ETV Bharat / bharat

তৃতীয় লিংগৰ ব্যক্তিৰ সংৰক্ষণ, সুৰক্ষা আৰু পুনৰ্সংস্থাপনৰ বাবে কেন্দ্ৰৰ নিৰ্দেশ

তৃতীয় লিংগৰ লোকৰ কল্যাণ আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য় ৰাখি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সম্প্ৰদায়টোৰ সংৰক্ষণ, সুৰক্ষা আৰু পুনৰ্সংস্থাপনৰ বাবে তৃতীয় লিংগৰ ব্যক্তি (অধিকাৰ সুৰক্ষা) নিয়ম ২০২০ বলবৎ কৰিবলৈ নিৰ্দেশ দিয়ে।

author img

By

Published : Jan 23, 2021, 10:09 PM IST

তৃতীয় লিংগৰ ব্যক্তিৰ সংৰক্ষণ, সুৰক্ষা আৰু পুনৰ্সংস্থাপনৰ বাবে কেন্দ্ৰৰ নিৰ্দেশ
তৃতীয় লিংগৰ ব্যক্তিৰ সংৰক্ষণ, সুৰক্ষা আৰু পুনৰ্সংস্থাপনৰ বাবে কেন্দ্ৰৰ নিৰ্দেশ

নিউজ ডেস্ক , ২৩ জানুৱাৰী : তৃতীয় লিংগৰ লোকৰ কল্যাণ আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য় ৰাখি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সম্প্ৰদায়টোৰ সংৰক্ষণ, সুৰক্ষা আৰু পুনৰ্সংস্থাপনৰ বাবে তৃতীয় লিংগৰ ব্যক্তি (অধিকাৰ সুৰক্ষা) নিয়ম ২০২০ বলবৎ কৰিবলৈ নিৰ্দেশ দিয়ে। এই আইনখনৰ জৰিয়তে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক তৃতীয় লিংগৰ ব্যক্তিৰ কল্যাণৰ বাবে পৰ্যাপ্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । লগতে এজন ব্যক্তিৰ সংৰক্ষণ, সুৰক্ষা আৰু পুনৰ্সংস্থাপনৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'বলৈও কোৱা হৈছে এই আইনৰ জৰিয়তে ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ মহিলা সুৰক্ষা বিভাগে জনোৱা মতে যে আইনৰ ধাৰা ১৮ ৰ অধীনত, যদি কোনোৱে এজন তৃতীয় লিংগৰ ব্যক্তিক চৰকাৰৰ দ্বাৰা আৰোপ কৰা ৰাজহুৱা উদ্দেশ্যৰ বাবে যিকোনো বাধ্যতামূলক সেৱাৰ বাহিৰে আন কোনো বাধ্য় বাধকতাৰে শ্ৰমিকৰ কামত লিপ্ত হ'বলৈ বাধ্য বা প্ৰলোভিত কৰে তেন্তে এইটো এক শাস্তিযোগ্য অপৰাধ হব ।

গৃহ মন্ত্ৰালয়ৰ উপ সচিব পৱন মেহতাৰ দ্বাৰা স্বাক্ষৰিত পত্ৰত কোৱা হৈছে যে তৃতীয় লিংগৰ ব্যক্তিৰ মানসিক বা শাৰীৰিক অত্য়াচাৰ, মৌখিক আৰু আৱেগিক উৎপীড়ন আৰু অৰ্থনৈতিক উৎপীড়ন কৰাকে ধৰি কাম কৰে তেনেহলে বিশেষ ব্য়ৱস্থা লোৱা হ'ব । পত্ৰখনত আৰু কোৱা হৈছে যে নিয়ম ১১ৰ অধীনত প্ৰতিখন জিলাত জিলা দণ্ডাধীশৰ দায়িত্বত এটা ট্ৰেঞ্চজেণ্ডাৰ সুৰক্ষা কোষ স্থাপন কৰা আৰু আৰক্ষী সঞ্চালকৰ অধীনত ৰাজ্যিক পৰ্যায়ৰ কোষ স্থাপন কৰা, ৰূপান্তৰকামী ব্যক্তিসকলৰ বিৰুদ্ধে অপৰাধৰ গোচৰনি নিৰীক্ষণ কৰা আৰু এনে অপৰাধৰ সময়মতে পঞ্জীয়ন, তদন্ত আৰু গোচৰ কৰা নিশ্চিত কৰা হ'ব ।

গৃহ মন্ত্ৰালয়ে ৰাজ্যৰ মুখ্য সচিবসকলক আইনৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা আৰম্ভ কৰিবলৈ আৰু আৰক্ষী লগতে কাৰাগাৰ কতৃপক্ষৰ বাবে প্ৰয়োজনীয় সংবেদনশীলতা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

লগতে পঢ়ক :বালাচাহেবৰ জন্মবাৰ্ষিকীত শিৱসেনালৈ বিশেষ বাৰ্তা বিৰোধী নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.