া ৰাজনৈতিক জীৱন । এই সময়ছোৱাত তেওঁ 5 বাৰ পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল । একেৰাহে 11 টা নিৰ্বাচনত জয়লাভ কৰিছিল প্ৰয়াত প্ৰকাশ সিং বাদলে । যোৱা বছৰ তেওঁ লম্বি সমষ্টিৰ পৰা আসন হেৰুৱাইছিল । অৱশ্যে তাৰ পিছত ৰাজনৈতিকভাৱে তেওঁ বিশেষ সক্ৰিয় দেখিবলৈ পোৱা নগৈছিল । কেন্দ্ৰীয় চৰকাৰৰ কৃষি সংস্কাৰ আইন বিৰোধিতাৰ বাবে বিজেপিৰ সৈতে সম্পৰ্ক ভংগ কৰিছিল শিৰোমণি আকালি দলে । ইয়াৰ পিছত প্ৰকাশ সিং বাদলে চৰকাৰক ঘূৰাই দিছিল পদ্ম বিভূষণ বঁটা (Parkash Singh Badal returns Padam Vibhushan)

প্ৰথমবাৰৰ বাবে প্ৰকাশ সিং বাদল মাত্ৰ 20 বছৰ বয়সত গাঁৱৰ পঞ্চায়ত নিৰ্বাচিত হৈছিল । পঞ্চায়ত নির্বাচিত হোৱাৰ পাচতে লং ব্লক কমিটীৰ সভাপতি নির্বাচিত হয় বাদল ৷ 1957 চনৰ পৰা 2017 চনলৈ পঞ্জাৱ বিধানসভাত প্ৰথমবাৰৰ বাবে 10 টা কাৰ্যকালৰ বাবে লম্বীক প্ৰতিনিধিত্ব কৰিছিল যদিও ৯৪ বছৰ বয়সত বিগত নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল (betrayal of farmers)।

কেন্দ্ৰীয় ৰাজনীতিত বেছি দিন সক্ৰিয় হৈ নাথাকিল প্ৰকাশ সিং বাদল । 1977 চনৰ মাৰ্চ মাহত যেতিয়া মোৰৰাজী দেশাইৰ জনতা পাৰ্টি চৰকাৰ কেন্দ্ৰত গঠন হৈছিল, তেতিয়া প্ৰকাশ সিং বাদলক কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নিযুক্তি দিয়া হৈছিল । কিছুদিনৰ পাছত তেওঁ লোকসভালৈও নিৰ্বাচিত হয় । কিন্তু পৰৱৰ্তী সময়ত তেওঁ কেন্দ্ৰীয় মন্ত্ৰী পদ এৰিলে আৰু গভীৰভাৱে সোমায় পৰিল ৰাজ্যখনৰ ৰাজনীতিৰ সৈতে (Parkash Singh Badal news update) ।

প্ৰয়াত বাদল আছিল দেশৰ ৰাজনীতিৰ এগৰাকী বৰ্ষীয়ান নেতা । বুধবাৰৰ পুৱা 10 বজাৰ পৰা নিশা 12 বজালৈ অন্তিম দৰ্শনৰ বাবে প্ৰকাশ সিং বাদলৰ মৃতদেহ চণ্ডীগড় চেক্টৰ 28 ৰ শিৰোমণি আকালি দলৰ কাৰ্যালয়ত ৰখা হ’ব । আনহাতে, কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে তেওঁৰ জন্ম গাঁও বাদলত দিনৰ 1 বজাত তেওঁৰ শেষ অনুষ্ঠান সম্পন্ন কৰা হ’ব । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 95 বছৰ (Prakash Singh Badals funeral) ৷

উল্লেখ্য যে, বৰ্ষীয়ান নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যৰে পঞ্জাৱ অভিমখে ৰাওনা হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi) ৷

লগতে পঢ়ক : Palash Moran missing case: অৰুণাচলৰ আপাৰ চিংহাঙত উদ্ধাৰ আলফা কেডাৰ পলাশ মৰাণৰ মৃতদেহৰ অৱস্থিতি

Last Updated : Apr 26, 2023, 11:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.